Friday, March 29, 2024
Homeবাতৰিঅসমে কৰা পথ নিৰ্মাণ কাৰ্যত অসন্তুষ্ট মেঘালয় চৰকাৰ

অসমে কৰা পথ নিৰ্মাণ কাৰ্যত অসন্তুষ্ট মেঘালয় চৰকাৰ

প্ৰকাশিত তাৰিখঃ ২৩ এপ্ৰিল, ২০১৮

চি এন ডেক্স

চুবুৰীয়া মেঘালয় ৰাজ্যৰ অন্তৰ্ভুক্ত এলেকাত অসমে নিৰ্মাণ কৰি থকা কেইটিমান পথক কেন্দ্ৰ কৰি অসন্তুষ্ট হৈ পৰিছে মেঘালয় চৰকাৰ। পথকেইটাৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী কনৰাড চাংমাই দোহাৰে।

উল্লেখযোগ্য যে, মেঘালয়ৰ ৰিভয় জিলাৰ জিৰাং সমষ্টি তথা জিৰাং উন্নয়ন খণ্ডৰ অন্তৰ্গত কেইটিমান পথ অসমে নিৰ্মাণ কৰি থকা বুলি তথ্য লাভ কৰিছে ৰাজ্য চৰকাৰে। বাখালাপাৰাজিমিৰিগাঁও আৰু বেলাখোৱা গাঁৱৰ এইকেইটা নিৰ্মাণৰ তথ্য চৰকাৰীভাৱে লাভ কৰা বুলি বিধান সভাত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

সমষ্টিটোৰ স্থানীয় বিধায়ক এছ, ছহটুনে অভিযোগ কৰে যে, মেঘালয়ৰ আন্তঃগাঁথনিৰ কামকাজক অসমে সম্পূৰ্ণৰূপে আওকাণ কৰিছে আৰু আন ৰাজ্যৰ অন্তৰ্ভূক্তি অঞ্চলসমূহত অসম চৰকাৰে পথ নিৰ্মাণ কৰি আছে। উক্ত নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক অনুৰোধ কৰে।

বিধায়কগৰাকীৰ অনুৰোধমৰ্মে এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মুখ্যমন্ত্ৰীয়ে দোহাৰে। ৰাণীবাৰী, জিমিৰিগাঁও, বেলাখোৱা গাঁৱৰ পথকেইটা নিৰ্মাণৰ বাবে বিশদ প্ৰকল্প প্ৰস্তুত কৰিছে। উক্ত প্ৰকল্পক কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰ্যালয়ে অনুমোদন জনোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। সেইমতে, বাখালাপাৰাজিমিৰিগাঁও, জিমিৰিগাঁওবেলাখোৱা আৰু পাহাম উমশ্ৰুৰাণীবাৰী এই পথকেইটা নিৰ্মাণৰ বাবে ২২২.১৬ লাখ টকা, ৮৭৫.৬৮ লাখ টকা আৰু ৬৮৬.৮১ লাখ টকা অনুমোদন জনোৱা বুলিও প্ৰকাশ কৰে।

উল্লেখৰ আৱশ্যক যে, মেঘালয়ৰ এলেকা বুলি প্ৰকাশ কৰা বাখালাপাৰা, জিমিৰিগাঁও, উমচুৰ (উমশ্ৰু মেঘালয়ৰ নাম) ৰাণীবাৰী, ভালাখোৱা (বেলাখোৱা মেঘালয়ৰ নাম) উক্ত গাঁৱকেইখন অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত। উক্ত গাঁৱকেইখনত অসম চৰকাৰে নিৰ্মাণ কৰা মধ্য ইংৰাজী বিদ্যালয়, প্ৰাথমিক বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ, স্বাস্থ্যকেন্দ্ৰ, পানী যোগান, বিজুলি যোগান আদি সুবিধা সমূহ উপলব্ধ। দেশে লাভ কৰা স্বাধীনতাৰ পিচৰে পৰা গাঁৱকেইখনৰ ৰাইজে অসমত ভোট দি আহিছে। আনকি ১৯৭২ চনত মেঘালয়ে সুকীয়া ৰাজ্য লাভ কৰাৰ বহু বছৰ পিচতো গাঁওকেইখনৰ ৰাইজে মেঘালয়ক ভোট দি পোৱা নাছিল বুলি জানিব পৰা গৈছে। কিন্তু এচাম সুবিধাবাদীৰ প্ৰৰোচনাত পৰি গাঁৱকেইখনৰ মানুহে মেঘালয়ত ভোটদান কৰিবলৈ আৰম্ভ কৰে। ভোটদান কৰাৰ পিচৰে পৰা গাঁৱকেইখনত বহু সাসুবিধা প্ৰদান কৰি আহিছে মেঘালয় চৰকাৰে। বৰ্তমানলৈকে গাঁৱকেইখনৰ ৰাইজে অসমমেঘালয় দুয়োখন ৰাজ্যকে ভোটদান কৰি আহিছে। আজিও বিবদমান হৈ থকা গাঁৱকেইখনৰ সীমা সম্পৰ্কীয় সমস্যাটো সমাধানৰ বাবে অসম চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward