Saturday, April 20, 2024
Homeবাতৰিয়াক পালক সকলৰ বাবে সুখবৰ

য়াক পালক সকলৰ বাবে সুখবৰ

প্ৰকাশিত তাৰিখঃ ৯ এপ্ৰিল, ২০১৮

চি এন ডেক্স

ভাৰতত অৰুণাচল প্ৰদেশ, ছিকিম, পশ্চিম বংগ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু কাশ্মীৰৰ লাডাখত য়াক পালন কৰে। ২০১২ চনত ভাৰতবৰ্ষত ঘৰচীয়া প্ৰাণীৰ ওপৰত চলোৱা এক পিয়লত দেশখনত য়াকৰ সৰ্বমুঠ সংখ্যা ৭৬,২৩৭টা বুলি প্ৰকাশ পাইছিল। তাৰে ১৪,০০০টা অৰুণাচল প্ৰদেশত পোৱা যায়। যাৰ বাসস্থান সমুদ্ৰপৃষ্ঠৰ পৰা ৩,০০০ ৰ পৰা ৬,০০০ মিটাৰ উচ্চতাত।

সম্প্ৰতি য়াকৰ নোমৰ সৈতে মৰাপাটৰ আঁহ মিহলাই এবিধ উন্নতমানৰ ঊণ তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। অৰুণাচল প্ৰদেশৰ নেশ্যনেল ৰিছাৰ্চ চেণ্টাৰ অন য়াক (এন আৰ চি ৱাই) আৰু কলকাতাৰ নেশ্যনেল ইন্সটিটিউট অৱ ৰিছাৰ্চ অন জুট এণ্ড এলাইড ফাইবাৰ টেকন’লজি (এন আই আৰ জে এ এফ টি) নামৰ প্ৰতিষ্ঠান দুটাই চলোৱা যুটীয়া গৱেষণাৰ ফল এয়া। এই সংবাদে য়াক পালকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব।

প্ৰতিষ্ঠান দুটাই বহু বছৰ ধৰি য়াকৰ নোম আৰু মৰাপাটৰ আঁহ মিশ্ৰণেৰে উন্নতজাতৰ ঊণ তৈয়াৰ কৰিবলৈ গৱেষণা চলাই আছিল। যি ঊণ শীতকালীন বস্ত্ৰ তৈয়াৰৰ বাবে ব্যৱহাৰ হ’ব। উক্ত ঊণ বিকাশ সাধন হোৱাৰ লগে লগে অৰুণাচল প্ৰদেশৰ য়াক পালকসকল অধিক লাভবান হ’ব।

আগতে য়াকৰ নোম কোনো বাণিজ্যিক কামত ব্যৱহাৰ কৰা নাছিল পালকসকলে। অৱশ্যে খহটা নোমখিনি ঘৰুৱা কামত ব্যৱহাৰ কৰিছিল বুলি উল্লেখ কৰে এন আৰ চি ৱাইৰ সঞ্চালক পি চক্ৰবৰ্তীয়ে। তেওঁ আৰু কয় যে, বিকশিত কৰা ডাঠ ঊণখিনি ৫০০ টকা আৰু মিহিখিনিৰ মূল্য ১০০০ টকা। অৱশ্যে এয়া এন আই আৰ জে এ এফ টিৰ সৈতে সহযোগিতা কৰাৰ পিচতহে এইখিনি পাবলৈ সক্ষম হৈছে। ঊণৰ কাপোৰ তৈয়াৰ কৰিবলৈ তাঁতীসকলক কলকাতাৰ এন আৰ চি ৱাইৰ অধীনত প্ৰশিক্ষণ দিয়া হ’ব বুলিও অৱগত কৰে।

সঞ্চালক চক্ৰবৰ্তীয়ে পুনৰ উল্লেখ কৰে যে, বিভিন্ন কাৰণত য়াক পালনৰ প্ৰতি আগ্ৰহ কমি গৈছে। য়াক পালকসকলে তেওঁলোকৰ পৰম্পৰাগত জীৱিকাটো ত্যাগ কৰা দেখা গৈছে। সেয়ে বৈজ্ঞানিক প্ৰযুক্তি প্ৰয়োগ কৰি য়াকৰ সংখ্যা বঢ়াই পালকসকলৰ উপাৰ্জনৰ পথ বঢ়াব লাগিব।

এইক্ষেত্ৰত অগ্ৰণী প্ৰতিষ্ঠান দুখনে বাণিজ্যিকভাৱে য়াক পালনৰ ওপৰত এটি কৰ্মশালাৰ আয়োজন কৰিছিল। কৰ্মশালাত উপস্থিতিকালত কলকাতাস্থিত কেন্দ্ৰটোৰ জৈৱপ্ৰযুক্তিবিদ্যা বিভাগৰ সঞ্চালক কে ৰাৱাটে প্ৰকাশ কৰে যে, য়াক পালনৰ ওপৰত গৱেষণা কৰাৰ বাবে কেন্দ্ৰটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যান্য প্ৰতিষ্ঠানৰ লগত সহযোগিতাৰে গৱেষণা চলাই যাব।

পাহাৰৰ অধিক উচ্চতাত নিৰ্বিঘ্নে চলাচল কৰিব পৰা য়াক প্ৰতিৰক্ষা বিভাগৰ বাবেও গুৰুত্বপূৰ্ণ। সেই গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি উক্ত কৰ্মশালাত প্ৰতিৰক্ষা বিভাগসমূহৰ বিষয়াবৰ্গইয়ো অংশ গ্ৰহণ কৰিছিল।

অৰুণাচল প্ৰদেশত পালন কৰা য়াক এটা সুকীয়া প্ৰজাতিৰ বুলি ঠাৱৰ কৰিছে নেশ্যনেল ব্যুৰ’ অৱ এনিমেল নামৰ কেন্দ্ৰীয় চৰকাৰৰ গৱেষণা প্ৰতিষ্ঠানটোৱে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward