Wednesday, October 16, 2024
HomeNEWSআকাশ’ৰ গীতৰ কৰ্মশালাৰ সফল সামৰণি

আকাশ’ৰ গীতৰ কৰ্মশালাৰ সফল সামৰণি

প্ৰকাশিত তাৰিখঃ ১৯ জুলাই, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ সাহিত্য–সংস্কৃতি অনুষ্ঠান ‘স্বৰ্ণশাখা নৱাৰুণ সাহিত্য সভা, আমৰাঙা বৰিহাট’ৰ ভগ্নী সংগঠন ‘আকাশ উপ-সমিতি’ৰ উদ্যোগত ১৩ জুলাইৰপৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা ‘গীতৰ কৰ্মশালা’ৰ সফল সামৰণি পৰে। উক্ত কৰ্মশালাত আঠটাকৈ গীত প্ৰশিক্ষাৰ্থীসকলক শিকোৱা হয়। নৱাৰুণ সাহিত্য সভাৰ সন্মানীয় সভাপতি, উপ-সভাপতি, সম্পাদক প্ৰমুখ্যে মূল সমিতিৰ বিষয়ববীয়া, প্ৰাক্তন সম্পাদক ভাস্কৰজ্যোতি দাস লগতে আনন্দ দাস, ধ্ৰুৱজ্যোতি দাস, ৰামচৰণ চৌধুৰী আৰু বিপুলদাসে প্ৰশিক্ষক, সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে।

অনুষ্ঠানত উপস্থিত থাকে আকাশ উপ–সমিতিৰ কাৰ্যকৰী সভাপতি মামণি কলিতা আৰু আহ্বায়িকাসকল ক্ৰমে– বিজু গোস্বামী, প্ৰণিতা দাস, সাৱিত্ৰী মহন্ত, প্ৰণিতা মালাকাৰ দাস, ভানুপ্ৰিয়া কলিতা, ৰুমী কলিতা, নৱনীতা কলিতা, আৰতি দাস, কল্পনা দাস, সৰস্বতী দাস, ধৰিত্ৰী দাস, মঞ্জু দাস, বন্দিতা দাস, আৰতি দাস আৰু মণিষা দাসে।

উল্লেখযোগ্য যে, অঞ্চলটোৰ কেইবাগৰাকীও ছাত্ৰ–ছাত্ৰীয়ে কৰ্মশালাত অংশ গ্ৰহণ কৰি উপকৃত হোৱা বুলি জানিবলৈ দিয়ে।

নৱাৰুণ সাহিত্য সভা আৰু ভগ্নী সংগঠন ‘আকাশ উপ-সমিতি’ৰ সমূহ সদস্য–সদস্যা, সমল ব্যক্তিসকল আৰু অঞ্চলবাসী ৰাইজৰ সঁহাৰি সন্তোষজনক। এই সঁহাৰিত আকাশ উপ–সমিতি উৎসাহিত হৈ পৰিছে। ভৱিষ্যতেও এনেধৰণৰ উৎসাহ–উদ্দীপনা কামনাৰে সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদেৰে শলাগৰ শৰাই আগবঢ়ায়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward