Friday, April 19, 2024
Homeবাতৰিৰে’ল আলিত মৃত্যু হিমালয়ান গ্ৰীফ’ন প্ৰজাতিৰ শগুণ

ৰে’ল আলিত মৃত্যু হিমালয়ান গ্ৰীফ’ন প্ৰজাতিৰ শগুণ

প্ৰকাশিত তাৰিখঃ ২ এপ্ৰিল, ২০১৮

চি এন ব্যুৰ’

ৰে’ল আলিত হাতীয়েই নহয় বৰ্তমান শগুণৰ মৃত্যুৰ সংখ্যাও বাঢ়িছে। শগুণ সুৰক্ষাৰ ক্ষেত্ৰত যদি ৰে’ল বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে অনাগত দিনবোৰত শগুণৰ মৃত্যুই এক ভয়াৱহ ৰূপ ল’ব। তেনে এটি কৰুণ ঘটনা সংঘটিত হ’ল যোৱা ৩১ মাৰ্চ শনিবাৰে।

জানিব পৰামতে, দক্ষিণ কামৰূপৰ বৰতেজপুৰ গাঁৱত কামাখ্যা–যোগীঘোপা সংযোগী পথেৰে চলি থকা ৰে’ল এখনে মহতিয়াই নিয়াত মৃত্যু হ’ল ১৪টাকৈ শগুণ। অতি দুষ্প্ৰাপ্য হিমালয়ান গ্ৰীফ’ন প্ৰজাতিৰ শগুণ কেইটাই মৰা গৰু এটা ভক্ষণ কৰি ৰে’লৰ আলিত জিৰণি লৈ আছিল। সেই সময়ত অহা ৰে’ল এখনে মহতিয়াই নিয়াত গোটেই কেইটা শগুণৰ কৰুণভাৱে মৃত্যু ঘটে।

 

শিৰোনামৰ ফটোঃ চি এন ব্যুৰ’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward