Saturday, April 20, 2024
HomeNEWSদক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱঃ মহাৰজত জয়ন্তী উপলক্ষে বিশেষ কাৰ্যসূচী

দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱঃ মহাৰজত জয়ন্তী উপলক্ষে বিশেষ কাৰ্যসূচী

প্ৰকাশিত তাৰিখঃ ৪ নৱেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ অহা ৮ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে এঘাৰদিনীয়াকৈ পালন কৰিব। ৭৬ সংখ্যাত ভৰি দিয়া পলাশবাৰী ৰাস মহোৎসৱ ১৯৪৭ চনত স্থাপিত হৈছিল। সেয়ে এইবাৰ ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তী উপলক্ষে ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰিছে। প্ৰায় ৬০লাখ টকা ব্যয় সাপেক্ষ ৰাস মহোৎসৱত মৃণ্ময় মুৰ্তিৰ ৪৫টা ষ্টল আটক ধুনীয়াকৈ সজাই তোলাৰ লগতে ১৯টা ষ্টলত বৈদ্যুতিক সংযোগ স্থাপন কৰিব। উল্লেখ্য যে, স্থানীয় কাৰিকৰী কলা–কুশলীৰ দ্বাৰা ৰাস মহোৎসৱৰ সকলোবোৰ কাম কাজ সম্পাদন কৰিছে। ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি মণিময় কৰ আৰু যুটীয়া সাধাৰণ সম্পাদক অৰূপ দাস, পংকজ দাসে জনোৱা মতে– মহাৰজত জয়ন্তী উপলক্ষে ৭৫খন পতাকা উত্তোলন কৰিব আৰু ৰাস মহোৎসৱত জন্ম লগ্নৰে পৰা জড়িত থকা সকলক সম্বৰ্ধনা জ্ঞাপন কৰিব। লগতে যিসকল সদস্য স্বৰ্গগামী হৈছে তেওঁলোকৰ পৰিয়ালবৰ্গৰ সদস্যক এই সম্বৰ্ধনা জ্ঞাপন কৰিব।

ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰথম দিন ৮ নৱেম্বৰ মংগলবাৰে পুৱাৰ ভাগৰ প্ৰথম কাৰ্যসূচীত পতাকা উত্তোলন কৰিব ৰাস মহোৎসৱ সমিতিৰ সভাপতি মণিময় কৰ আৰু উপ–সভাপতি লক্ষ্মী কাকতিয়ে বন্তি প্ৰজ্বলন কৰিব। ইয়াৰ পিছৰ স্মৃতি তৰ্পন, পূজা অৰ্চনাকে আদিকৰি বিভিন্ন কাৰ্যসূচী একাদিক্ৰমে অব্যাহত থাকিব। সন্ধিয়া মহোৎসৱৰ উদ্বোধকক লগত লৈ ভাগৱত শোভাযাত্ৰা। বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওঁগে ৰাস মহোৎসৱ উদ্বোধনৰ পিছত ভাগৱত প্ৰতিষ্ঠা কৰা হ’ব। সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ উদ্বোধন কৰিব অসম সাহিত্য সভাৰ উপ–সভাপতি মৃনালিনী দেৱীয়ে। উক্ত সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লী, কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ ৰয়, পলাশবাৰী ৰাজহ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি পাঠক আদিয়ে। লগতে উক্ত মঞ্চতে বিশিষ্ট অভিনেতা ভৱানী কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰিব।

৯ নৱেম্বৰৰ সন্ধিয়া সতীৰ্থ সন্মিলন আৰু দিহা নাম প্ৰতিযোগিতা উদ্বোধন কৰিব পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতাই। বন্তি প্ৰজ্বলন কৰিব পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱেন্দ্ৰ ব্ৰহ্মই।

১০ নৱেম্বৰৰ সন্ধিয়া শিশু কৃষ্ঞ প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰিব পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। বন্তি প্ৰজ্বলন কৰিব অসম ৰাজ্যিক কৃষি বিপনন পৰিষদৰ উপাধ্যক্ষ জয়ন্ত ডেকাই লগতে গুৱাহাটী মহকুমা বজাৰ সমিতিৰ অধ্যক্ষ প্ৰণৱ কলিতাই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব।

১১ নৱেম্বৰৰ সন্ধিয়া ড ভূপেন হাজৰিকাদেৱলৈ একাঁজলী শ্ৰদ্ধা নিবেদন কৰিব লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰিছে। সংগীত প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰিব উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আৰু বন্তি প্ৰজ্বলন কৰিব প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীয়ে।

১২ নৱেম্বৰৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই আৰু বন্তি প্ৰজ্বলন কৰিব উপ–আৰক্ষী অধীক্ষক হিতেশ ঠাকুৰীয়াই।

১৩ নৱেম্বৰত সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব পৌৰ প্ৰশাসন মন্ত্ৰী অশোক সিংঘালে আৰু বন্তি প্ৰজ্বলন কৰিব ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই।

১৪ নৱেম্বৰৰ সন্ধিয়া ধৰ্মালোচনী সভাত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে মুখ্য বক্তা আৰু আলোচকৰূপে উপস্থিত থাকিব ইস্কন নামহত্তৰ সঞ্চালক কৰুণাময় চৈতন্য দাসে। উক্ত সভাৰ মঞ্চ মুকলি কৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বন্তি প্ৰজ্বলন কৰিব উত্তৰ পূব ছাত্ৰী সংগঠনৰ সভানেত্ৰী মুনমী দত্তই। নিশা সাংস্কৃতিক কাৰ্যসূচীত নিমন্ত্ৰিত শিল্পীসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিব।

১৫ নৱেম্বৰৰ সন্ধিয়া আয়োজন কৰিছে লোক সংস্কৃতি উৎসৱ। এই উৎসৱত স্থানীয় শিল্পীসকলে পৰিবেশন কৰিব ভিন্নৰঙী অনুষ্ঠানৰ। এই সাংস্কৃতিক অনুষ্ঠানটি মুকলি কৰিব শিক্ষামন্ত্ৰী ডা ৰণোজ পেগুৱে আৰু বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট অভিনেতা চম্পক শৰ্মাই।

১৬ নৱেম্বৰৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু যাত্ৰাভিনয়। অনুষ্ঠানটি মুকলি কৰিব পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আৰু বন্তি প্ৰজ্বলন কৰিব সমাজকৰ্মী পংকজলোচন গোস্বামীয়ে। ১৭ নৱেম্বৰৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰিব কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই আৰু বন্তি প্ৰজ্বলন কৰিব খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডা কমলা কলিতাই।

১৮ নৱেম্বৰৰ সন্ধিয়া সামৰণি সভা আৰু সাংস্কৃতিক অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব জলসম্পদ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব ক্ৰমে– কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ, সমাজকৰ্মী ফণী শৰ্মা, প্ৰশান্ত মহন্ত আৰু যুৱনেতা হিমাংশু শেখৰ বৈশ্যই। বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামী, সমাজকৰ্মী তপন দাস আৰু আছুৰ কাৰ্যালয় সম্পাদক নিৰোদ দাসে উপস্থিত থাকিব।

ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward