Saturday, April 20, 2024
HomeARTICLEলকডাউনৰ প্ৰভাৱে ৰাণী অঞ্চলক ভ্ৰমণ উপযোগী কৰি তুলিছে      

লকডাউনৰ প্ৰভাৱে ৰাণী অঞ্চলক ভ্ৰমণ উপযোগী কৰি তুলিছে      

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

লকডাউন প্ৰকৃতিৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। লকডাউনে মানুহক অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত কৰিলেও ইয়াৰ বহুখিনি ইতিবাচক প্ৰভাৱ পৰিছে প্ৰকৃতিৰ ওপৰত। লকডাউনৰ বাবে গাড়ী–মটৰ, কল–কাৰখানা আদি বন্ধ হৈ পৰাত ইয়াৰ পৰা নিৰ্গত বিষাক্ত ক’লা ধোৱাৰ পৰিমাণো হ্ৰাস পাইছে। বায়ুমণ্ডল কাৰ্বনডাই অক্সাইডৰ পৰা বহু পৰিমাণে মুক্ত হোৱাত প্ৰকৃতিয়ে সেউজীয়া ৰূপত পুনৰ ঠন ধৰি উঠিছে। ইয়াৰ ফলত মানুহে অলপ শান্তিৰে ঘুৰাফুৰা কৰিব পৰা পৰিবেশ এটাৰ সৃষ্টি হৈছে, উশাহত নিৰ্মল বায়ু গ্ৰহণৰ সৌভাগ্য ঘটিছে। মাৰ্চ–এপ্ৰিলত গছ–লতাই কুঁহিপাত মেলিছে, কুলি–কেতেকী আদি চৰাইবোৰে পুনৰ ঘুৰি আহিছে। দীঘলি পুখুৰীকে আদিকৰি মহানগৰীৰ অন্যান্য খাল–বিলবোৰ হাঁহ, শৰালি লগতে বিভিন্ন প্ৰজাতিৰ চৰাই–চিৰিকটিৰ বিচৰণস্থলীলৈ পৰিৱৰ্তিত হৈ পৰিছে। মহানগৰখনৰ বাসিন্দাসকলে যেন ৩০ বছৰ আগৰ গুৱাহাটীখন এইবাৰ ঘূৰাই পাইছে। প্ৰকৃতিয়ে এইবাৰ গুৱাহাটী মহানগৰীক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।  

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে– এইবাৰ অসমৰ লগতে উত্তৰ–পূবৰ ৰাজ্যকেইখনত বৰষুণৰ পৰিমাণ ১৮শতাংশ বৃদ্ধি পাইছে। বিগত বৰ্ষবোৰৰ জুন–জুলাই মাহত গ্ৰীষ্ম প্ৰবাহে মহানগৰীৰ জনজীৱন বিপৰ্যস্ত কৰি তোলে যদিও এইবাৰ তেনে পৰিবেশৰ সৃষ্টি হোৱা নাই। যোৱাটো বৰ্ষৰ ৩০ জুলাইত সৰ্ব্বোচ্চ তাপমাত্ৰা আছিল ৩৮.৪ ডিগ্ৰী চেলছিয়াছ, কিন্তু এইবাৰ ৩০ জুলাইৰ সৰ্বোচ্চ তাপমাত্ৰা হ’ল ৩৩.২ ডিগ্ৰী চেলছিয়াছ। জুন–জুলাই মাহত বেছিদিন বৰষুণ হোৱা বাবে ৰাইজে উৎকট গৰমৰ পৰা পৰিত্ৰাণ লাভ কৰিছে। তেনেবোৰ পৰিস্থিতিলৈ লক্ষ্য কৰি এইবাৰ গুৱাহাটীবাসীয়ে হয়তো উৎকট গৰমৰ সোৱাদ নাপাব বুলিয়েই অনুমান কৰি লৈছিল কিজানি। কিন্তু আগষ্ট মাহৰ প্ৰথম সপ্তাহটোতে বতৰে সকলোবোৰ ওলোট–পালট লগাই দিলে। হঠাৎ নামি আহিল উৎকট গৰম। যোৱা ৫ আগষ্টত গুৱাহাটী মহানগৰীৰ তাপমাত্ৰাই ৩৮.৬ ডিগ্ৰী চেলছিয়াছলৈ গতি কৰিলে। বিগত কোনো এটা বছৰতে আগষ্ট মাহত তাপমাত্ৰাই ৩৮ ডিগ্ৰী অতিক্ৰম কৰাৰ নজিৰ নাছিল। তাপমাত্ৰাই উৰ্ধগামী ৰূপ লোৱাত দেশৰ দহখন গ্ৰীষ্ম চহৰৰ ভিতৰত পোন প্ৰথমবাৰ অন্তৰ্ভূক্ত হ’ল উত্তৰ–পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ নাম। উল্লেখ্য যে দেশৰ প্ৰথম গ্ৰীষ্ম চহৰখন হ’ল ৰাজস্থানৰ জয়চালেম, যাৰ– সৰ্ব্বোচ্চ তাপমাত্ৰা আছিল ৪৩.১ ডিগ্ৰী চেলছিয়াছ।

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অসম–মেঘালয় সীমান্তৱৰ্তী বৃহত্তৰ ৰাণী অঞ্চলটো এসময়ত মনোৰম প্ৰাকৃতিক পৰিবেশেৰে পৰিপূৰ্ণ আছিল। এচাম ধনলোভী মানুহৰ হাতোৰাত অতি কমদিনৰ ভিতৰতে ৰাণীৰ প্ৰকৃত ছবিখন পৰিৱৰ্তন হ’ল। বৰ্তমান ৰাণীৰ গাতে লাগি থকা মেঘালয়ৰ পাহাৰবোৰত সৰু–বৰ মিলি প্ৰায় ৪০০টা শিলৰ কোৱেৰী আৰু ৮০টা ক্ৰেচাৰ মেছিন আছে। অত্যাধুনিক প্ৰযুক্তি সম্পন্ন এই ক্ৰেচাৰ মেছিন সমূহ চলাবলৈ দৈনিক বহু পৰিমাণৰ শিলৰ প্ৰয়োজন হয়। সেয়ে সপ্তাহটোৰ বেছিদিন কোৱেৰীবোৰত শক্তিশালী বিস্ফোৰণ ঘটাইছিল। য’ত– ওচৰ চুবুৰীয়া ব্যক্তি, অনুষ্ঠান–প্ৰতিষ্ঠানৰ বহু সম্পদ ক্ষতিৰ সন্মুখীণ হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। শিল ভঙা মেছিনৰ পৰা নিৰ্গত ক’লা ধোৱা, ধূলি আৰু বিকট শব্দই বিগত কালছোৱাত অঞ্চলটোৰ ৰাইজক অতিষ্ঠ কৰি তুলিছে। তদুপৰি অঞ্চলটোৰ পথবোৰেদি শিল কঢ়িওৱা ডাম্পাৰ চলে প্ৰায় ২০০খন। শিল কঢ়িওৱা ডাম্পাৰবোৰৰ উৎপাতত সাধাৰণ ৰাইজ সেই পথেৰে যাতায়ত কৰিব নোৱাৰা অৱস্থা এটা হৈছিল। গাড়ীসমূহৰ পৰা নিৰ্গত ক’লা ধোৱা, উৰি অহা ধুলি–বালিয়েও পুনৰ এক অশ্বস্তিকৰ পৰিবেশ সৃষ্টি কৰিছিল। কিন্তু লকডাউনৰ বাবে উক্ত অঞ্চলটোৰ আশে–পাশে থকা কোৱেৰী–ক্ৰেচাৰ সমূহৰ উৎপাদনৰ কাম–কাজ প্ৰায় ৮০ শতাংশ বন্ধ হৈ পৰিছে। একেদৰে শিলৰ উৎপাদন বন্ধ হোৱাৰ লগেলগে শিল কঢ়িওৱা গাড়ী সমূহৰো চলাচল বন্ধ হৈ পৰিছে। ইপিনে– ৰাণী ঔদ্যোগীক এলেকাৰ ভালেসংখ্যক কল–কাৰখানা লকডাউনৰ কাৰণে বন্ধ হৈ পৰাত তাৰপৰা নিৰ্গত ক’লা ধোৱাৰ পৰিমাণও হ্ৰাস পাইছে।

উল্লেখযোগ্য যে, জুন–জুলাই এই দুটা মাহত এক’লেণ্ড বিনোদন পাৰ্কত দৰ্শনাৰ্থীৰ ভিৰ লাগে। প্ৰচণ্ড গৰমত অৱসৰ বিনোদন কটাবলৈ সপৰিয়ালে পাৰ্কখনলৈ আহে। কিন্তু লকডাউনৰ বাবে পাৰ্কখনও বন্ধ হৈ আছে। গতিকে এপলক জিৰণী ল’বলৈ ৰাণীৰ বিভিন্ন নদী–নিজৰা সমূহত মানুহে ঢাপলি মেলা পৰিলক্ষিত হৈছে। ৰাণীৰ মুখ্য বনভোজস্থলীৰ কপিলী নিজৰা, উমচালানী নদী, গণেশ মন্দিৰ, ছাটাৰগাঁৱৰ থিয়পানী জলপ্ৰপাত আৰু শুকুৰবেৰীয়াত প্ৰাকৃতিক পৰিবেশৰ মাজত গা–জুৰ পেলাবলৈ ভ্ৰমণপ্ৰিয় লোকসকল জাকে জাকে আহিব ধৰিছে। অৱশ্যে লকডাউনৰ বাবে আন্তঃজিলাৰ লোকসকল আহিব পৰা নাই।

প্ৰকৃতিৰ উত্তৰণত বাধা সৃষ্টি কৰা অপশক্তিবোৰ লকডাউনৰ ফলত এইপৰ্যন্ত মুৰ দাঙিব পৰা নাই। সেয়ে প্ৰকৃতিয়ে সেউজীয়া অৰণ্যৰে ভৰপূৰ হৈ পৰিছে। পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলটোও এইবাৰ সেউজীয়া ৰূপত ঠন ধৰি উঠিছে। এতিয়া ৰাণী ভ্ৰমণ প্ৰিয়সকলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ উপযুক্ত স্থান হৈ পৰিছে। শুকুলা মেঘ অথবা কলীয়া ডাৱৰে আৱৰা পাহাৰ, কলং পাহাৰৰ চূড়া, বৰষুণ প্ৰকৃতিৰ মাজত বৰ উপভোগ্য হৈ পৰে। আনকি প্ৰচণ্ড ৰ’দ অথবা গৰমতো প্ৰকৃতিৰ মাজত এক সুকীয়া আমেজ পোৱা যায়। সঁচাকৈ– প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলটোও শ্বিলং, চেৰাপুঞ্জী, মৌছিনৰাম অথবা হাফলঙতকৈ কোনো গুণে কম নহয়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

 

 

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

ফোন– 9864879643

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward