Tuesday, March 19, 2024
HomePHOTOGRAPHYলোহাৰঘাট আৰু কুলশীত বিশ্ব পৰিৱেশ দিৱস পালন

লোহাৰঘাট আৰু কুলশীত বিশ্ব পৰিৱেশ দিৱস পালন

প্ৰকাশিত তাৰিখঃ ৬ জুন, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ ৰাজ্যখনত বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ে চানডুবি বিলৰ বাকৰিত বিভিন্ন কাৰ্যসূচীৰে পালন কৰে বিশ্ব পৰিৱেশ দিৱস। এই দিৱস উপলক্ষে আয়োজিত এক সভাত বন বিভাগৰ বিষয়া–কৰ্মী, বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী, শিক্ষক, স্থানীয় ৰাইজৰ মুৰব্বী আৰু বেচৰকাৰী সংগঠনৰ সদস্য উপস্থিত থাকে। সভাৰ শেষত বনাঞ্চলিক বিষয়া চেমিম আখতাৰ, বন সংৰক্ষণ সমিতিৰ সভাপতি গোবিন্দ ৰাভা লগতে বিভিন্ন সংগঠনৰ বিষয়ববীয়াৰ নেতৃত্বত এলানী বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

আনহাতে, কুলশী বনাঞ্চলিক কাৰ্যালয়েও কৰ্দ্দেগুৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত পৰিৱেশ দিৱস পালন কৰিছে। এই উপলক্ষে আয়োজিত এক সভাত বিধায়ক ৰেকিবুদ্দিন আহমেদ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী ডিম্পী বৰা, কুলশী বনাঞ্চলিক বিষয়া দ্বীপন ডেকা উপস্থিত থাকে। দিৱস উপলক্ষে বিভিন্ন প্ৰজাতিৰ বৃক্ষ ৰোপণ কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীসকলে এখনি নাটক মঞ্চস্থ কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward