Saturday, April 20, 2024
HomeARTICLEশৈক্ষিক জৈৱ–বৈচিত্ৰ্যৰ এখন উপবন

শৈক্ষিক জৈৱ–বৈচিত্ৰ্যৰ এখন উপবন

প্ৰকাশিত তাৰিখঃ ২৫ জানুৱাৰী, ২০২১

কল্প ৰঞ্জন গগৈ

গুৱাহাটীৰ পৰা প্ৰায় বিশ কিলোমিটাৰ পশ্চিমে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান কোঠ পথত বিমানকোঠ নৌপাওঁতে এখন ব্যক্তিগত উদ্যান শস্যৰ উপবন যোৱা ১৬ ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। উপবন খন ছাত্ৰ–ছাত্ৰীসকলৰ প্ৰতি উৎসৰ্গীকৃত এখন জৈৱ বৈচিত্ৰ্যৰ উদ্যান য’ত এজন মানুহৰ একক প্ৰচেষ্টাৰে শতাধিক প্ৰজাতিৰ উদ্ভিদ সংগ্ৰহ কৰি কৰ্ষণ কৰা হৈছে। ড নলীন কুমাৰ মহন নামৰ বিজ্ঞানীজনে ২০০৫ চনৰে পৰা কামটো আৰম্ভ কৰি ১৬ বছৰৰ মুৰত ইয়াক পূৰ্ণাংগ ৰূপ দিবলৈ সক্ষম হৈছে। ওচৰতে থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানীৰূপে ৩০ নৱেম্বৰ ২০০৭ চনত মহনদেৱে অৱসৰ গ্ৰহণ কৰিছিল। সঁচা অৰ্থত মহনদেৱে চাকৰিকালত মনতে পুহি ৰখা সপোনটো সাকাৰ ৰূপ দিবলৈ একক প্ৰচেষ্টাত নিৰৱচ্ছিন্নভাৱে উদ্ভিদৰ প্ৰজাতিবোৰ সংগ্ৰহ কৰি তাক পদ্ধতিগতভাৱে ৰোপন কৰা ১৪ বছৰ হ’ল। চাকৰিকালৰ অৱসৰৰ ওচৰ চপা কালছোৱাত গৱেষণা কেন্দ্ৰৰ পৰা কিছু দূৰৰ পিতনি এডৰা কিনি তাক বাসোপযোগী কৰিবলৈ ১৯৯২–১৯৯৫ চনলৈ তিনি বছৰ সময়ৰ প্ৰয়োজন হৈছিল। তেতিয়াৰেপৰা পৰা ২০০৫লৈ চাকৰিৰ সমান্তৰালভাৱে অৱসৰৰ পাছৰ কালছোৱা কটাবলৈ ২০০৫ চনত নিজৰ বিভাগীয় আৱাস এৰি তাত বসবাস কৰাৰ লগতে অৱসৰৰ পিছত ২০০৭ চনৰ পৰা উপবনখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। উপবনখন নিৰ্মাণৰ লগতে সমান্তৰালভাৱে দুটা কাম আৰম্ভ কৰে।

ক) ওচৰৰ ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতীয় গাঁওকেইখনৰ দৰিদ্ৰ পৰিয়ালৰ একোগৰাকী ছোৱালীক বিনামূলীয়াকৈ নিজৰ ঘৰতে শিক্ষিত কৰি উচ্চ শিক্ষাৰ বাবে প্ৰস্তুত কৰা।

খ) ওচৰৰে জনজাতীয় গাঁওকেইখনৰ আৰ্থসামাজিক বিকাশৰ বাবে তাৰ মাতৃসকলক শিক্ষিত সচেতন কৰি তোলা আৰু লগতে তাৰ ডেকাচামক বিকল্প অৰ্থনৈতিক কাৰ্যসূচী লৈ স্বনিৰ্ভৰশীল হোৱাৰ বাবে উদগনি যোগোৱা।

এইখিনিতে উল্লেখ কৰিবলগীয়া কথা যে, অসম কৃষি বিশ্ব বিদ্যালয়ৰ অন্তৰ্গত কাঁহিকুছিত তেতিয়া দুটা অনুষ্ঠান আছিল–

ক) উদ্যান শস্য গৱেষণা কেন্দ্ৰ য’ত বহুতৰপীয়া উচ্চঘনত্ব শস্য পদ্ধতি Multiforayed Hi–density Cropping System, সমন্বিত কৃষি পদ্ধতি Integrated Farming System, আদি তাকৰীয়া মাটিত নিবিড়ভাৱে অধিক উৎপাদনৰ বাবে কৃষি পদ্ধতিৰ ক্ষেত্ৰত গৱেষণা কৰা হয়।

খ) কৃষি বিভাগৰ তৃণমূলৰ কৃষি সম্প্ৰসাৰণ কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা।

বৰ্তমানে ইয়াৰ ঠাই কামৰূপ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰই লৈছে য’ত সমন্বিত কৃষি পদ্ধতিৰ Integrated Farming System অৰ লগতে ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে উপযোগী অৰ্থনৈতিকভাৱে লাভদায়ক– Viable কম খৰচৰ প্ৰযুক্তি– Low cost as well as appropriate Technology গৱেষণাগাৰৰ পৰা কৃষকৰ পথাৰলৈ সম্প্ৰসাৰণৰ কাৰ্যসূচী লোৱা হৈছে।

মহনে এই দুয়োটা প্ৰতিষ্ঠানৰে মৰ্মবস্তু content এককভাৱে আৰু নিবিড়ভাৱে আগবঢ়াই লৈ যোৱা বাবে সকলোৰে উৰ্দ্ধৰ এই ব্যক্তিজনে এক ফলপ্ৰসু Fruitfull and purposive জীৱন যাপন কৰিছে।

ইয়াৰ বিপৰীতে উপবনখনত ভাড়াঘৰ বা দোকান ভাড়া দিয়া মানুহ হোৱা হ’লে আমি পৰম্পৰাগত চিন্তাৰ অৰ্থনৈতিকভাৱে লাভান্বিত অৱসৰপ্ৰাপ্ত এজন ব্যক্তি পালোহেতেন। আজি তাৰ বিপৰীতে আজাৰা–ৰাণী অঞ্চলে পাইছে এজন প্ৰকৃত ‘সমাজমুখী বিজ্ঞানী’ যি পুৰণি পৰম্পৰাৰ ঠাইত নতুন পৰম্পৰা গঢ়িবলৈ ইচ্ছুক।

একেসময়তে ড মহনে ওচৰৰৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও বিভিন্ন কাৰ্যসূচী হাতত লৈছে।

নকলে ভুল হ’ব, পাপেও চুব, ড মহনৰ এই প্ৰচেষ্ঠাৰ প্ৰথম বুদ্ধিদাতা লগতে সহায়িকা হ’ল তেখেতৰ অৰ্দ্ধাংগিনী শ্ৰীমতী অঞ্জু গগৈ মহন। তেখেত এগৰাকী শিক্ষয়িত্ৰী আছিল কিন্তু পাঠ্যক্ৰমৰ মাজতেই আৱদ্ধ থকা নাছিল। ড মহনৰ এই সম্প্ৰসাৰিত Extended and expanded কাৰ্যসূচীৰ আঁচনিক কাৰ্যত পৰিণত কৰাত সম্পূৰ্ণ সহায়ৰ হাত আগবঢ়াইছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

(লেখক অসম চৰকাৰৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া)

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward