প্ৰকাশিত তাৰিখঃ ৮ জুন, ২০২০
নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –
মদন ৰাভা, চল্লি, ৫৭ বছৰ। পত্নী–পুত্ৰৰ সৈতে তিনিজন সদস্যৰ এটি দৰিদ্ৰ কৃষক পৰিয়াল। জীৱনত অভাৱেই অভাৱ।সুষম আহাৰ কি তেওঁ কোনো দিনে দেখা নাই আৰু নামও শুনা নাই। দৈনন্দিন খাদ্যৰ তালিকাত অলপ আঞ্জাৰ সৈতে কেইটামান শুকান ভাত। জীৱনটো তেনেকৈয়ে অতিবাহিত হৈ আহিছে। একমাত্ৰ ল’ৰাজন মানসিকভাৱে অসুস্থ। অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰিবই পৰা নাই। সেয়ে চিকিৎসাৰ নামত বেজ–কবিৰাজৰ ওচৰত শৰণাপন্ন হ’ব লগা হৈছে। অৱশ্যে ল’ৰাজন অলপ সুস্থ হৈ উঠিলে পিতাকক কাম–বনত সহায় কৰি দিয়ে আৰু অসুস্থ হৈ পৰিলে ৰাষ্টাই–ঘাটে ঘূৰি ফুৰে। পৈতৃক সম্পত্তি চাৰি বিঘা তেওঁৰ ভাগতো পৰিছে। তাৰে দুই বিঘা বৰ্তমান অন্যৰ হাতত বন্ধকত আছে, বাকী দুই বিঘাতহে নিজে খেতি–বাতি কৰি আছে। লকডাউনৰ সময়ত ঘৰৰ সৰু বস্তিটোতে কাম–বন কৰি সময় পাৰ কৰিছে। জিকা, লেছেৰা, ৰঙালাউ পুলিয়ে গজালি মেলিছে গতিকে সেইবোৰকে পৰিচৰ্চা কৰি আছে। বৰ্তমান সেই পাচলি গছবোৰে দুই–এটাকৈ ফল দিব আৰম্ভ কৰিছে। ক’ৰ’ণা ভয়ংকৰ আৰু মুখত মাস্ক পিন্ধি মানুহে দূৰত্ব বজাই চলিব লাগে বুলি মানুহৰ মুখত শুনিছে। সেয়ে তেওঁ পাচলিৰ চাঙি তলত কাম কৰি থাকোতেও মাস্ক এখন পিন্ধি লৈছে। মাস্কখন তেওঁ নিজেই তৈয়াৰ কৰি লৈছে। অভাৱী মানুহ চল্লিশ–পঞ্চাশ টকাত মাস্ক এখন কিনি লোৱাৰ সামৰ্থ নাই। কিন্তু তেওঁ দায়িত্বশীল, সেয়ে সামাজিক দায়িত্ব পালন কৰিছে। ডেকাকালৰে পৰা অতিপাত পৰিশ্ৰম কৰি অহা কৃষকজনৰ শৰীৰত ব’ল–জোৰ কমি অহাত সকলো কাম কৰিব নোৱাৰা হৈছে। সেয়ে বাহিৰত দিন–হাজিৰা কৰিবলৈ সঘনাই নাযায়। কিয়নো গৃহস্থৰ হিচাপমতে তেখেতে কাম কৰিব নোৱাৰে, সেয়ে য’তে–ত’তে হাজিৰা কৰিবলৈ যোৱাটোকে এৰি কৰি দিছে।
একে গাঁৱৰে অন্য এজন কৃষক কমলেশ্বৰ ৰাভা। মদনৰ সৈতে সমবয়সীয়া কৃষকজনৰ সংসাৰত আছে পত্নী, ল’ৰা এজন আৰু তিনিজনীকৈ ছোৱালী। আজিৰ পৰা ৫০ বছৰ আগতে তেখেতৰ পিতৃয়ে বনাঞ্চলৰ উৰ্বৰভূমি প্ৰায় ১৫বিঘা দখল কৰিছিল। উক্ত ভূমিতে খেতিবাতি কৰি তেওঁৰ পিতৃয়ে পৰিয়ালটো পোহপাল দিছিল। এসময়ত পিতৃৰ লগত কমলেশ্বৰেও খেতিবাতিত সহযোগ কৰিছিল। পিতা–পু্ত্ৰই দিন–ৰাতি একাকাৰ কৰা পৰিশ্ৰমৰ অন্তত তেওঁলোকৰ খেতিপথাৰে নদন–বদন ৰূপ লৈছিল। ধান, মাহ, সৰিয়হ, ভোল–জিকা, লাউ–কোমোৰা, লেছেৰা, আলু, নেমু, চজিনা,
কল, তামোলেৰে সজাই তোলা বস্তিটোত নাছিল কি। অঞ্চলটোৰ সকলোৱে তেওঁলোকৰ কৃষিকৰ্মক প্ৰশংসা কৰিছিল। অঞ্চলটোৰ বহুলোকে তেওঁলোকৰ কৃষিক্ষেত্ৰ চাবলৈও গৈছিল। পিতৃৰ মৃত্যুৰ পাছত কমলেশ্বৰেই সেই ভূমিত খেতিবাতি কৰিছিল। পিতৃৰ অনুপস্থিতিতো তেখেতৰ উদ্যম কমি যোৱা নাছিল। কিন্তু অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ ক্ৰমান্বয়ে বাঢ়িব ধৰাত আজি পোন্ধৰ বছৰ আগতে সেই মাটিত খেতিবাতি কৰিবলৈ বাদ দিব লগা হৈছে। বৰ্তমান তেওঁৰ নিজা খেতিমাটি নাই কিন্তু ঘৰৰ ওচৰে–পাজৰে আধি–চুকানিৰে খেতিবাতি কৰি কেইটামান ধান সংগ্ৰহ কৰে। তাৰোপৰি নিজৰ গাঁওখনত অসম চৰকাৰৰ বন বিভাগে স্থাপন কৰা নাৰ্চাৰী এখনত মাহিলী ৫ হাজাৰ টকা মজুৰিত কামকৰি আছে। সেই নাৰ্চাৰীখনত কামকৰা আজি দহ বছৰ উকলি গ’ল। আৰম্ভণিকালত প্ৰতিমাহে মাত্ৰ দুই হাজাৰ টকাত কাম কৰিব লগা হৈছিল। ক্ৰমান্বয়ে আঢ়ৈ হাজাৰ, তিনি হাজাৰ, চাৰি হাজাৰকৈ মাহিলি মজুৰি লাভ কৰা কমলেশ্বৰে আজি কেইমাহমানআগৰেপৰা পাঁচ হাজাৰ লাভ কৰি আছে। এজনৰ উপাৰ্জনেৰে পাঁচজনীয়া পৰিয়ালটো চলাবলগীয়া হোৱাত তেখেতৰ ভীষণ অসুবিধা হৈছে যদিও কোনোৰকমে চলি আছে। বজাৰত উপলব্ধ সস্তীয়া মাস্কে শৰীৰৰ অনিষ্ট সাধন কৰে বুলি বিশ্বাস কৰা কমলেশ্বৰে আৰ্থিক অনাটনৰ বাবে দামী মাস্ক এখন কিনিবলৈও অপাৰগ। সেয়ে প্ৰয়োজনত গামোচা এখনকে মুখত পকাই লয়। অৱশ্যে অকলে থকা সময়ত সেইখন খুলি ৰাখে।

এসয়মত তেওঁলোকৰ গাঁওখনত এটি ঢুলীয়া দল আছিল। মুখ্য ঢুলীয়াজন সাংঘাতিক ভাওৰীয়া আছিল বাবে অঞ্চলটোত এই দলটো বৰ জনপ্ৰিয় হৈ পৰিছিল। দূৰ্গাপূজা, কালিপূজা, দৌলযাত্ৰা আদিত গুৱাহাটীৰ বিভিন্ন মঞ্চত ছং দেখুৱাবলৈ এই দলটি নিমন্ত্ৰিত হৈছিল। ডেকাকালত দুয়োজনে এই ঢুলীয়া দলটোত অভিনয় কৰিছিল। এজনে মন্ত্ৰী আৰু আনজনে সেনাপতিৰ ভাওত একেৰাহে দহ বছৰ মান অভিনয় কৰিছিল। খুহুটীয়া কথাৰে এসময়ত ৰাইজক হাঁহিৰ খোৰাক যোগোৱা মানুহ দুজনে আজি আৰ্থিক অনাটনত ভূগি নিজেই হাঁহিব পাহৰিছে। অভাৱে ৰং–ধেমালিবোৰ এফালৰ পৰা কাঢ়ি নিছে। সোণালি সেইদিনবোৰলৈ মনত পৰিলে আজিও তেওঁলোকৰ মনবোৰ ক্ষন্তেকৰ বাবে হ’লেও চঞ্চল নোহোৱাকৈ নাথাকে। তেওঁলোকে ভালকৈ ঢুকি নোপোৱা আজিকালিৰ মঞ্চ সাংস্কৃতিক অনুষ্ঠানবোৰৰ প্ৰতিও আক্ষেপ প্ৰকাশ কৰে।
দুয়োজন কৃষকে অতি দৰিদ্ৰ, গতিকে তেওঁলোকৰনো সুখ ক’ত? নে এসাজ ভালকৈ খাব পাইছে, নে এযোৰ ভাল কাপোৰ পিন্ধিব পাৰিছে, চৌদিশেই কেৱল অভাৱ। লকডাউন বুলিয়েই নহয় আন সময়তো অভাৱে তেওঁলোকৰ পিছ এৰা নিদিয়ে। দুয়োজনৰে পৰিয়ালত বি পি এল কাৰ্ড থকা বাবে কিছু সকাহ লাভ কৰিছে। অন্ততঃ লকডাউনৰ সময়ত সূলভ মূল্যৰ দোকানৰ জৰিয়তে চৰকাৰে আগবঢ়োৱা বিনামূলীয়া চাউলখিনি লাভ কৰিব পাৰিছে। দুয়োজনে কৃষকৰ সন্তান, এতিয়াও খেতি–বাতিত যথেষ্ট ৰাপ আছে কিন্তু অৰ্থ সংকটে অনবৰতে বাধা দি থাকে। ইপিনে, হাল বাবলৈও মদন, কমলেশ্বৰহঁতৰ নিজা গৰু এহাল নাই। আজিৰ দৰে আকাশলংঘা দাম দি জীৱনত বোধহয় তেওঁলোকে কোনোদিনে এহাল গৰু কিনিবলৈ সমৰ্থ নহ’ব। সেয়ে পৰম্পৰাগত পদ্ধতিৰ সলনি আধুনিক যুগৰ অৱদান টেক্টৰ লগাই তেওঁলোকে খেতি–বাতিৰ কামখিনি সমাপন কৰে। ধাৰ–ঋণেৰে ৰাসায়নিক সাৰ, ঔষধ কিনি খেতিপথাৰত প্ৰয়োগ কৰে। তাকৰীয়া মাটিত কৰা খেতিৰ ধানেৰে আৰু ৰেচন কাৰ্ডৰ পৰা লাভ কৰা চাউলেৰে বছৰটো কোনোমতে চলিব পাৰে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কথা তেওঁলোকে নাজানে, নাজানে কিষাণ ক্ৰেডিট কাৰ্ডৰ বিষয়েও। কৃষিৰ নামত কোনো সাহাৰ্য চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হোৱা নাই। পি এম কিষাণ আঁচনিৰ ধন পালে তেওঁলোকৰ খেতিখনত বহুখিনি সহায়ক হ’লহেতেন। কিন্তু সেয়াও ভাগ্যত নিমিলিল। দৰিদ্ৰ মানুহ, সা–সুবিধা, মান–মৰ্যাদা লাভৰ ক্ষেত্ৰতো যেন সকলো ফালৰ পৰাই বঞ্চিত। উপায় নাই, সকলোবোৰ ভাগ্যৰ লিখন বুলিয়েই তেওঁলোকে বিশ্বাস কৰে।
উল্লেখযোগ্য যে, আজি বিশ বছৰ আগতে দুয়োজনে লাভ কৰিছিল ইন্দিৰা আৱাস যোজনাৰ অধীনত একোটিকৈ ঘৰ। প্ৰথম কিস্তিৰ ধন হাতত পৰাৰ পাছত প্লিণ্ঠৰ কামখিনি সম্পূৰ্ণ কৰি উঠিছিলহে, কিন্তু তেনেসময়তে পৰিয়াল দুটিলৈ নামি আহিল দূৰ্ভিক্ষ। দুয়োজন কৃষকৰে ল’ৰা দুজনৰ ডাঙৰ বেমাৰ হোৱাত মেডিকেলত ভৰ্তি কৰিবলগীয়া হ’ল। ঘৰৰ প্লিণ্ঠটো নিৰ্মাণ কৰি উঠাৰ পাছত যি টকা হাতত জমা ৰৈছিল সেইখিনিকে চিকিৎসাৰ নামত খৰচ কৰিবলগা হয়। দ্বিতীয় কিস্তিৰ ধনেৰে কাম কৰিবলৈ যো–যা চলোৱাৰ সময়তে এইবাৰ কমলেশ্বৰৰ বেমাৰ হৈ মেডিকেলত থাকিব লগা হ’ল। বিপৰীতে মদনেও ল’ৰাটোক পুনৰ চিকিৎসা কৰিব লগা হ’ল। ঘৰ নিৰ্মাণৰ অন্তিম ধনখিনিও বেমাৰে শেষ কৰি নিলে। সেইদিন ধৰি কৃষক দুজনৰ ঘৰ দুটাৰ নিৰ্মাণ কাৰ্য আধৰুৱা হৈয়েই ৰ’ল। অৱশ্যে, হাতত টকা–পইচা হাতত জমা হ’লে সপোনৰ ঘৰটোৰ বাকীখিনি কাম সম্পূৰ্ণ কৰাৰ আশা মনতে পুহি ৰাখিছে। তেওঁলোকৰ মনৰ আশাই কোনদিনা পূৰ্ণতা পায় সেইটো নেদেখাজনেহে জানে। সময় কি নিষ্ঠুৰ! ভগৱানে যেন ঘৰ নিৰ্মাণৰ টকাকেইটা মুকলি কৰা সময়কে বাট চাই আছিল। অসহায় কৃষক দুজনক সহায়ৰ বাবে চৰকাৰেই পদক্ষেপ ল’ব লাগিব। এইক্ষেত্ৰত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাইয়ো সক্ৰিয় ভূমিকা গ্ৰহণ কৰক। নহ’লে পৰিয়াল দুটা পানীত ডুব যাব।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News