Friday, April 19, 2024
Homeবাতৰিমেঘালয়ত আদৰ বাঢ়িছে ৰেমি সূতাৰ

মেঘালয়ত আদৰ বাঢ়িছে ৰেমি সূতাৰ

প্ৰকাশিত তাৰিখঃ ১৬ এপ্ৰিল, ২০১৮

চি এন ডেক্স

বিশ্বৰ সবাতোকৈ টান আৰু দীঘল আঁহ থকা উদ্ভিদ হল ৰিহা। ৬ হেজাৰ বছৰ পুৰণি এই ৰিহা গছক ৰেমি বুলিও জনা যায়। ৰিহা খেতি চীন, ব্ৰাজিল, ফিলিপাইন আদি দেশত প্ৰচুৰভাৱে কৰা হয়। প্ৰাকৃতিক আঁহজাতীয় উদ্ভিদ ৰিহাই বস্ত্ৰ তৈয়াৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিছে। ৰিহাৰ আঁহবোৰ উচ্চ গুণসম্পন্ন সেয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ দাম অধিক। যদিও এই সম্ভাৱনাপূৰ্ণ উদ্ভিদবিধে বস্ত্ৰ জগতত সম্পূৰ্ণৰূপে প্ৰৱেশ কৰিবলৈ সমৰ্থ হোৱা নাই।

বনৰীয়া, ঘৰচীয়া আদি অসংখ্য জাতৰ ৰিহা গছ আৰ্টকেচি(Urticacese)নামৰ চুৰাত পৰিয়ালৰ অন্তৰ্গত। অৱশ্যে ঘৰচীয়া জাতবোৰ উন্নত। সাধাৰণতে বগা(Boehmeria nivea(L)Gaud আৰু সেউজীয়া এই জাত দুটাৰ পৰা ৰিহাৰ আঁহ আহৰণ কৰা হয়।

ভাৰতৰ পশ্চিম বংগ আৰু উত্তৰপূৰ্বাঞ্চলৰ অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ডত ইয়াৰ খেতি অধিক হয়। অসমে ইতিমধ্যে বাণিজ্যিকভিত্তিত বহুলভাৱে ৰিহাখেতি আৰম্ভ কৰিছে। বিশ্বৰ মুঠ উৎপাদনৰ ৯৬.৩ শতাংশ ৰিহা উৎপাদন কৰি চীন দেশে বিশ্বৰ প্ৰথমশাৰীত স্থান অধিকাৰ কৰিছে। মহাৰাষ্ট্ৰ, তামিলনাডু আৰু কেৰেলা ৰাজ্যকেইখনেও ৰিহা খেতি আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

কেন্দ্ৰীয় চৰকাৰৰ অধীনত অসমৰ বৰপেটা জিলাৰ সৰভোগত স্থাপন কৰিছে এটি ৰেমি গৱেষণা কেন্দ্ৰ। ৰাজ্যখনৰ উষ্ঞআৰ্দ্ৰ জলবায়ু ৰিহা খেতিৰ বাবে উপযোগী বুলি প্ৰকাশ কৰিছে উক্ত গৱেষণা কেন্দ্ৰটোৱে।

ৰিহা গছে পৰিবেশৰ ওপৰত কোনো নেতিবাচক প্ৰভাব নেপেলায়। কপাহ খেতিতকৈ ৰিহাখেতিৰ খৰচ বেছি। কিন্তু ৰিহাখেতি বছৰত চাৰিবাৰ চপাব পাৰি। সেয়ে ৰিহাখেতি বাণিজ্যিকভাৱে কৰিও কৃষক এজনে স্বাৱলম্বনৰ পথ মুকলি কৰিব পাৰে। তদুপৰি ই প্ৰাকৃতিকভাৱে বীজাণুমুক্ত হোৱা বাবে পৰীক্ষানিৰীক্ষা কৰাত কোনো অসুবিধা নাথাকে।

সম্প্ৰতি আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়তো ৰেমি সূতাৰ আদৰ বাঢ়িছে। ৰাজ্যখনে এই পৰ্যন্ত অসমৰ দৰে বহল ভিত্তিত ৰিহাখেতি আৰম্ভ কৰা নাই। কিন্তু বাণিজ্যিকভাৱে এই খেতি কৰাৰ বাবে ৰাজ্যখনে উদ্যোগ গ্ৰহণ কৰিছে। পোনপ্ৰথমবাৰৰ বাবে ৰিহাখেতি আৰম্ভ কৰি প্ৰথম উৎপাদন চপাইছে। অৱশ্যে প্ৰাকৃতিভাৱে উৎপাদিত ৰেমি ৰাজ্যখনত উভৈনাদী। অধিক বৰষুণ হোৱা অৰণ্য অঞ্চলসমূহত এইবিধ উদ্ভিদক প্ৰচুৰভাৱে পোৱা যায়।

ফৰাচী ফেশ্যন উদ্যোগ Lecoanet Hemantৰ সহ প্ৰতিষ্ঠাপক তথা বিখ্যাত ফেচন ডিজাইনাৰ হল হেমন্ত সাগৰ। যোৱা মাৰ্চ মাহৰ প্ৰথম ভাগত তেখেত মেঘালয় ভ্ৰমণলৈ আহিছিল। মেঘালয় ভ্ৰমণকালত ৰিহাৰ পৰা নিষ্কাষণ কৰা সূতা আধুনিক বয়ন উদ্যোগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সামগ্ৰী হব বুলি মন্তব্য কৰে।

হেমন্ত সাগৰৰ উপদেশ মেঘালয় চৰকাৰে গুৰুত্বসহকাৰে গ্ৰহণ কৰা বুলি এক সূত্ৰত প্ৰকাশ। হেমন্ত সাগৰ আৰু মেঘালয় চৰকাৰৰ সহযোগিতাত গঠন কৰিছে সুপ্ৰভাত ভাৰত (Bonjour India) ফ্ৰেমৱৰ্ক কাৰ্যসূচী। উক্ত কাৰ্যসূচীত ফৰাচী চৰকাৰে ১৭গৰাকী ডিজাইনাৰ নিয়োগ কৰিছে। উক্ত ডিজাইনাৰসকলে মেঘালয়ৰ ৰিহাৰ ওপৰত সকলো ধৰণৰ পৰীক্ষানিৰীক্ষা চলাব।

উল্লেখনীয় যে, ভাৰতত নিয়োজিত ফৰাচী ৰাষ্ট্ৰদূত আলেকজেণ্ডাৰ জিগলাৰৰ ওচৰত ৰাজ্যখনে প্ৰথম উৎপাদন কৰা ৰিহাৰ আঁহ প্ৰদৰ্শন কৰিছে। উৎপাদিত ৰিহাৰ আঁহ দেখি ৰাষ্ট্ৰদূতগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward