Friday, March 29, 2024
Homeবাতৰিপখিলা উৎসৱ আয়োজন কৰিছে নামদ’ফা ৰাষ্ট্ৰীয় উদ্যানত

পখিলা উৎসৱ আয়োজন কৰিছে নামদ’ফা ৰাষ্ট্ৰীয় উদ্যানত

প্ৰকাশিত তাৰিখঃ ২ এপ্ৰিল, ২০১৮

চি এন ডেক্স

বিশ্বত জৈৱ বৈচিত্ৰ্যৰ বিৰল স্থান হিচাপে পৰিচিতি লাভ কৰা নামদ’ফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত অৱস্থিত। ১৯৭২ চনত স্থাপন হোৱা বন্যপ্ৰাণী অভয়াৰণ্যখন ১৯৮৩ চনত ব্ৰাঘ্ৰ সংৰক্ষিত আৰু ৰাষ্ট্ৰীয় উদ্যান নামেৰে নামাকৰণ কৰা হয়।

সম্প্ৰতি নামদ’ফা উদ্যান কৰ্তৃপক্ষই আয়োজন কৰিছে পখিলা উৎসৱ। অহা এপ্ৰিলৰ ২৭–৩০ তাৰিখলৈ অনুষ্ঠিত হ’বলগীয়া উৎসৱৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। উদ্যান কৰ্তৃপক্ষই আয়োজন কৰিবলগীয়া উৎসৱত ছ’চাইটী ফৰ এডুকেচন এণ্ড এনভাইৰণমেণ্টেল ডেভেলপমেণ্ট, মিয়াও এক্সপ্ল’ৰাৰ্ছ আৰু দফা ভেলী ট্যুৰচ্‌ এণ্ড ট্ৰেভেলচে সহযোগ কৰিব।

উৎসৱৰ শীৰ্ষক টেগ্‌ লাইন হ’ল ‘আপুনি সিহঁতক ধৰিব নোৱাৰে, কিন্তু আপুনি সিহঁতক বন্দী কৰিব পাৰে’ অৰ্থাৎ উৎসৱত অংশ গ্ৰহণকাৰীসকলে পখিলাক ধৰিব নোৱাৰে কিন্তু বিৰল প্ৰজাতিৰ পখিলাসমূহ কেমেৰাত বন্দী কৰিব পাৰিব।

উৎসৱত প্ৰকৃতি ভ্ৰমণ, মতবিনিময় অনুষ্ঠানকে আদিকৰি বহুকেইটা কাৰ্যসূচী হাতত লৈছে। অংশগ্ৰহণকাৰীসকলৰ প্ৰতিজনে ১০০০টকা পঞ্জীয়ন মাচুল দিব লাগিব।

উৎসৱত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব উত্তৰাখণ্ডৰ ভীমতালত থকা পখিলা গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক পীটাৰ স্মীটাচেকে।

 

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward