প্ৰকাশিত তাৰিখঃ ১৭ আগষ্ট, ২০২০
নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –
অসমৰ যুৱ প্ৰজন্ম কৃষিৰ প্ৰতি আগ্ৰহী নহয় বুলি ৰাজ্যখনৰ কৃষি মন্ত্ৰী অতুল বৰাই ব্যক্ত কৰিছে। চৰকাৰে যুৱ প্ৰজন্মক খেতিৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ সক্ষম হোৱা নাই। ৰাজ্যৰ যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ জুবিন গাৰ্গৰ দৰে শিল্পীক ৰাজ্যৰ কৃষি খণ্ডৰ ব্ৰেণ্ড এম্বেচাদৰ নিয়োগ কৰিব লগা হৈছে। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গেও ব্যক্ত কৰিছে– আমাৰ যুৱ প্ৰজন্ম কৃষিৰ প্ৰতি আগ্ৰহী নহয় বুলি, সেয়ে এইবাৰ তেওঁ হাতে–কামে খেতি পথাৰত নামিব। অসমখনকো ভিয়েটনামৰ খেতিপথাৰৰ দৰে গঢ়ি তুলিব। জুবিন গাৰ্গৰ কথা যুৱ প্ৰজন্মই পালন কৰে। গতিকে তেখেতে কোৱা মাত্ৰেই যুৱ প্ৰজন্মৰ এক বিশাল অংশই যে খেতিপথাৰত নামি পৰিব সেয়া খাটাং। জুবিনৰ নেতৃত্বত পথাৰত নামিব যুৱ প্ৰজন্মৰ কৃষক, যুৱ প্ৰজন্মত কৃষকৰ সংখ্যা বাঢ়িলে অসমৰ কৃষি অৰ্থনীতিও টনকিয়াল হ’ব। কথাটো আদৰণীয়।
ভিয়েটনাম ১৯৮০ চনলৈকে এখন ভোকাতুৰ দেশ হিচাপেই বিশ্বত পৰিচিত আছিল। ভিয়েটনাম অসমতকৈ সৰু ৰাষ্ট্ৰ যদিও– তাৰ চৰকাৰখনে কৃষিখণ্ডক উন্নত কৰি তুলিবলৈ শক্তিশালী কৃষি নীতি গ্ৰহণ কৰিছিল। কৃষিখণ্ডৰ জৰিয়তে আমূল পৰিৱৰ্তন হোৱা দেশখনে আজি বিশ্বৰ আগশাৰীৰ দেশৰ সৈতে শাৰী পূৰাবলৈ সক্ষম হৈছে। কালিলৈকে ভোকাতুৰ দেশ হিচাপেখ্যাত ভিয়েটনাম আজি দোপতদোপে উন্নতিৰ জখলাত বগাবলৈ সক্ষম হোৱাৰ মূলতে হ’ল দেশখনে গ্ৰহণ কৰা শক্তিশালী কৃষি নীতি। কৃষকক শক্তিশালি কৰিবলৈ শক্তিশালী কৃষি নীতিও লাগিব। সেয়েহে ভিয়েটনাম কমিউনিষ্ট চৰকাৰে ১৯৮৬ ‘দৈ মৈ’ (Doi Moi) শীৰ্ষক এক অভিলাষী আঁচনি গ্ৰহণ কৰে। যিখন আঁচনিৰ জৰিয়তে সমগ্ৰ দেশখনৰ আমুল পৰিৱৰ্তন হয়। উল্লেখ্য যে, পূৰ্বতে ভিয়েনামৰ কৃষি ব্যৱস্থা আছিল ৰাজহুৱা কিন্তু এই ব্যৱস্থাত কৃষকসকল ফলপ্ৰসু নোহোৱাত ব্যক্তিগত কৃষি ব্যৱস্থা গ্ৰহণ কৰা হয়। সেই অনুসৰি– ১৯৮৮ চনত চৰকাৰী কৃষি ভূমিসমূহ কৃষকৰ মাজত বিতৰণৰ ব্যৱস্থা কৰা হয়। হ্ৰস্বকালীন কৃষি ব্যৱস্থাত ১৫ বছৰ আৰু দীৰ্ঘকালীন কৃষি ব্যৱস্থাত ৪০ বছৰ কাল কৃষকক বিনামূলীয়াভাৱে ভূমি এৰি দিছিল। তদুপৰি– ১৯৮৮ চনত চৰকাৰে পূৰ্বৰ ভূমি নীতি সংস্কাৰ সাধন কৰি লেণ্ড এক্ট– ১৯৮৮ গ্ৰহণ কৰে আৰু এই আইন অনুসৰি কৃষকক ভুমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰে। ১৯৯০ চনত ভিয়েটনাম চৰকাৰে উৎপাদিত সামগ্ৰীসমূহ মুকলি বজাৰত বিক্ৰীৰ বাবে কৃষকক অনুমতি প্ৰদান কৰে। দেশখনৰ নদী সমূহত বান্ধ নিৰ্মাণ কৰি কৃষকৰ পথাৰত বিনামূলীয়াকৈ পানী যোগানৰ ব্যৱস্থা কৰিছে। ৰাষ্টা–ঘাট, দলং, মথাউৰী নিৰ্মাণ কৰি সূচল ব্যৱস্থা গঢ়ি তুলিছে। প্ৰয়োজনীয় সাৰ, ঔষধ কম দামত যোগান ধৰিছে। কৃষি উৎপাদিত সামগ্ৰীৰ ওপৰত কৰ–কাটল আৰোপ সম্পূৰ্ণৰূপে মুক্ত কৰিছে। সেয়ে নহয় কৃষি সা–সঁজুলি ৰপ্তানিকাৰী দেশসমূহকো কৰৰ বোজাৰ পৰা বহু পৰিমাণে ৰেহাই ঘোষণা কৰিছে। চৰকাৰে উৎপাদিত সামগ্ৰীৰ উপযুক্ত দাম নিৰ্ধাৰণ আৰু বজাৰৰ ব্যৱস্থা কৰি দিয়াত এই ব্যৱস্থাটোৰ প্ৰতি কৃষকসকল আকৰ্ষিত হৈ পৰে আৰু দুগুণ উৎসাহেৰে কৃষিকৰ্মত জড়িত হৈ পৰে দেশৰ কৃষকসকল। যাৰ ফলত আজি ভিয়েটনাম বিশ্বৰ তৃতীয় বৃহৎ খাদ্য সামগ্ৰী উৎপাদন ও ৰপ্তানিকাৰী দেশলৈ উন্নীত হ’ব পাৰিছে।
বিপৰীতে, আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰী–আমোলা লগত লৈ কৃষি পদ্ধতি অধ্যয়নৰ বাবে ২০১৮ চনত ভিয়েটনাম ভ্ৰমণ কৰিছিল। সেই দেশখনৰ কৃষি পদ্ধতি চাই আহি তাৰ আৰ্হিত নিজৰ ৰাজ্যখনত কি ব্যৱস্থা গ্ৰহণ কৰিলে সেয়া অসমৰ ৰাইজে দেখি আহিছে। অসমৰ কৃষকসকলক যদি ভিয়েটনামৰ কৃষকসকলৰ দৰে আগুৱাই নিব খোজে তেনেহ’লে সেই দেশখনৰ দৰে কৃষকৰ আমূল পৰিৱৰ্তন সাধিব পৰা নীতি গ্ৰহণ কৰিবই লাগিব। ভিয়েটনামৰ দৰে সুবিধা লাভৰ বাবে আমাৰ ৰাজ্যৰ কৃষকসকলৰ সৌভাগ্য ঘটিব নে কেতিয়াবা? ৰাজ্যখনত এতিয়াও বৰ্তি আছে সাতামপুৰুষীয়া ভূমিনীতি। আতা–পিতাৰ নামত থকা ভূমি এতিয়াও পু্ত্ৰ–নাতিৰ নামত নামজাৰী হোৱা নাই। এই কামফেৰা কৰিবলৈ যাওঁতে স্থানীয় চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিষয়া–কৰ্মচাৰীৰ ওচৰত বিঘাই প্ৰতি কিমান হেজাৰ টকা ভৰিব লাগে সেই অভিজ্ঞতা নোহোৱা মানুহ বোধহয় কমকৈ ওলাব। টকা খৰচ নকৰিলে চক্ৰ বিষয়াৰ কাৰ্যালয়ত কোনো কামেই সহজে হৈ নুঠে। ইয়াৰ ফলত ৰাজ্যৰ কৃষকসকলে কে চি চি ঋণকে আদিকৰি বিভিন্ন চৰকাৰী সা–সুবিধাৰ পৰা বঞ্চিত হ’বলগা হৈছে। ইপিনে, ৭০–৮০ বছৰে চৰকাৰী ভূমিত বসবাস কৰি থকা হেজাৰ–বিজাৰ কৃষকক এইপৰ্যন্ত ভূমিৰ আবণ্টনেই দিয়া নাই। শ শ বছৰ ধৰি বন ভূমিত বসবাস কৰা লোকসকলৰো ভূমিৰ স্থায়ী ব্যৱস্থা আজিও নহ’ল। বে–দখলী আখ্যা পোৱা এই লোকসকলক সময়ে সময়ে উচ্ছেদৰ নামত হাৰাশাস্তি কৰি থকা হয়। আনহাতে– ৰাজ্যখনৰ জৰাজীৰ্ণ মথাউৰী সমূহৰো নাই কোনো মেৰামতিৰ ব্যৱস্থা। কৃষকসকলৰ কল্যাণৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিৰ সংখ্যা বাঢ়িলেও প্ৰকৃততে কৃষিৰ লগত জড়িত লোকসকলে আজি এই সুবিধা লাভৰ পৰাও বঞ্চিত হৈ আছে। প্ৰতিবছৰে ৰাজ্যখনক জুৰুলা কৰা বানপানীৰ স্থায়ী সমাধান আজিও নহ’ল। কৃষকৰ উৎপাদিত সামগ্ৰী উচিত দামত বিক্ৰীৰ বাবেও নাই উপযুক্ত বজাৰ ব্যৱস্থা। যাৰ সুবিধা গ্ৰহণ কৰিছে মধ্যভোগীয়ে। সেয়ে ব্যক্তিগত প্ৰচেষ্টাত খেতিকৰি অহা কৃষকসকলৰ উৎপাদিত ফচলৰ উপযুক্ত দাম নাপাই বৃহৎ লোকচানৰ সন্মুখীণ হ’বলগীয়া হৈছে। ৰাজ্যখনৰ অধিক সংখ্যক লোকৰ জীৱন–জীৱিকাৰ প্ৰধান উৎস হ’ল কৃষি। কৃষিক্ষেত্ৰৰ আয়ৰ ওপৰত নিৰ্ভৰশীল এইসকল লোকৰ। অথচ আজি সকলোতকৈ উপেক্ষিত এই কৃষিক্ষেত্ৰ, খেতিকৰি জীৱিকা নিৰ্বাহ কৰাসকল। এয়াই আমাৰ অসমৰ জীয়া ছবি।
তেনেক্ষেত্ৰত– ৰাজ্যৰ যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ শক্তিশালী কৃষি নীতিৰ নে ব্ৰেণ্ড এম্বেচাদৰৰ প্ৰয়োজন বেছি? দীৰ্ঘ্যম্যাদী কৃষি আঁচনি অবিহনে অকল এম্বেচাদৰ নিয়োগেৰে অধিক ফলপ্ৰসু কৰি তুলিব পৰা যাবনে ৰাজ্যৰ কৃষিখণ্ডক? এবাৰ লোকচানৰ সন্মুখীণ হোৱাৰ পাছত কোনোবাই খেতি কৰিবলৈ আগ্ৰহী হৈ উঠিব নে? সেইটোহে আজিৰ তাৰিখত কোটিটকীয়া প্ৰশ্ন। সেয়ে– ৰাইজে এতিয়া ভাবিবলৈ আৰম্ভ কৰিছে– এয়া যুৱ প্ৰজন্মৰ কৃষক সৃষ্টিৰ বাবে নহয় সমাগত নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰহে কৌশল? অৱশ্যে, স্পষ্ট ছবিখন চাবলৈ সময়লৈ অপেক্ষা কৰিবই লাগিব।
শিৰোনামৰ ফটোঃ প্ৰভাত ৰাভা, ষ্টাফ ফটোগ্ৰাফাৰ
Title Pix: Prabhat Rabha, Staff Photographer