Wednesday, April 24, 2024
HomeARTICLEপ্ৰাকৃতিক দুৰ্যোগে ধ্বংস স্তূপত পৰিণত কৰা নিউ হাফলং ৰে’ল ষ্টেচন  

প্ৰাকৃতিক দুৰ্যোগে ধ্বংস স্তূপত পৰিণত কৰা নিউ হাফলং ৰে’ল ষ্টেচন  

প্ৰকাশিত তাৰিখঃ ৬জুন, ২০২২

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

প্ৰকৃতিৰ ৰম্য ভূমি পূৰ্বৰ উত্তৰ–কাছাৰ পাৰ্বত্য জিলা আজি ডিমা হাচাও নামেৰে জনাজাত হ’ল। প্ৰকৃতিৰ ৰম্য ভূমি জিলাখনত এসময়ত উগ্ৰপন্থীৰো ৰম্যভূমি আছিল। কিন্তু জিলাখন আজি উগ্ৰপন্থীৰ ৰম্য ভূমি হৈ থকা নাই, যথেষ্ট উন্নত হৈছে। বিশেষকৈ ৰে’ল বিভাগে নতুনকৈ সংযোজন ঘটোৱা ‘ভিষ্টাডামে’ পৰ্যটনৰ ক্ষেত্ৰত জিলাখনলৈ এক নতুন সূচনা আনিলে। ইয়াৰ লগে লগে প্ৰকৃতিৰ সুন্দৰ পৰিবেশ উপভোগ কৰিবলৈ জিলাখনত পৰ্য্যটকসকলৰ আগমণ ঘটিল। এসময়ত নাম শুনিলেই গাঁৰ নোম শিয়ৰি উঠা ডিমা হাচাওত আজি দিনত কিয় ৰাতিও নিশ্চিন্তমনে ঘুৰি ফুৰিব পৰা পৰিবেশ এটা গঢ়ি উঠিছে।

মনোমোহা হাফলঙক কোৱা হৈছিল প্ৰাচ্যৰ হ’লেণ্ড বুলি আৰু কোৱা হৈছিল– দক্ষিণ–পূব এছিয়াৰ আটাইতকৈ ধুনীয়া ষ্টেচনটোৱেই হৈছে নিউ হাফলং বুলি। কিন্তু সেই ষ্টেচনটো আজি ৰে’ল সহঃ বোকা–পানীয়ে পুতি পেলাইছে। কালিলৈকে প্ৰাণ চঞ্চল হৈ থকা ষ্টেচনটো আজি যেন মৃত্যু উপত্যকাত পৰিণত হ’ল। যোৱা ১৪ আৰু ১৫ মে’ত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ প্ৰভাৱত ২৩ মে’ত সমগ্ৰ ছবিখনেই সলনি হৈ গ’ল নিউ হাফলং ৰে’ল ষ্টেচনৰ। নেৰানেপেৰা বৰষুণৰ লগেলগে ভয়ংকৰভাৱে খহি পৰিছে পাহাৰৰ মাটি। বান আৰু ভূমিস্খলনত উটি গৈছে ৰে’লপথ, ৰাষ্ট্ৰীয় ঘাইপথ। বান–খহনীয়াত বিধ্বস্ত হৈ পৰা জিলাখনৰ হাফলং চহৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। লামডিং–শিলচৰ ব্ৰডগ’জ ৰে’ল পথে সৰ্বতোপ্ৰকাৰে ক্ষতিগ্ৰস্তৰ সন্মুখীন হোৱাত বৰাক উপত্যকা আৰু চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ মাজত ৰে’ল সংযোগ বিচ্ছিন্ন হৈ পৰিছে। দক্ষিণ অসমৰ লামডিং–হাফলং–বদৰপুৰ–শিলচৰ ৰে’ল পথৰ ইতিহাস ১২৩ বছৰ পুৰণি। বহু প্ৰত্যাহ্বানৰ মাজেৰে বৃটিছসকলে ১৮৯৯ চনত উক্ত মিটাৰগ’জ ৰে’ল পথছোৱা নিৰ্মাণ কৰিছিল। এয়া আছিল বৃটিছসকলৰ প্ৰত্যাহ্বানমূলক অভিযান্ত্ৰিক সফলতা। বদৰপুৰৰ পৰা নদী পথেৰে বাংলাদেশৰ চিটাগং বন্দৰলৈকে বৃটিছসকলে ব্যৱসায়িক সংযোগ ঘটাইছিল। বৃটিছ নিৰ্মিত মিটাৰগ’জ ৰে’ল পথছোৱা প্ৰাকৃতিক দূৰ্যোগত হানি–বিঘিনি নঘটাকৈ ১১১ বছৰ অতিক্ৰম কৰিছে। ১১১ বছৰেও সূচল হৈ থাকিবলৈ সক্ষম হোৱা মিটাৰগ’জ ৰে’ল পথছোৱা ব্ৰডগ’জলৈ পৰিৱৰ্তন কৰাৰ পিছত প্ৰকৃতিৰ সংহাৰ ৰূপৰ সন্মুখীণ হ’ল কিয়?  আধুনিক প্ৰযুক্তি বিদ্যা সঠিক প্ৰয়োগৰ ক্ষেত্ৰত কোনোবাখিনিত উজুতি খাইছে নেকি ৰে’ল বিভাগ? নহ’লে পুৰণিকলীয়া প্ৰযুক্তিবোৰ মজবুট হৈ থকাৰ বিপৰীতে আধুনিক প্ৰযুক্তি বিদ্যা প্ৰয়োগৰ ক্ষেত্ৰত কিয় বাৰে বাৰে ভয়ংকৰ সংকটৰ সন্মুখীন হয়! বিষয়টো নিশ্চয়কৈ গভীৰ পৰ্যালোচনাৰ প্ৰয়োজন আছে। উল্লেখযোগ্য যে, লামডিং–হাফলং পথছোৱাৰ ৫৩টাৰো অধিক স্থানত ভূমিস্খলন হোৱা বুলি জানিব পৰা গৈছে। বান আৰু ভূমিস্খলনে ক্ষতিগ্ৰস্ত কৰা ৰে’ল পথছোৱা পুনৰ নিৰ্মাণ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ’ব সেইকথা ৰে’ল বিভাগে এতিয়াও সঠিককৈ ক’ব পৰা নাই। মুঠতে এটা কথা নিশ্চিত যে ৰে’লপথ ছোৱা আগৰ দৰে সজাই পৰাই তুলিবলৈ দীৰ্ঘদিনৰ প্ৰয়োজন হ’ব।

লামডিং–হাফলং–বদৰপুৰ ৰে’ল পথ যিকোনো সময়ত ভয়াৱহ সংকটৰ সন্মুখীণ হ’ব পাৰে– এই আশংকা প্ৰকাশ কৰিছিল আজিৰ পৰা ১২ বছৰ আগতে ‘দ্য হিন্দু’ কাকতৰ জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰে। তালুকদাৰে এক অডিট ৰিপৰ্টৰ উদ্ধৃতি দি ২০১০ চনৰ ৩ এপ্ৰিলত কাকতখনত ‘Faulty planning derails construction in Assam gauge conversion project’ শীৰ্ষক বিশেষ প্ৰতিবেদনখনত ৰে’ল বিভাগৰ অপৰিপক্কতা আৰু অদূৰদৰ্শিতাৰ দিশটো উদঙাই দিছিল। উল্লেখ্য যে উত্তৰ–পূব সীমান্ত ৰে’লৱে ৩৬৮.৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ লামডিং-শিলচৰ-জিৰিবাম, বদৰপুৰ-কুমাৰঘাট ৰে’লপথ ব্ৰডগ’জলৈ পৰিৱৰ্তন কৰিছিল। এই ৰে’লপথ নিৰ্মাণৰ সময়ত প্ৰায় ৮শ কোটি টকা অপব্যৱহাৰ হোৱা বুলিও প্ৰদিবেদখনত দাবী কৰিছিল। উক্ত ৰে’লপথ মিটাৰগ’জৰ পৰা ব্ৰডগ’জলৈ সলনি কৰাৰ সময়ত পাহাৰীয়া ভূমিৰ জিঅ’ টেকনিক সঠিককৈ মূল্যাংকনত ব্যৰ্থ হৈছে। ফলত ৰে’লপথ ছোৱাৰ নিৰ্মাণ কাৰ্য পৰ্যাপ্ত ভূ-কাৰিকৰী অনুসন্ধান অবিহনেই আৰম্ভ হৈছিল। যদিহে নিৰ্মাণকাৰ্যৰ আগতে সেই ভূমিৰ  গুণাগুণ সঠিকভাৱে নিৰূপণ কৰিব নোৱাৰে তেনেহ’লে যিকোনো কাম অসাৰ হৈ পৰিব। হয়তো, মিটাৰগ’জৰ পৰা ব্ৰডগ’জলৈ সলনিৰ কাম আৰম্ভ কৰাৰ আগতে ৰে’ল বিভাগে জিঅ’ টেকনিকেল সঠিকভাৱে অনুসন্ধানত ব্যৰ্থতাৰ ফল হ’ব পাৰে লামডিং–হাফলং ৰে’লপথৰ বান–ভূমিস্খলন।

জলবায়ু পৰিৱৰ্তন আজি বিশ্বৰ এটা ভয়াৱহ সমস্যা। ইয়াৰ প্ৰভাৱত খৰালিকালত বান আৰু বাৰিষাকালত খৰাঙৰ নিছিনা ঘটনাবোৰ ঘটিব ধৰিছে। ভৰ বাৰিষাতো নদী, বিল আদি শুকাই গৈছে। প্ৰাকৃতিক সম্পদ বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ নহ’লে বিৰূপ প্ৰভাৱ পৰে। কাৰ্বিপাহাৰ আৰু ডিমা হাচাওত শিল, বালি, কয়লা, চূণ শিলৰ অবাধ খনন চলি থকাৰ অভিযোগ আছে।  তদুপৰি পাৰিপাৰ্শ্বিকভাৱে কাৰ্বি আংলং, ডিমা হাচাও অঞ্চলৰ ভূমিৰ গুণাগুণ ঠুনুকা বুলি ইতিমধ্যে বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ হৈ আহিছে। ইপিনে, অস্বাভাৱিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জিলাখনত প্ৰয়োজনীয় আন্তঃগাঁথনিও নাই। তেনেস্থলত ৰে’লপথ আৰু ফ’ৰলেন হাইৱে’ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ যি অভিযোগ সেয়াই যদি সত্য হয় তেনেহ’লে ই এটা মাৰাত্মক আত্মঘাটি কাৰ্য। সামাজিক মাধ্যমত দিয়া ৰায় অনুসৰি– হাফলং পৰিস্থিতিৰ বাবে সেইসময়ত চলি থকা উগ্ৰপন্থীৰ বেআইনী কাৰ্যকলাপ আৰু অধিক কমিচন লাভৰ অংকত নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰ আৰু ৰে’ল বিভাগৰ মাজত হোৱা অলিখিত বুজাবুজিবোৰেই প্ৰধানকৈ দায়ী। যি কাৰণতেই হাফলং পৰিস্থিতি নঘটক কিয়, এনেবোৰ পৰিস্থিতিৰ বাবে কিন্তু সাধাৰণ জনতাৰেই মৰণ।

শিৰোনামৰ ফটোঃ গুগল ইমেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward