Wednesday, October 16, 2024
HomeARTICLEনতুন ভাৰতৰ বাবে নেতাজীৰ অমৰ বাণী

নতুন ভাৰতৰ বাবে নেতাজীৰ অমৰ বাণী

প্ৰকাশিত তাৰিখঃ ২২ জুলাই, ২০২৪

কল্প ৰঞ্জন গগৈ –

২৩ জানুৱাৰী ২০২৪ চন, আজদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ বছৰীয়া জন্মদিন। সুভাষ চন্দ্ৰ আৰু তেওঁৰ সতীৰ্থসকলৰ দেশপ্ৰেম, বীৰত্ব আত্মত্যাগৰ কথা পাহৰি দেশ নায়ক হিচাপে যথাযথ মূল্যায়ন কৰিবলৈ বাদ দি মূৰ্তিত মাল্যদান কৰি বীৰপূজা কৰিবলৈ যাওঁতে তেওঁৰ আৰু সতীৰ্থসকলৰ হিমালয় সদৃশ আত্মত্যাগক হেয়জ্ঞানহে কৰা হৈছে বুলি মই ভাবো। শক, হুন দল, পাঠান, মোগল লীণ হৈছিল আজাদ হিন্দ বাহিনীত। ঠিক যিদৰে এমুঠি মোগল, এমুঠি পাঠান, এমুঠি শিখ, এমুঠি কামৰূপী সেনাই মানৰ পৰা অসম বচাবলৈ অন্তিম স্বাধীনতা যুদ্ধত লিপ্ত হৈছিল ১৮২২ চনৰ ২১ জুনৰ দিনা হাদিৰাচকীত– স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ নেতৃত্বত। এই কাহিনীবোৰেই আমাক সতেজ কৰি ৰাখিছে। প্ৰজন্মৰপৰা প্ৰজন্মলৈ আগ্ৰাহান্বিত কৰি ৰাখিছে।

স্বৰ্গদেউ চন্দ্ৰকান্তৰ সেই ৰণৰ আগেয়ে আমাৰ প্ৰজাই ১৭৯২ চনত ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি ৮০ গৰাকী কৃষক বীৰ শ্বহীদ হৈছিল। স্বৰ্গদেউ গৌৰীনাথে কেপ্টেইন ৱেইলছৰ বগা বঙালৰ বাহিনীক বাট দেখুৱাই আনিছিল। ঠিক যেনেদৰে স্বৰ্গদেউ জয়ধ্বজৰ প্ৰাণৰ সখা মনথিৰ ভঁৰালী বৰুৱাই হাদিৰাচকীৰ পৰা আগবঢ়াই আনিছিল মীৰজুমলাৰ বাহিনীক ১৬৬২ চনত। আৰু এনেদৰে প্ৰজাৰ তেজ–ঘাম–চকুলোৰে গঢ়া দেশখনক ডাঙৰীয়াসকলেই নিজৰ স্বাৰ্থৰ বাবে ভগনীয়া–মগনীয়াৰ দেশ কৰি তুলিছিল।

বুৰঞ্জী হৈছে অতীত জ্ঞানৰ ভঁৰাল। সি বাৰে বাৰে পুনৰাবৃতি কৰে প্ৰথমে প্ৰহসন ৰূপে আৰু পিছত শোক গাঁথা ৰূপে। History repeats first as a face and then as a tragedy– again and again। অসমৰ ১৭৯২ চনৰপৰা ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিলৈ– তাৰপৰা পলাশীৰ যুদ্ধৰ ১৭৫৭ চনত জগত শ্বেঠ – মীৰজাফৰৰ আত্মসমৰ্পন আৰু ১৯৪৭ চনলৈ আৰু তাৰ পিছত ৭৫ বছৰ– বুৰঞ্জীয়ে আমাক নেৰে।

বাজেটখন বৰ্তমান– পঞ্জিকা ভৱিষ্যতৰ সম্ভাৱনাৰ বাবে এক অলীক সপোন। কিন্তু কালচক্ৰই আমাক নেৰে। মহাকাব্যৰ বৰ্ণানাত সত্যই আছে। আৰু তেনে এক মহাকাব্যত নেতাজীৰ স্থান নাই।

আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক নেতাজীৰ প্ৰকৃত চিনাকী হৈছে– হৰিপুৰা কংগ্ৰেছৰ সভাপতি হিচাপে দিয়া ভাষণটো জমিদাৰী প্ৰথাৰ অৱসান, সমাজবাদী পথেৰে ভূমি সংস্কাৰ, ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত। গধূৰ শিল্প স্থাপন আদি ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক কথাবোৰ ৰ’বাৰ্ট ক্লাইভক বাট দেখুৱাই অনা জগৎ শ্বেঠ– মীৰজাফৰৰ দলৰ বাবে অসহনীয়।

নেতাজীয়ে বল প্ৰয়োগেৰে আনিব বিচৰা স্বাধীনতাত স্বাভাৱিকভাৱে দেশ বিভাজনৰ কথা নাহে, চুবুৰীয়া চীনৰ লগতে ছোভিয়েট দেশৰ লগত শত্ৰুতাৰ কথা নাহে আৰু নাহিলহেতেন যুক্তৰাষ্ট্ৰৰ শাসকসকলৰ লগত বন্ধুত্ব। তেওঁৰ গুৰু স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) বিশ্বযুদ্ধ হোৱাৰ আগেয়ে দুটা কথা কৈছিল। ১) আজিৰ ইউৰোপ আগ্নেয়গিৰিৰ ওপৰতে বহি আছে। ২) আমেৰিকা বদমাচ দালাল সকলৰ কব্জাত (Europe is sitting on a Volcano and America is in the grip of shylocks)।

ভৱিষ্যতৰ পৃথিৱী তেওঁৰ মতে হ’ব শূদ্ৰ পৃথিৱী আৰু চীন আৰু ৰাছিয়াত ই দেখা দিব। আজিৰ যুদ্ধই তাৰেই ইংগিত দিছে। বিচ্যুত ৰাছিয়া আৰু চীনৰ নৱনিৰ্মাণ হ’ব য’ত ভাৰতেই হ’ব বিশ্বগুৰু। বৰ্তমানে ভাৰতবৰ্ষৰ দ্বন্দ– অন্তৰ্দ্বন্দই তাৰেই ইংগিত দিছে।

নেতাজী সুভাষে দি থৈ যোৱা মহৎ কথাবোৰেহে ভাৰতবৰ্ষক ভাগবাঢ়ি গৈ ব্ৰিটিছমুক্ত ভাৰতবৰ্ষ গঢ়িব। দেশৰ শাসন সেইমতে গঢ় ল’ব লাগিব। আজাদ হিন্দ ৰেডিঅ’ৰ যোগেদি নেতাজীয়ে কোৱা কথাবোৰ প্ৰতিজন ভাৰতীয়ই– ১৪০ কোটিয়ে হৃদয়ংগম কৰিব লাগিব।

বৰ্তমানৰ কালচক্ৰৰ পৰা মুক্ত কৰি নতুন ভাৰতবৰ্ষ নিৰ্মাণ কৰিব লাগিব। ১৪০ কোটি ভাৰতীয়ই নেতাজী সুভাষৰ অমৰ বাণীৰ সহায়ত– Immortal Words of Netaji।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward