Wednesday, April 24, 2024
Homeবাতৰিহাতীৰ প্ৰাণৰক্ষাঃ ৰে’ল চালককেইজনক বঁটাৰ বাবে মনোনীত  

হাতীৰ প্ৰাণৰক্ষাঃ ৰে’ল চালককেইজনক বঁটাৰ বাবে মনোনীত  

প্ৰকাশিত তাৰিখঃ ২৬ মাৰ্চ, ২০১৮

চি এন ডেক্স

অসমৰ ৰে’লপথ সমূহত হাতীৰ মৃত্যুৰ ঘটনাই ভয়ংকৰ ৰূপ লৈছে। তেনে সময়তে ৰে’লপথ অতিক্ৰম কৰিব  ধৰা বনৰীয়া হাতী এটা ৰে’ল চালকৰ তৎপৰতাত নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰা খবৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ঘটনাটিত সন্তুষ্টি প্ৰকাশ কৰিছে ৰে’ল বিভাগেও।

ঘটনাটো যোৱা ২২ মাৰ্চৰ। শিলঘাট–গুৱাহাটী অভিমুখী ৰে’লখন ৫৪ কিলোমিটাৰ গতিবেগত চলি আছিল। ৰে’লখনে জখলাবন্ধাৰ পৰা কিছু দূৰ অতিক্ৰম কৰাৰ পিচত ৬৫ মিটাৰ দূৰত এটি বনৰীয়া হাতীয়ে ৰে’ল লাইন পাৰ হৈ থকা দেখা পায় চালককেইজনে। চালককেইজনে ততালিকে জৰুৰীকালীন ব্ৰেক ব্যৱহাৰ কৰাত  হাতীটোক খুন্দা মাৰিবলৈ আৰু ২৫ মিটাৰ বাকী থকা অৱস্থাত ৰে’লখন নিৰাপদে ৰখাবলৈ সক্ষম হয়। চালককেইজনৰ আপ্ৰাণ চেষ্টাত হাতীৰ প্ৰাণ ৰক্ষা পৰিল যদিও খঙাল হৈ পৰা হাতীটোৱে ওলোটাই ৰে’লখনৰ পিনে চোঁচা লয়।

প্ৰশংসিত চালককেইগৰাকী ক্ৰমে– কনক চন্দ্ৰ নাথ (ল’ক’ পাইলট) ৰবিৰঞ্জন কুমাৰ (এছিচটেণ্ট ল’ক’ পাইলট), অৰুণ ৰাভা (গাৰ্ড)। তেওঁলোকে প্ৰকাশ কৰামতে, এই অঞ্চলটো হাতী অহা–যোৱা কৰা দণ্ডি বুলি এতিয়াও চিনাক্ত কৰা নাই। তদুপৰি হাতীৰ উপস্থিতিৰো কোনো খবৰ লাভ কৰা নাছিল তেওঁলোকে।

আটাইকেইজনকে পুৰস্কাৰৰ বাবে মনোনীত কৰা বুলি উত্তৰ–পূব সীমান্ত ৰে’লৱে’ৰ মালিগাঁৱস্থিত মহাপ্ৰৱন্ধকে প্ৰকাশ কৰিছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward