প্ৰকাশিত তাৰিখঃ ২ এপ্ৰিল, ২০১৮
চি এন ডেক্স –
চিপ্কো মানে হ’ল সাৱতি ধৰা (মূল হিন্দী শব্দ)। কাটিব ধৰা গছক সাৱতি ধৰি ৰক্ষা কৰিছিল। প্ৰকৃতি সুৰক্ষাৰ প্ৰতি জগতজুৰি খ্যাতি লভা এই আন্দোলনটোৰ নামেই হ’ল চিপ্কো আন্দোলন। সম্প্ৰতি এই চিপ্কো আন্দোলনে ৪৫টা বৰ্ষ অতিক্ৰম কৰিলে।
চিপ্কো আন্দোলনৰ প্ৰথম সূচনা হয় ১৯৭২ চনত উত্তৰাখণ্ড (অবিভক্ত উত্তৰ প্ৰদেশ)ৰাজ্যৰ তেহৰি–গাড়োৱাল জিলাত। জিলাখনৰ ৰেণী নামৰ গাঁওখনৰ কাষত আছিল এক বিশাল বনাঞ্চল। সেই বনাঞ্চলৰ গছ কটাৰ বাবে চৰকাৰী অনুজ্ঞাপত্ৰ লাভকৰা ঠিকাদাৰজনৰ সহযোগী এজন ৰেণী গাঁৱখনত উপস্থিত হৈছিল। গাঁৱখনৰ মানুহবোৰৰ জীৱিকা, গৰু–ম’হৰ খাদ্য আহৰণৰ একমাত্ৰ থ’ল আছিল সেই বনাঞ্চলখন। সেইখন বনাঞ্চলৰ গছ কাটিব বিছৰাত গাঁৱৰ মানুহবোৰ প্ৰতিবাদ মুখৰ হৈ পৰিছিল। উক্ত গাঁৱৰ গৌৰী দেৱী নামৰ সাহসী মহিলাগৰাকীৰ নেতৃত্বত ২৭ গৰাকী মহিলাৰ দ’ল এটাই ঠিকাদাৰৰ মানুহে বনাঞ্চলৰ গছ কটা কাৰ্য্যৰ তীব্ৰ প্ৰতিবাদ কৰিছিল যদিও তেনে প্ৰতিবাদলৈ কোনো ভ্ৰূক্ষেপ কৰা নাছিল ঠিকাদাৰৰ মানুহে। কিন্তু প্ৰতিবাদী মহিলাসকলেও নিজৰ মতত অলৰ–অচৰ। প্ৰতিগৰাকী মহিলাই একোডাল গছক সাৱটি ধৰি গছ কটা কাৰ্য প্ৰতিৰোধ কৰিব বিছাৰিছিল। এই সংবাদে মহুৰ্ততে ওচৰ–পাঁজৰৰ গাঁৱসমূহত বিয়পি পৰাত পিচদিনা অজস্ৰ মানুহ গোটখাই গছ কটা কাৰ্যৰ বিৰোধিতা কৰাত ঠিকাদাৰ বাধ্য হৈছিল গছ কটা বন্ধ কৰিবলৈ।
জিলাখনৰ ৰেণী গাঁৱত আৰম্ভ কৰা এই আন্দোলনে উত্তৰাখণ্ডৰ নাইনিতাল, আলমোৰা, ডেৰাডুন, পিথোৰগড়, উত্তৰ কাশী, ছামলি আৰু পুৰাই জিলালৈকে দ্ৰুতগতিত সম্প্ৰসাৰণ হ’ল।
সুন্দৰলাল বহুগুণাৰ নেতৃত্বত তেহৰি অঞ্চলত আৰম্ভ কৰা চিপ্কো আন্দোলনে ১৯৭৮ চনত ব্যাপক ৰূপ ধাৰণ কৰিছিল। গাড়োৱাল জিলাৰ বিভিন্ন গাঁৱত এই আন্দোলনে ব্যাপক বিস্তৃতি লাভ কৰিলে। ফলস্বৰূপে সেই গাঁৱৰ অৰণ্য সমূহত থকা গছবোৰক মহিলাসকলে সাৱটি ধৰি ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল।
চিপ্কো আন্দোলনৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাইজৰ মাজত প্ৰচাৰ চলোৱাত পৰৱৰ্তী পৰ্যায়ত পৰিৱেশ আৰু বন সংৰক্ষণৰ আন্দোলনৰ ৰূপ লয়। ক্ৰমাগতভাৱে এই আন্দোলন ৰাইজৰ অতি আপোন পৰিৱেশ আন্দোলন হৈ উঠাত হিমালয়ৰ পাদদেশ অঞ্চলত চিপ্কো আন্দোলনৰ বাণী বিয়পি পৰিল।
১৯৮০ চনত আন্দোলনকাৰীৰ প্ৰতিবাদত হিমালয়ৰ পাদদেশৰ বনাঞ্চল ধ্বংস ৰোধ কৰিবলৈ বাধ্য হৈ পৰে সেই সময়ৰ কংগ্ৰেছ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে। লগতে বন সুৰক্ষা আইন প্ৰণয়ন কৰিবলৈও দাবী জনোৱাৰ পৰিপ্ৰেক্ষিতত আন্দোলনকাৰীৰ দাবীত নতশিৰ হৈ কেন্দ্ৰীয় চৰকাৰে পৰিৱেশ মন্ত্ৰালয় খুলিবলৈ বাধ্য হৈছিল।
চিপ্কো আন্দোলনক দেশৰ লেখক–বুদ্ধিজীৱী, সমাজ সচেতক সকলে সমৰ্থন আগবঢ়াইছিল। আন্দোলনৰ নেতৃত্ব বহনকাৰী সুন্দৰলাল বহুগুণাৰ কাম–কাজত উৎসাহিত হৈ দেশ–বিদেশৰ বহু লোকে পিচৰ পৰ্যায়ত পৰিৱেশ সম্পৰ্কীয় সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁৰ পৰা মূল্যৱান দিহা–পৰামৰ্শ গ্ৰহণ কৰিছে।
বৰ্তমান অসমত চলি আছে বনজ সম্পদ ধ্বংসৰ এক অঘোষিত প্ৰতিযোগিতা। যি সংখ্যক বনাঞ্চল আছে ধ্বংসৰ প্ৰকোপত আৰু কেইবছৰমান পিচত সেই বনাঞ্চল নাথাকে সেয়া অতি স্পষ্ট। সেয়ে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ ৰাজ্যতো চিপ্কোৰ দৰে এক আন্দোলন গঢ়ি তোলাৰ প্ৰয়োজন আহি পৰিছে। যি আন্দোলনে বন ধ্বংসকাৰীক প্ৰতিহত কৰি প্ৰকৃতি সুৰক্ষা কৰিব পাৰে তেনেধৰণৰ আন্দোলন অতি সোণকালে অসমত আৰম্ভ হওক।
শিৰোনামৰ ফটোঃ গুগল ইমেজেজ