Monday, December 23, 2024
HomeNEWSচানডুবি বিলৰ পিটনিত জুই, নিশ্চিতভাৱে মৃত্যু ঘটিব দূষ্প্ৰাপ্য প্ৰাণীৰ

চানডুবি বিলৰ পিটনিত জুই, নিশ্চিতভাৱে মৃত্যু ঘটিব দূষ্প্ৰাপ্য প্ৰাণীৰ

প্ৰকাশিত তাৰিখঃ ৩ মে’, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

ঐতিহাসিক চানডুবি বিলৰ পিটনিত দপ্‌দপাই জুই জ্বলি উঠিছে। উল্লেখ্য যে, বিলখনৰ চাৰিও দিশত অসংখ্য পিটনি আছে। চানডুবি উৎসৱ উদ্‌যাপন কৰা মুল মঞ্চৰ পিছফালে থকা দুটাকৈ পিটনিত ২ মে’ৰ দিনৰ ভাগত লেথাৰি নিছিগাকৈ জুই জ্বলি আছিল। পিটনিত লগা এই জুই নিৰ্বাপন হোৱাৰ কোনো লক্ষণ নাই। সাধাৰণতে মাৰ্চ মাহত বনাঞ্চল সমূহত জুই জ্বলে। ইতিমধ্যে চানডুবিৰ কাষৰীয়া মায়ং পাহাৰ, পাচঁৰাণী পাহাৰ, ছাগলছাৰী পাহাৰৰ শুকান ডাল–পাতত বনজুই জ্বলা কাৰ্য শেষ হৈ উঠিছিল। যদিও– অতিপাত খৰাঙৰ বাবে গছ–গছনিৰ ডাল–পাত সমূহ পুনৰ শুকান হৈ উঠিছে। যাৰ ফলত বতৰে শুকান কৰি তোলা একেটা অঞ্চলৰ বন–বননি সমূহত পুনৰ জুই জ্বলিবলৈ আৰম্ভ কৰিছে।

উল্লেখনীয় যে, পিটনি সমূহ হ’ল বিল–জলাশয়ৰ এক চহকী সম্পদ। জৈৱ–বৈচিত্ৰ্য নিয়ন্ত্ৰণত পিটনি সমূহেও মুখ্য ভূমিকা পালন কৰে। জৈৱ–বৈচিত্ৰ্য নিয়ন্ত্ৰণৰ বাবে বিল–জলাশয়ৰ সংৰক্ষণৰ দাবীত ইতিমধ্যে বিশ্বজুৰি আন্দোলন আৰম্ভ আছে।তেনে সময়ত বিভিন্ন প্ৰাণীৰ বাসস্থান চানডুবি বিলৰ পিতনি সমূহত জুই জ্বলি উঠা কাৰ্য জৈৱ–বৈচিত্ৰ্যৰ প্ৰতি শুভদায়ক নহয়। নিশ্চিতভাৱে এই জুইৰ ফলত বিলখনৰ পিতনি সমূহত বসবাস কৰা অসংখ্য দূষ্প্ৰাপ্য প্ৰজাতি প্ৰাণীৰ মৃত্যু ঘটিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward