Tuesday, March 19, 2024
HomeARTICLEপ্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনাৰ সৌৰশক্তি চালিত অগভীৰ নলীনাদৰ শুভ উদ্বোধন  

প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনাৰ সৌৰশক্তি চালিত অগভীৰ নলীনাদৰ শুভ উদ্বোধন  

প্ৰকাশিত তাৰিখঃ ৭ জুন, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অন্তৰ্গত পশ্চিম গুৱাহাটী–পলাশবাৰী সংমণ্ডলৰ দ্বাৰা কাৰ্যকৰী কৰা প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনাৰ প্ৰথম পৰ্যায়ৰ অধীনত সৌৰশক্তি চালিত অগভীৰ নলীনাদ উদ্বোধন কৰা হয়। ৭ জুনত উক্ত আঁচনিখনৰ ৩৫ সংখ্যক সৌৰশক্তি চালিত অগভীৰ নলীনাদ এটি ৫০ নং পলাশবাৰী সমষ্টিৰ বৰটাৰী গাঁৱৰ চিকেন মহন্তৰ চৌহদত শুভ উদ্বোধন কৰে সমষ্টিটোৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই।

এই উপলক্ষে আয়োজিত সভাখনত জলসিঞ্চন বিভাগৰ পশ্চিম গুৱাহাটী–পলাশবাৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কংকণ গোস্বামীয়ে সভাপতিত্ব কৰে। উক্ত সভাত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই ভাষণ প্ৰসংগত কয় যে– কৃষকৰ উন্নয়নৰ উদ্দেশ্যে পিচৰ পৰ্যায়ত অধিক পৰিমাণে সা–সুবিধাৰ ব্যৱস্থা গ্ৰহণ কৰিব। সেয়ে নহয় বিধায়কগৰাকীয়ে পলাশবাৰী অঞ্চলত জলসিঞ্চন বিভাগৰ এটি স্থায়ী কাৰ্যালয় স্থাপনৰ কথাও দোহাৰে।

উল্লেখযোগ্য যে, ৩ অশ্ব শক্তি পাম্পৰ জৰিয়তে ১৪০ হেক্টৰ কৃষি ভূমিত জল সিঞ্চনৰ ব্যৱস্থা লক্ষ্য স্থিৰ কৰি লোৱা হৈছিল। ২০১৯-২০বৰ্ষত অনুমোদিত উক্ত আঁচনিখন ২০২১ বৰ্ষত সমাপ্ত হয়। বিদ্যুত আৰু ইন্ধনৰ খৰচ অবিহনেই এই আঁচনিৰ জৰিয়তে কৃষকসকলে বাৰমাহে পানী যোগানৰ সুবিধা লাভ কৰিব। এই উদ্দেশ্য আগত ৰাখিয়েই উক্ত আঁচনি উদ্বোধন কৰা বুলি বিভাগটোৰ  কাৰ্যবাহী অভিযন্তা কংকণ গোস্বামীয়ে প্ৰকাশ কৰে। গোস্বামীয়ে আৰু প্ৰকাশ কৰে যে– ৪নং ফেজত পলাশবাৰী অঞ্চলৰ কৃষকৰ বাবে ১৫০ টা অগভীৰ নলীনাদৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ কথাও দোহাৰে। প্ৰতিটো ইউনিটত ৬.০৬ লাখ টকা ব্যয় সাপেক্ষ আঁচনিখনত কেন্দ্ৰীয় চৰকাৰে ৯শতাংশ আৰু ৰাজ্য চৰকাৰে ১০ শতাংশ ধনৰ খৰচ বহন কৰে।

উদ্বোধন উপলক্ষে আয়োজিত সভাখনত গাঁও পঞ্চায়ত সভানেত্ৰী ৰ’জী বেগম, সহকাৰী কাৰ্যবাহী অভিযন্তা চিন্ময় দত্ত, সহকাৰী অভিযন্তাদ্বয় দিম্পু ভূঞা, ভাস্কৰানন্দ পাটোৱাৰী, কণিষ্ঠ অভিযন্তাদ্বয় টপে ইতি, দীপামণি দাস লগতে বহু সংখ্যক লোক উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward