প্ৰকাশিত তাৰিখঃ২৩ মে’ ২০২২
কল্প ৰঞ্জন গগৈ–
আজিৰ ৰাছিয়া ১৯১৭ চনৰ বিপ্লৱে গঢ় দিয়া ছোভিয়েট মহাসংঘ নহয়। এই মহাসংঘ গঢ় লৈছিল ১৯২২ চনত, বিচ্যুত নোহোৱাকৈ থাকিল ষ্টেলিনৰ দিনলৈ– ১৯৫৩ চনলৈ– তাৰ পিছত নতুন নেতৃত্ব। কিছুলোকে কৈছিল এই মহাসংঘ পুৰণি সাম্ৰাজ্যবাদী যুগলৈ গতি কৰি হৈ পৰিছিল ৰুছ সামাজিল সাম্ৰাজ্যবাদী– Soviet Socialist Imperialisms। তাৰ পিছত শীতল যুদ্ধ আৰু অৱশেষত ১৯৯০– ৯১– ভঙা–চিঙা মহাপতন/ পতিত সাম্ৰাজ্যবাদী মহাসংঘ।
ভ্লাদিমিৰ লেলিনৰ বলছেভিক বাহিনীয় দিয়া New line of thinking– নতুন চিন্তা–দৰ্শনৰ পৰিণতিত গঠন হৈছিল নতুন ৰাছিয়া– সমাজতান্ত্ৰিক সমাজ গঢ়াৰ লক্ষ্যৰে। মনিষী কাৰ্লমাৰ্ক্সৰ (১৮১৩–১৮৮৩) মতে পুঁজিবাদৰ পিছৰ উন্নত স্তৰ– যিটো আচলতে এটা উত্তৰশীল স্তৰহে। এই দৰ্শনৰ মতে দ্বান্দিক প্ৰক্ৰিয়াৰে আগবাঢ়োতে কৰ্মী বাহিনীৰ মাজত থকা ‘পঞ্চম বাহিনী’ বা শত্ৰু বাহিনীৰ বাবে ই বিচ্যুত হয়গৈ আৰু তেনেকৈ ই এক বিকৃত ৰূপ ধাৰণ কৰে আৰু এনেকৈয়ে সমাজতন্ত্ৰ নামৰ সপোনটো বাগৰি পৰিল।
কোনোধৰণৰ বৌদ্ধিক বিতৰ্কলৈ নগৈ এটা কথা ক’ব পৰা যায় যে লেনিনৰ দিনৰ সংবিধানৰ আলম লৈয়ে আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ বাবেই ছোভিয়েট দেশৰ অংগবোৰ আঁতৰি যাব পাৰিলে। পুটিনৰ সেইবাবে খং লেনিনৰ ওপৰত আৰু আজি ইউক্ৰেইনৰ ওপৰত কাৰণ ই আন এটা শিৱিৰৰ অংগ হ’ব বিচাৰিছে।
যুদ্ধখন শাম কাঁটিব বুলি আজি ক’ব নোৱাৰিলেও এটা কথা অনুমান কৰিব পাৰি যে পৃথিৱীৰ মানুহৰ ইয়াৰ পৰা শিক্ষা ল’বলগীয়া আছে আৰু ই এসময়ত পুনৰ বৈশ্য যুগৰ বাণিজ্য যুদ্ধ হ’বগৈ।
স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) ভাৰতবৰ্ষৰ স্বাধীনতা যুদ্ধৰ গতি, বিশ্বত বৈশ্য যুগৰ বাণিজ্য যুদ্ধৰ আৰম্ভণি দেখি কৈছিল– ভৱিষ্যতৰ যুগ হৈছে সেৱকৰ যুগ বা শূদ্ৰৰ যুগ। এই যুগৰ ৰেঙণি দেখা যাব ৰাছিয়া আৰু চীনত। ভাৰতবৰ্ষ মুক্ত হ’বলৈ লাগিব ‘বেদান্তৰ মগজু আৰু ইছলামৰ দেহৰ’ গাথবন্ধন। ইয়াৰ বাবে লাগিব ছাত্ৰ–যুৱ শক্তিৰ প্ৰকৃত ব্যৱহাৰ আৰু বিশ্বৰ ব্যায়ামাগাৰত শৰীৰৰ লগতে জ্ঞানৰ চৰ্চ্ছা–শক্তি আহৰণৰ বাবে। তেওঁ এইটোও কৈছিল– সনাতন হিন্দু ধৰ্মৰ যুক্তিবাদী প্ৰগতিশীল ব্যাখ্যা বুদ্ধইহে দিছে। আজি প্ৰশ্ন হ’ব পাৰে ইমান প্ৰগতিশীল বৌদ্ধধৰ্ম কিয় ধাৰাশায়ী হ’ল। উত্তৰ– বুদ্ধ ধৰ্মৰ মাজতে আছে ৮ম শতিকাৰ পিছত বুদ্ধধৰ্ম বিচ্যুত হ’ল বজ্ৰমান পন্থালৈ– তিব্বতত। পতিত হ’ল এক অশ্লীল কুদৰ্শনলৈ। ইতিহাস খুচৰিলে কথাখিনি পাব, কিন্তু আমাৰ প্ৰশ্ন হ’ল– শূদ্ৰ যুগৰ ৰেঙনি দেখুওৱা ৰুছ দেশ ঐক্যৱদ্ধ হৈয়ো থানবান কিয় হ’ল।
ইয়াৰ উত্তৰ দিছিল বিশ্বৰ সাম্যবাদী বিতৰ্কত– ষাঠি দশকত মাওঁ–চে–তুঙে। ১৯৪৯ চনত মাওঁ–চে–তুঙৰ নেতৃত্বত গঢ়ি উঠিছিল নয়া গণতান্ত্ৰিক চীন। ভাৰতবৰ্ষ এই ক্ষেত্ৰত পিছপৰি ৰ’ল। এই ধাৰাটো আগবঢ়াই নিয়াত আমাৰ সাম্যবাদীসকল বিফল হ’ল– বাধাপ্ৰাপ্ত হ’ল– বিশ হেজাৰতকৈ বেছি তৰুণ–তৰুণীক হত্যা ক’ৰা হ’ল যাৰ অভাৱত ভাৰতবৰ্ষ আজি ৰোগাক্ৰান্ত।
প্ৰশ্ন হয় আজি পুঁটিনৰ ৰাছিয়াই লেনিনৰ যুগলৈ যাব পাৰিবনে? ইয়াৰ উত্তৰ বিচাৰি আমি ৰুছ দেশৰ ইতিহাস খুঁচৰিব লাগিব। ১৯৯৭ চনৰ বিপ্লৱৰ আগৰ ৰাছিয়া, ষ্টেলিনৰ মৃত্যুৰ পিছৰ ৰাছিয়া– ১৯৫৩, গৰ্ভাচেভ–য়েল্টচীনৰ ৰাছিয়া আৰু ১৯৯৯ চনৰ পাছৰ পুটিনৰ ৰাছিয়া– ইউক্ৰেইন যুদ্ধৰ আগলৈকে। ভয়ংকৰ আইভান– Ivan the terrible– 1547 আৰু মিখাইল ৰ’মানভ Romanav– 1613– the first Romanav King– সকলৰ লগতে Peter the great মহান জাৰ– Jsar– পিটাৰ যাৰ সাদৃশ্য আছে পুঁটিনৰ লগত– এই কথাখিনি নুবুজাকৈ পুঁটিনৰ মানসিকতাৰ লগতে ৰাছিয়ান মানসিকতা– Russian Psyche বুজা টান।
বুদ্ধ আছিল এক নতুন ধাৰা– বজ্ৰমান বা তিব্বতৰ বৌদ্ধগুৰু দালাই লামা নহয়। আজিৰ ভাৰতবৰ্ষ বজ্ৰমানৰ কৱলত। এছিয়াৰ জ্যোতি প্ৰভূ তথাগত নাই– নালন্দা, তক্ষশীলাৰ শিক্ষা নাই। ঠিক সেইদৰে লেনিন, ষ্টেলিন ৰাছিয়াত নাই– আছে ৰ’মানভৰ পুঁটিন। একেদৰে জাৰ্মানীত কাৰ্লমাৰ্ক্স আৰু আইনষ্টাইন নাই। ভাৰতবৰ্ষত পথপ্ৰদৰ্শক এজনো নাই– সেয়ে আজি ভাৰতবৰ্ষৰ সৰ্বসাধাৰণে অনুশীলন কৰক আৰু বিশ্বৰ সকলো কথা অধ্যয়ন কৰি এক সন্মিলিত মৰ্চা United Front গঢ়ি তোলক।
আলোকচিত্ৰঃ চানডুবি নিউজ
Pix: Chandubi News