Thursday, April 25, 2024
Homeবাতৰিত্ৰিপুৰাৰ আনাৰসে ডুবাইৰ বজাৰ দখল কৰিব

ত্ৰিপুৰাৰ আনাৰসে ডুবাইৰ বজাৰ দখল কৰিব

প্ৰকাশিত তাৰিখঃ ৩০ এপ্ৰিল, ২০১৮

চি এন ডেক্স

উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা এক বৃহৎ সংখ্যক খেতিয়ক আনাৰস, ৰবৰ, কমলা, কফি, কঠাল, কাজু আদি উদ্যান শস্যৰ ওপৰত নিৰ্ভৰশীল। ৰাজ্যখনত মিঠা আৰু ৰসাল আনাৰস প্ৰচুৰ পৰিমাণে উৎপাদন হয়। সম্প্ৰতি ত্ৰিপুৰাত উৎপাদিত সুমিষ্ট আনাৰসেৰে উপচি পৰিব সুদুৰ ডুবাইৰ বজাৰত। এই মন্তব্য ৰাজ্যৰ কৃষি, পৰিবহন তথা পৰ্যটন মন্ত্ৰী প্ৰাণজিৎ সিন্‌হা ৰয়ৰ।

উল্লেখযোগ্য, অলপতে ডুবাইৰ ব্যৱসায়ী এগৰাকীয়ে ত্ৰিপুৰাৰ আনাৰস বাগানসমূহ পৰিদৰ্শন কৰি উৎফুল্লিত হৈ পৰাৰ লগতে এক বৃহৎ পৰিমাণৰ আনাৰস বুকিং কৰি যোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। সেয়াই নহয় ভৱিষ্যতে দিল্লী, মুম্বাই আদি ঠাইবোৰতো ত্ৰিপুৰাৰ আনাৰসে স্থান লাভ কৰিবলৈ সক্ষম হ’ব। আনাৰস বিক্ৰীৰ নিশ্চিত বজাৰ এখন লাভ কৰাৰ পিচতেই কমলা, কঠাল কাজু বাদাম আদি উদ্যান শস্যৰ প্ৰতিও খেতিয়কসকলৰ আগ্ৰহ বাঢ়িছে।

মন্ত্ৰী ৰয়ে এক সংবাদমেলত প্ৰকাশ কৰে যে, কৃষকসকলৰ উন্নতি নহ’লে ৰাজ্যৰ অৰ্থনৈতিক গতি বিকাশ নহয়। আনাৰস আৰু ৰবৰ খেতি পূৰ্বৰ চৰকাৰৰ শাসনকালত বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছিল। কৃষকৰ সমস্যা সন্দৰ্ভত নজৰ ৰখাটো কৃষি বিষয়াসকলৰ দায়িত্ব। সেয়ে বৰ্তমানৰ চৰকাৰখনে কৃষকৰ বিকাশৰ বাবে বিভিন্ন উন্নয়নমূলক কাম হাতত লৈছে। ৰাজ্যখনৰ মুখ্য ঠাইসমূহত ‘কৃষক বন্ধু’ কেন্দ্ৰ স্থাপন কৰিব। সেই কেন্দ্ৰত নিয়োজিত কৃষি বিষয়াই কৃষকসকলক কৃষি সম্পৰ্কীয় বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰাব। উন্নত জাতৰ বীজ, ৰাসায়নিক সাৰ, কীটনাশকৰ বিষয়ে প্ৰয়োজনীয় জ্ঞান আহৰন কৰিব পাৰিব। কৃষি বিষয়াসকলে কৃষকসকলৰ সমস্যা সমূহ অধ্যয়ন কৰি উক্ত কেন্দ্ৰতে সমাধানৰ ব্যৱস্থা হাতত ল’ব।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward