Thursday, April 18, 2024
HomeARTICLEচৰকাৰৰ কোনো সাহাৰ্য আঁচনিয়ে ঢুকি নোপোৱা কৃষকসকলৰ কথাৰে

চৰকাৰৰ কোনো সাহাৰ্য আঁচনিয়ে ঢুকি নোপোৱা কৃষকসকলৰ কথাৰে

প্ৰকাশিত তাৰিখঃ ১জুন, ২০২০
নীৰেন্দ্ৰ প্ৰসাদ ৰাভা
নিৰ্বাচনৰ ফলাফলৰ দৰে ৰাজ্যখনত এতিয়া ক’ৰ’ণা প’জিটিভ সংখ্যা বাঢ়িব ধৰিছে। ক’ৰ’ণাৰ সংক্ৰমণে ৰূদ্ৰ ৰূপ ধাৰণ কৰাত ভয়শংকাৰ মাজেৰে ৰাজ্যৰ জনসাধাৰণেও দিন অতিবাহিত কৰিব লগা হৈছে। কষক ৰাইজ পথাৰত নমাৰ কাৰণে টঙালি বন্ধাৰ সময় হৈছিলহে, তেনে সময়তে ক’ৰ’ণাৰ সংক্ৰমণেও ৰূদ্ৰ ৰূপ ধাৰণ কৰিছে। পথাৰত নমাৰ আগে আগে ক’ৰ’ণা প্ৰতিৰোধ হ’ব বুলি কৃষকসকলে আশা কৰিছিল যদিও তাৰ বিপৰীত ছবিহে দেখা গ’ল। অৱশেষত ক’ৰ’ণাৰ ভয়শংকাৰ বোজা বোকোচাত লৈয়েই কৃষক সমাজ পথাৰত নামিব লাগিব। 
পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী অঞ্চলত ধান খেতিৰ বাদেও উদ্যানশস্য, পশুপালন, কাঠফুলা আদি খেতিৰ লগত জড়িত হৈ আছে অসংখ্যলোক। লকডাউনৰ সময়ছোৱাত তেনে কেইজনমান কৃষকৰ কিছু মনৰ কথা প্ৰথম প্ৰতিবেদনত প্ৰকাশ কৰা হ’ল
ৰাণীৰ পৰা ৪ কিলোমিটাৰ আঁতৰৰ মাণিকপুৰ গাঁৱত ঘৰ হোজা খেতিয়ক বটহু দাসৰ। ৫৫ বছৰীয়া কৃষকজনৰ পত্নীৰ লগতে তিনিজন ল’ৰাৰে এখন সুখৰ সংসাৰ। ডাঙৰ ল’ৰাজনক স্থানীয় মৈৰাপুৰ চ’কত এখন দোকান পাতি দিছে। মাজু ল’ৰাই পিতাকৰ সতে থাকি খেতিবাতিত সহযোগ কৰে আৰু সৰু ল’ৰাই জেচিবি গাড়ীত সহায়ক হিচাপে কাম কৰে। উক্ত খেতিয়কজনৰ ৮বিঘা মাটি আছে তাৰে ৪ বিঘা খেতিমাটি আৰু ৪ বিঘা বস্তি মাটি। কল, তামোল, নাৰিকল, বাঁহৰে পৰিপূৰ্ণ বস্তিটোত তিনিশ জোপা পৈণত তামোল গছৰ এখন বাগান আছে। আজিৰ পৰা চাৰি বছৰ আগতে সেই বাগানৰ তামোল গছত আঢ়ৈশ জোপা জালুকৰ কলম ৰোপণ কৰিছিল। পৈণত হোৱা সেই জালুক গছৰ পৰা আজি সম্পূৰ্ণৰূপে উৎপাদন লাভ কৰিবলৈ সক্ষম হৈছে। যোৱাটো বৰ্ষত তেওঁৰ বাগানত ২১২ কেজি জালুক উৎপাদন হৈছিল। প্ৰতি কেজি জালুকত চাৰিশ পঞ্চাশ টকাকৈ বেছি মুঠ ৯৫ হেজাৰ টকা লাভ কৰিছে। এই বৰ্ষতো প্ৰায় চাৰিশ সত্তৰ কেজি জালুক উৎপাদন হৈছে। কিন্তু এইপৰ্যন্ত বিক্ৰী কৰিব পৰা নাই। জালুক কিনিবলৈ বহুকেইজন বেপাৰী আহিছিল যদিও লক্‌ডাউনৰ অজুহাতত তেওঁলোকে দুশ টকাৰ ওপৰত দাম দিব খোজা নাই। জালুকৰ দাম উঠিব নে নুঠে সেই কথাই তেখেতক চিন্তিত কৰি তুলিছে। তদুপৰি জালুকবোৰ যদি অতিসোণকালে বেছিব নোৱাৰে তেনেহ’লে সেমেকি উঠিব আৰু সেমেকি উঠাৰ লগে লগে তাৰ দামও কমি যাব। কৰ্ম ব্যস্ততাৰ মাজতে তেখেতে দুজনী মাইকী গাহৰিৰ লগতে হাঁহমুৰ্গী, পাৰ আদিও পালন কৰিছে। ইপিনে, ১লাখ ত্ৰিশ হেজাৰ টকা ব্যয় কৰি ঘৰতে স্থাপন কৰিছে এটা ধান বনা কল। পাঁচ বছৰ আগতে তেখেতে বি পি এল কাৰ্ডও লাভ আছে। লকডাউনৰ সময়ত চৰকাৰে যোগান ধৰা ফ্ৰী চাউল লাভ কৰিছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ধনৰ বাবে ৰাণীৰ কৃষি উন্নয়ন চক্ৰত আবেদন কৰিছিল যদিও সেয়া লাভ কৰিবলৈ সক্ষম নহ’ল। কে চি চি ঋণ কি তেখেতে নাজানে। সেয়াই নহয় কৃষকৰ উন্নয়নৰ বাবে প্ৰদান কৰা চৰকাৰৰ বহু আঁচনিৰ কথাই তেখেতে নাজানে।
একেখন গাঁৱৰে বাসিন্দা ষাঠিটা বসন্তস গৰকা অনিল দাস। তেখেতেও নিজৰ ৭ বিঘা বস্তিৰ আধাত তামোলপান, জালুক ৰোপণ কৰিছে। বটহুৰ দৰে একে সময়তে ৰোপণ কৰা জালুকৰ পৰা অনিলেও উপাৰ্জন লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, ৰাধিকা দাস (৩৫), বিশেষভাৱে সক্ষম যুৱকজনৰো আছে তিনি বিঘাৰ বস্তি এটা। উক্ত বস্তিত তামোলৰ বাগান এখন থকাৰ লগতে জালুক, পান আদিও ৰোপণ কৰিছে। বৰ্তমান উৎপাদনক্ষম হোৱা জালুক গছ সমূহৰ পৰা উপাৰ্জন লাভ কৰি আছে। 
পুৰাণশুকুৰেবীয়াৰ মোহন ৰাভা (৬৫) নামৰ কৃষকজনৰ ৮ বিঘা কৃষিভূমি আছিল। অঞ্চলটোত হোৱা বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত ৪বিঘা মাটিত ধান খেতি সম্পূৰ্ণৰূপে বাদ দিব লগা হৈছে। এতিয়া বাকী থকা ৪ বিঘা আৰু পাৰিলে আধিচুকানিত মাটি চহ কৰি কোনোমতে চলি আছে। আঢ়ৈ বিঘাৰ বস্তিটোত নাৰিকল, তামোল ৰোপণ কৰিছে। প্ৰতিজোপা তামোল গছত জালুক আৰু কম পৰিমাণে পানৰ গছ ৰোপণ কৰিছে। বৰ্তমান পৈণত হোৱা জালুক গছবোৰৰ পৰা ফল লাভ কৰিছে। যোৱা বছৰ ১২ কেজি জালুকত ২৫০ টকাকৈ মুঠ ৩হেজাৰ টকা লাভ কৰিছে। এইবাৰ তেখেতে ১৩ কেজি জালুক লাভ কৰিছে আৰু লকডাউনৰ সময়ছোৱাতে প্ৰতি কেজিত আঢ়ৈশ টকাকৈ বিক্ৰী কৰিছে। মোহন ৰাভাৰ সংসাৰত পুত্ৰবোৱাৰী, নাতিনাতিনী আছে। তেখেতৰ পুত্ৰই সৰুকৈ এখন গাহৰি পাম আৰম্ভ কৰিছে। পামত বৰ্তমান ৫টা গাহৰি আছে। তদুপৰি ল’কেল কুকুৰাও বহুকেইটা পুহিছে। কৃষকজনৰ পৰিয়ালত বি পি এল কাৰ্ড থকাৰ লগতে এই কাৰ্ডৰ যোগেদি চৰকাৰৰ পৰা বিনামূলীয়া চাউল লাভ কৰিছে। তেখেতে পি এম কিষাণ আঁচনিৰ বাবে আবেদনৰ সময়কে জানিব নোৱাৰিলে। বাহিৰত জালুকৰ বহু দাম চলি থকা বুলি ইমান বছৰে শুনিহে আছিল কিন্তু তেখেতে উৎপাদন কৰা জালুকত কোনোদিনে সেই দাম লাভ কৰিবলৈ সক্ষম হোৱা নাই।  
জয় বসুমতাৰী, আন্ধেৰীজুলি গাঁৱৰ এজন যুৱ উদ্যমী। আজি চাৰি বছৰ ধৰি তেখেতে কাঠফুলা খেতি কৰি আহিছে। লকডাউনৰ প্ৰথম সময়ছোৱাতে তেখেতে সকলোবোৰ কেঁচা কাঠফুলা বিক্ৰী কৰি উঠিছিল। তাৰ পিছৰ গোটটোৰ বাবে প্ৰয়োজনীয় ধানখেৰ লগতে অন্যান্য সাসামগ্ৰী প্ৰস্তুত কৰি উঠিছিল। কোনো অসুবিধা নাথাকিলে এপ্ৰিলৰ আৰম্ভণিতে কাঠফুলা টোপোলা সমূহ সাজু কৰাৰ কথা আছিল। কিন্তু লকডাউনৰ কাৰণে সকলোবোৰ ওলটপালট লাগি গ’ল। আনপিনে, গাহৰি পাম পৰিচালনাৰ বাবে এলানী প্ৰশিক্ষণ ২০১৯তে সমাপ্ত কৰি থৈছিল। নিজৰ ঘৰতে স্থাপন কৰিব সপোনৰ এখন গাহৰি পাম। য’ত নিজে সংস্থাপিত হোৱাৰ লগতে দুইএজনক সংস্থাপিত কৰিব পাৰিব। গাহৰিৰ গৰাঁলসমূহ ইতিমধ্যে সাজু কৰি তুলিছে। তেনে সময়তে আহি গ’ল আফ্ৰিকান ছোৱাই ফিভাৰ নামৰ গাহৰিৰ মহামাৰীবিধ। গতিকে গাহৰি পামৰ পৰিকল্পনা সিমানতে পেলাই থ’ব লগা হৈছে। সম্প্ৰতি কৰ্মহীন হৈ পৰা বসুমতাৰীয়ে ল’কেল কুকুৰা পোৱালি এশটামান পোহাৰ মন মেলিছিল। কিন্তু তাতো কেনা লাগিল। বৰ্তমান পৰিস্থিতিত কুকুৰা গঁৰালৰ বাবে প্ৰয়োজনীয় নেট, পোৱালি, দানা আদি সংগ্ৰহ কৰাটোই জটিল হৈ পৰিছে। ইপিনে, ল’কেল কুকুৰাৰ পোৱালি যোগান ধৰা প্ৰতিষ্ঠান সমূহ হ’ল বৰপেটা ৰ’ড, হাউলী আদিৰ। লকডাউনৰ কাৰণে তেওঁলোকেও গুৱাহাটীলৈ পোৱালি যোগান ধৰিব পৰা নাই।  সম্প্ৰতি গুৱাহাটী মহানগৰীত তীব্ৰ ৰূপত ক’ৰ’ণা প’জিটিভৰ সংখ্যা বাঢ়ি আছে। তেনেক্ষেত্ৰত চহৰখনলৈ যোৱাটোও এটা চিন্তাৰ কাৰণ হৈ পৰা বুলি যুৱকজনে ব্যক্ত কৰিছে।
         
উল্লেখযোগ্য যে, প্ৰতিখন চৰকাৰেই কৃষকৰ উন্নয়নৰ নামত অসংখ্য আঁচনি যুগুতাই উলিয়াইছে। সেই অনুসৰি অনুদান লাভ কৰিলে কৃষকসকল উন্নতিৰ শীৰ্ষ পৰ্যায়ত উপনীত হ’ব পাৰিলেহেতেন, কিন্তু বাস্তৱত হৈ আছে কি? অঞ্চলটোত মোহন, বটহুৰ দৰে অলেখ খাটিখোৱা কৃষক আছে যিয়ে বছৰ বছৰ ধৰি চৰকাৰী সাহাৰ্য লাভৰ পৰা বঞ্চিত হৈ আহিছে। চৰকাৰে জয় বসুমতাৰীহতৰ দৰে উদ্যমী যুৱকসকলৰ কথাও ভাৱকচোন। কৃষকক অধিক উৎপাদনক্ষম কৰি তুলিবলৈ চৰকাৰৰ কৰিবলগীয়া একোৱেই নাই নে? নিজৰ ব’লত উঠি অহা কৃষকসকলে উৎপাদিত ফচল বিক্ৰীৰ বাবে উপযুক্ত বজাৰৰ সমস্যাত ভূগি আহিছে। কৃষকে পাবলগীয়া আৰ্থিক সাহাৰ্য লাভ কৰে কৃষিৰ লগত জড়িত নথকা ব্যক্তিয়ে। কৃষকৰ অভাৱ অভিযোগৰ খাখবৰ ৰাখিবলৈ চৰকাৰৰ এটা বিয়াগোম বিভাগ আৰু তাত বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰী নিযুক্ত হৈ আছে। কৃষকসকলৰ অভাৱ অভিযোগৰ তথ্যপাতি সংগ্ৰহ কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক অৱগত কৰোৱাটোৱে তেওঁলোকৰ মূল দায়িত্ব আছিল। কিন্তু কৃষি বিভাগৰ কৰ্মচাৰীসকল কৃষকৰ ওচৰত যায় নে? বাস্তৱত
কিন্তু কৃষক সকলেহে বিভাগৰ কাৰ্যালয়ে কাৰ্যালয়ে দৌৰি ফুৰিবলগীয়া হৈছে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward