Friday, April 19, 2024
Homeবাতৰিহাতীৰ সুৰক্ষা বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থজড়িত আবেদন

হাতীৰ সুৰক্ষা বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থজড়িত আবেদন

প্ৰকাশিত তাৰিখঃ ৩০ এপ্ৰিল, ২০১৮

চি এন ডেক্স

গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক জনস্বাৰ্থ জড়িত আবেদনৰ ভিত্তিত ন্যায়ালয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱে, অসম চৰকাৰৰ বন বিভাগ, আৰু কেন্দ্ৰীয় চৰকাৰৰ বন মন্ত্ৰ্যালয়ক আবেদনখনৰ উত্তৰ দিবলৈ জাননী জাৰী কৰিছে।

গুৱাহাটীৰ বন্যপ্ৰাণী ফটোগ্ৰাফাৰ ৰাছেল হুছেইন আৰু যুগল ভৰালীয়ে ৰেলৰ খুন্দাত সঘনাই মৃত্যু ঘটি থকা বনৰীয়া হাতী সুৰক্ষাৰ বাবে জনস্বাৰ্থজড়িত আবেদনখন গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। উক্ত আবেদনখনৰ সৈতে ন্যায়ালয়ে সহমত প্ৰকাশ কৰি তিনিওটা চৰকাৰী বিভাগলৈ জাননী জাৰি কৰিছে। য’ত চাৰি সপ্তাহৰ ভিতৰতেই কাৰ্যকৰী পৰিকল্পনা এখন যুগুত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

সংবাদকৰ্মী দুজনে প্ৰকাশ কৰা মতে, ১৯৯০-২০০৬ চনলৈ প্ৰায় ৩৫ টা, ২০১৭ চনৰ ডিচেম্বৰত গুৱাহাটী নাহৰ- লগুণ ইণ্টাৰচিটি ৰে’লখনে শোণিতপুৰ জিলাৰ বালিপৰাত ৫টা, আৰু ২০১৮ চনৰ ১০ ফেব্ৰুৱাৰীত গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰে’লখনে হোজাই জিলাত ৫টা হাতী মহতিয়াই নিয়াৰ ফলত কৰুণভাৱে মৃত্যু ঘটে। যদিও মৃত্যুৰ তালিকাখন বাঢ়ি যোৱাৰ সম্ভাৱনাই অধিক।

যিবোৰ ৰে’লপথত হাতী অহা যোৱা কৰে সেইবোৰ গুৰুত্বপূৰ্ণ পথ চিনাক্ত কৰি আণ্ডাৰ-পাছ, অভাৰ-পাছৰ ব্যৱস্থা গ্ৰহণ কৰা, ড্ৰোণৰ দ্বাৰা নিৰীক্ষণৰ ব্যৱস্থা কৰি আগতীয়া সাৱধানতা অৱলম্বন কৰা, হাতী বিচৰণ ভূমি সমূহত ৰে’লৰ গতি হ্ৰাস কৰা আৰু উক্ত এলেকাবোৰত নিৰ্দিষ্ট সংখ্যক সুৰক্ষাকৰ্মী নিয়োগ কৰাৰ পৰামৰ্শ আগবঢ়াইছে ন্যায়ালয়ে।

উল্লেখনীয় যে, বন্যপ্ৰাণী (নিৰাপত্তা) আইন১৯৭২ মতে হাতীক সৰ্বোচ্চ সুৰক্ষা প্ৰদান কৰা হৈছে। হাতীক ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী হিচাপে পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ে স্বীকৃতি প্ৰদান কৰিছে। হাতী অহাযোৱা কৰা পুৰণি দণ্ডিসমূহৰ ওপৰত ৰেলপথ নিৰ্মাণ কৰাৰ পিচত হাতী সুৰক্ষাৰ বিষয়টো একপ্ৰকাৰ চিন্তাৰ কাৰক হৈ পৰিছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

 

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward