প্ৰকাশিত তাৰিখঃ ১০ জুন, ২০২৪
চানডুবি নিউজ ৰিপ’ৰ্ট –
অসম–মেঘালয় সীমাৱৰ্তী উকিয়ামৰ শ্ৰীনদী ক্ৰমে পানী বাঢ়িব ধৰিছে। নৱেম্বৰ–ডিচেম্বৰ মাহত নদীখনৰ পানী যথেষ্ট কমি যায়। সেইখিনি সময়ত সীমান্তৱৰ্তীলোক সকলে যাতায়তৰ বাবে শিল–বালিৰে নদীখনৰ মাজেৰে এটি অস্থায়ী পথ সাজি লয়। এই পথেৰে গাড়ী–মটৰ সকলো পাৰ হয়। কিন্তু বাৰিষা অহাৰ লগে লগে এই পথটো পানীত ডুবি যায়। সেয়ে সীমান্তৰ সিপাৰে থকা মেঘালয়ৰ গাৰো–খাছিলোক সকলৰ চাৰি চকীয়া বাহন সমূহ বাৰিষা পানী উঠাৰ আগতেই ইপাৰ কৰি থয়। নদীখনৰ মাজেৰে অস্থায়ী পথটো নিৰ্মাণ নোহোৱালৈকে সিপাৰৰ বাহন আৰু গৰাকী ইপাৰত থাকি যায়।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News