Friday, March 29, 2024
Homeবাতৰিৰাজ্যৰ প্ৰগতিশীৰ কৃষকেৰে গঠন কৰিব আদৰ্শ কৃষক গোট

ৰাজ্যৰ প্ৰগতিশীৰ কৃষকেৰে গঠন কৰিব আদৰ্শ কৃষক গোট

প্ৰকাশিত তাৰিখঃ ১৬ এপ্ৰিল, ২০১৮

চি এন ডেক্স

ৰাজ্যৰ প্ৰগতিশীল কৃষকক লৈ গঠন কৰিব আদৰ্শ কৃষক গোট। বৰ্তমান যুৱ সমাজ কৃষি কৰ্মৰ প্ৰতি অনীহা। এই যুৱ চামক কৃষিক এক সন্মানজনক জীৱিকা হিচাপে গ্ৰহণৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

যোৱা ১৩ এপ্ৰিলত মহানগৰীৰ পাঞ্জাবাৰীত অসম পশুধন আৰু হাঁহকুকুৰা নিগম নামৰ ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ অত্যাধুনিক হাঁহকুকুৰা পোৱালী উৎপাদন কেন্দ্ৰ এটি মুকলি কৰে। নাবাৰ্ডৰ অৰ্থ সাহাৰ্যত স্থাপন কৰা কেন্দ্ৰটোত প্ৰতিমাহত উৎপাদন কৰিবলৈ সক্ষম হব ৮লাখ হাঁহকুকুৰাৰ পোৱালি। ইয়াৰ ফলত ৰাজ্যৰ ৪লক্ষ্যাধিক থলুৱা পশুপালক উপকৃত হব। এই কেন্দ্ৰটোৱে ব্ৰইলাৰ মুৰ্গীৰ ক্ৰমবৰ্ধমান চাহিদা পুৰ কৰিবলৈও সক্ষম হব। বৰ্তমান ৰাজ্যখনত বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ মু্ৰ্গীৰ পোৱালি এক বৃহৎ হাৰত আমদানি চলি আছে। বিপৰীতে নৱনিৰ্মিত কেন্দ্ৰটোত উৎপাদিত পোৱালিয়ে পশুপালকসকলৰ অভাৱ পুৰ কৰিব।

কেন্দ্ৰটোৰ উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীয়ে কয় পশুধন উৎপাদনৰ সৈতে জড়িত পালকসকলক ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায় সহযোগ আগবঢ়াব। সম্প্ৰতি ৰাজ্যখনত পশুধনৰ চাহিদাৰ বিপৰীতে যোগানৰ জৰীপ চলাই ব্যৱধান সমূহ আতৰাই সঠিক পদক্ষেপ গ্ৰহণ কৰিবলৈ পশুপালন বিভাগৰ প্ৰতি নিৰ্দেশ দিয়ে। আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান সমূহেও সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীৰ প্ৰেৰণ বঁটা ৰাজ্যৰ দহ জন পশুপালকক ১০ হেজাৰ টকা, এখন প্ৰশস্তি পত্ৰ আৰু একোখনকৈ ফুলাম গামোচা প্ৰদান কৰে। উক্ত বঁটাপ্ৰাপ্ত কৃষকসকল ক্ৰমে মনোজ বসুমতাৰী, লীলাকান্ত পেগু, প্রসেনজিৎ মৰাণ, জুনা তামুলী বৰ্মণ, পৱিত্র বৰা, জয়ন্ত ডেকা, ৰাজা ৰামমোহন ৰাও, অভিজিৎ ফুকন, অৰ্পণজ্যোতি শৰ্মা আৰু ৰঙিয়াৰ জে, এন, বি, গোট।

উদ্বোধনী অনুষ্ঠানত অসম পশুধন আৰু হাঁহকুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই আদৰণী ভাষণ দিয়ে। কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী অতুল বৰাৰ লগতে মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়েও ভাষণ প্ৰদান কৰে।

 

শিৰোনামৰ ফটোঃ ফাইল ফটো

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward