Thursday, April 25, 2024
Homeবাতৰিস্বায়ত্তশাসিত পৰিষদ সমূহৰ সমস্যা সমাধানৰ ওপৰত মুখ্যমন্ত্ৰীৰ গুৰুত্ব আৰোপ

স্বায়ত্তশাসিত পৰিষদ সমূহৰ সমস্যা সমাধানৰ ওপৰত মুখ্যমন্ত্ৰীৰ গুৰুত্ব আৰোপ

প্ৰকাশিত তাৰিখঃ ৯ এপ্ৰিল, ২০১৮

চি এন ডেক্স

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ছয়খন স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ সৈতে যোৱা ৩ এপ্ৰিলত সচিবালয়ত থকা নিজ কাৰ্যালয় কক্ষত এক বৈঠকত মিলিত হয়। বৈঠকত ইতিমধ্যে পৰিষদকেইখনে সন্মুখীণ হৈ অহা সমস্যাসমূহ মুখ্যমন্ত্ৰীৰ আগত দাঙি ধৰে।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে যে, পৰিষদকেইখনৰ বিত্তীয় নাটনি দূৰ কৰাৰ বাবে বিত্তীয় আবণ্টনৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱা হ’ব। সংবিধানৰ ষষ্ঠ অনুসূচীৰ বাহিৰৰ স্বায়ত্তশাসিত পৰিষদ কেইখনত ইতিমধ্যে নিম্ন পাৰিশ্ৰমত কাৰ্যনিৰ্বাহ কৰা মুখ্য কাৰ্যবাহী সদস্য, অধ্যক্ষ, উপ-মুখ্য কাৰ্যবাহী সদস্য, উপাধ্যক্ষ, কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকলৰ পাৰিতোষিক বৃদ্ধিৰ বাবে এই বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্তৰ নতুন নিৰিখ অনুযায়ী মুখ্য কাৰ্যবাহী সদস্যগৰাকী আৰু অধ্যক্ষই মাহিলি ৪৫ হেজাৰ টকা, উপ-মুখ্য কাৰ্যবাহী আৰু উপাধ্যক্ষই ৩৫ হেজাৰ, কাৰ্যবাহী সদস্যসকলে ৩০ হেজাৰ আৰু সাধাৰণ সদস্যসকলে লাভ কৰিব ২০ হেজাৰকৈ মাহিলি পাৰিতোষিক।

বৈঠকত ৰাভা হাছং, মিচিং, তিৱা, দেউৰী, সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলে অংশগ্ৰহণ কৰে। পৰিষদসমূহে সন্মুখীণ হৈ অহা বিত্তীয় আৰু আন্তঃগাঁথনি সমস্যাসমূহ মুখ্যমন্ত্ৰীৰ ওচৰত দাঙি ধৰি চৰকাৰৰ ফালৰ পৰা সহযোগিতা বিচাৰে। পৰিষদৰ বাবে ধাৰ্য কৰা পুঁজি সময়মতে মুকলিৰে মুখ্যমন্ত্ৰীয়ে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে।

স্বায়ত্বশাসিত পৰিষদকেইখনৰ কামকাজৰ গতি বৃদ্ধি কৰিবলৈ নতুন পদ সৃষ্টিৰ লগতে ইতিমধ্যে খালী হৈ থকা পদসমূহ পূৰণৰ বাবে খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

পৰিষদীয় এলেকাত থকা জনগোষ্ঠীসমূহৰ লোকসংস্কৃতি আৰু লোক-কলাসমূহ সংৰক্ষণৰ এক ফলপ্ৰসু পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰে। গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী ৰাণীত নিৰ্মাণ কৰিব এটি সাংস্কৃতিক সমন্বয় ক্ষেত্ৰ। জনগোষ্ঠীসকলৰ চহকী সাংস্কৃতিক সমলসমূহ প্ৰদৰ্শণৰ ব্যৱস্থা কৰিব উক্ত সাংস্কৃতিক সমন্বয় ক্ষেত্ৰত।

মুখ্যমন্ত্ৰীয়ে পৰিষদীয় এলেকাসমূহত জৈৱিক কৃষভিত্তিক উদ্যোগ স্থাপন কৰা হ’ব বুলি উল্লেখ কৰে। উদ্যোগ স্থাপনৰ বাবে বিনিয়োগকাৰীক আকৰ্ষণ কৰিব পৰাকৈ ভূমি চিনাক্তকৰণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে।

বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া আৰু ভৈয়াম জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰাৰ লগতে অন্যান্য বিষয়াবৰ্গ।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward