Friday, March 29, 2024
HomeNEWSপাথাৰকান্দি থানাৰ পৰিদৰ্শক সমৰজিৎ বসুমতাৰীলৈ অসম আৰক্ষীৰ সাহসিকতাৰ বিশেষ স্বৰ্ণ পদক

পাথাৰকান্দি থানাৰ পৰিদৰ্শক সমৰজিৎ বসুমতাৰীলৈ অসম আৰক্ষীৰ সাহসিকতাৰ বিশেষ স্বৰ্ণ পদক

প্ৰকাশিত তাৰিখঃ ২ নৱেম্বৰ, ২০২২

চানডুবি নিউজ ডেস্ক –

০ ৩১ অক্টোবৰৰ ঘটনা।

০ অসমৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি থানাৰ অন্তৰ্গত এখন গভীৰ নদী লংগাই।

০ এই নদীখনৰ গভীৰ পানীত জাপ দিয়া মোহন তাঁতী নামৰ প্ৰায় ৪৩ বছৰীয়া লোক এজনক উদ্ধাৰ কৰিছিল।

০ উদ্ধাৰকাৰীজন হ’ল অসম আৰক্ষীৰ এজন বিষয়া তথা পাথাৰকান্দি থানাৰ পৰিদৰ্শক সমৰজিৎ বসুমতাৰী।

০ উল্লেখ্য যে, ঘটনাৰ সময়ত ষট পূজা চলি আছিল।

০ এই পূজাত নিৰাপত্তাৰ দায়িত্ব পালন কৰি আছিল সমৰজিৎ বসুমতাৰী।

০ সেই সময়তে এজন কনিষ্টবলে এই সংবাদটো দিয়াত বসুমতাৰী ততালিকে সেই ঠাইলৈ গৈছিল।

০ ঘটনাস্থলীত বহু লোকৰ সমাগম ঘটিছিল।

০ মানুহজনক উদ্ধাৰৰ বাবে পৰিদৰ্শকগৰাকীয়ে ৰাইজক খাটনি ধৰিছিল।

০ যদিও– লোকজনক উদ্ধাৰৰ বাবে কোনেও আগবঢ়া নাছিল।

০ অৱশেষত পৰিদৰ্শক বসুমতাৰীয়ে এজন লোকৰ পৰা গামোচা এখন খুজি লৈ ততালিকে নিজৰ সাজ–পোছাক যোৰ খুলি নদীত জাপ দি মানুহজনক উদ্ধাৰ কৰি পাৰলৈ লৈ আহে।

০ এই কাৰ্যৰ বাবে পৰিদৰ্শক বসুমতাৰীক অসম আৰক্ষীৰ ডিজিপিয়ে সাহসিকতাৰ বিশেষ স্বৰ্ণ পদকেৰে পুৰস্কৃত কৰে।  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward