Saturday, April 20, 2024
Homeবাতৰিছিকিম চৰকাৰে অজৈৱিক শাকপাচলি বিক্ৰীৰ ক্ষেত্ৰত নিষিদ্ধ আৰোপ কৰিলে

ছিকিম চৰকাৰে অজৈৱিক শাকপাচলি বিক্ৰীৰ ক্ষেত্ৰত নিষিদ্ধ আৰোপ কৰিলে

প্ৰকাশিত তাৰিখঃ ২৩ এপ্ৰিল, ২০১৮

চি এন ডেক্স

ছিকিম চৰকাৰে অজৈৱিকভাৱে উৎপাদিত কেইবিধমান কৃষিজাত আৰু উদ্যানশস্যৰ ক্ৰয়বিক্ৰয়ৰ ক্ষেত্ৰত নিষিদ্ধ আৰোপ কৰিছে। যোৱা ১এপ্ৰিলৰ পৰা এই নিয়ম বলবৎ কৰা হৈছে। সেয়ে ৰাজ্য চৰকাৰৰ উদ্যান শস্য বিভাগে পাচলি বিক্ৰেতাসকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

অলপতে উদ্যান শস্য বিভাগে ৰাজধানী চহৰৰ কাষৰ লালবজাৰত প্ৰায় ২.৫ লাখ টকাৰ আমদানিকৃত অজৈৱিক শাকপাচলি বিক্ৰেতাসকলৰ পৰা জব্দ কৰে। জব্দকৃত শাকপাচলিখিনি অৱশেষত বিভাগৰ চৌহদত পুতি পেলোৱাৰ ব্যৱস্থা কৰে।

ছিকিম চৰকাৰে ৰাজ্যখনত আমদানিৰ ক্ষেত্ৰত বিলাহী, গাজৰ আৰু জলকীয়াকে আদিকৰি কেইবিধমান শাকপাচলিৰ বাদে বাকীবোৰত প্ৰতিবন্ধকতা আৰোপ কৰিছিল।

ইপিনে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক বিৰোধিতা কৰিছে ক্ৰান্তিকাৰী মঞ্চই। ৰাজ্যখনত জৈৱিক কৃষিৰ সৈতে জড়িত কৃষকৰ উৎপাদন ক্ষমতা আৰু সংৰক্ষণ কৰিব পৰা শীতলিকৰণ ভঁৰালৰ ওপৰত সঠিকভাৱে পৰ্যালোচনা নকৰাকৈ আৰোপ কৰা প্ৰতিবন্ধকতা একপ্ৰকাৰ হঠকাৰী সিদ্ধান্ত। এই সন্দৰ্ভত মঞ্চই এক সংবাদমেলত ক্ষোভ প্ৰকাশ কৰাৰ লগতে পাচলি আমদানিৰ ক্ষেত্ৰত আৰোপিত প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰিবলৈও মুখ্যমন্ত্ৰীৰ প্ৰতি দাবী জনায়। জৈৱিক পাচলি উৎপাদন বৃদ্ধি কৰিবলৈ এই কৃষিৰ লগত জড়িত কৃষকসকলক পানীযোগানকে আদিকৰি সকলো প্ৰকাৰৰ সুবিধা প্ৰদান কৰিব লাগিব বুলিও মঞ্চই ব্যক্ত কৰে।

সম্প্ৰতি অজৈৱিক পাচলিৰ ওপৰত আৰোপিত প্ৰতিবন্ধকতা সন্দৰ্ভত ৰাজ্যখনত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হৈছে। অৱশ্যে এই হুলস্থূলৰ মাজৰ পৰা এটি শুদ্ধ ধাৰা আহিব বুলিয়েই আশা কৰা হৈছে।

বিপৰীতে কোনো নীতিনিয়ম অনুসৰণ নকৰাকৈ অত্যাধিক হাৰত ৰাসায়নিক সাৰঔষধ প্ৰয়োগ কৰি উৎপাদন কৰা পাচলিৰে উভৈনদী অসমৰ বজাৰ সমূহ। এইবোৰ পাচলিয়ে মানুহৰ দেহত বিভিন্ন ৰোগৰ সৃষ্টি কৰে বুলি জানিও সেইবোৰ পাচলিকে খাই থাকিব লগা হৈছে। ছিকিম চৰকাৰে অজৈৱিক পাচলিৰ ক্ষেত্ৰত সঠিক সময়ত সঠিক পদক্ষেপ গ্ৰহণ কৰি যি নিদৰ্শন দাঙি ধৰিলে অসম চৰকাৰেও পাৰিবনে তেনে নিদৰ্শন দাঙি ধৰিবলৈ?

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward