প্ৰকাশিত তাৰিখঃ ৪ চেপ্টেম্বৰ, ২০২৩
কল্প ৰঞ্জন গগৈ –
৩ চেপ্টেম্বৰ– অসমৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ অৰ্জুন পুৰস্কাৰপ্ৰাপ্ত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন।
৪ চেপ্টেম্বৰ– মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ– ১০৭ বছৰ বয়সত ১৫৯৬ খৃষ্টাব্দত।
৮ চেপ্টেম্বৰ– সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিন। অসম–ভাৰতৰ নহয় বিশ্বৰ সম্পদ। লাচিত–মণিৰামৰ বাণী বিয়পাই দিছিল অসমত। নিগ্ৰো বীৰ প’ল ৰবচনক চিনাকী কৰি দিছিল অসমীয়াক। শ্ৰীমন্ত শংকৰৰ পৰা জ্যোতিপ্ৰসাদ, বিষ্ঞু ৰাভালৈ যি সাংস্কৃতিক বিপ্লৱ বৈ আহিছিল, মানুহৰ গান গাই অহা হৈছিল যাৰ আলমত। অসমীয়াক জগত সভালৈ লৈ গৈছিল সেই ধাৰাটোৰ সম্প্ৰসাৰণ ঘটাইছিল গণশিল্পী ভূপেনে। আজি ভূপেনময় অসম তথা ভাৰতবৰ্ষ (Bhupenised Assam and India) গঢ়াৰ দায়িত্ব প্ৰত্যেক অসমীয়াই ল’ব লাগিব। বিশেষকৈ জড়গ্ৰস্ত সময়ত অসমীয়াক থিয় কৰাবলৈ সুধাকণ্ঠক প্ৰয়োজন। মুক্তিকামী লক্ষজনৰ বলিষ্ঠ প্ৰকাশৰ বাবে, জীৱন যুদ্ধত অংশলৈ জয়ী হ’বলৈ ভূপেনৰ প্ৰয়োজন। ইয়াৰ বিকল্প বা বিচ্যুতিৰ ফল অসমীয়াৰ আত্মহত্যা। ফল হ’ব সীতাৰ দৰে– মায়াৰ সোণৰ লোভত পৰি ৰাৱণৰ মায়াজালত বন্দী হৈ লক্ষণ ৰেখা গৰকাৰ ফচল। The End Result of running after gold which we are doing now।
আজিৰ অসমীয়া কুবেৰৰ পো নহয় সোণৰ গহণা দিবলৈ– সেয়ে সাহসেৰে কম আমি– সোণৰ খাৰু নেলাগে বুলি। অৱক্ষয়ৰ সংস্কৃতিৰ মায়াজালৰ পৰা মুক্ত হ’বলৈ শিকলি ছিঙিব লাগিব। সামন্তবাদ আৰু জড়গ্ৰস্ত ধনতন্ত্ৰৰ শিকলি। ধ্বংস পাব লাগিব আমাৰ দুমুখীয়া চৰিত্ৰ।
এই চেপ্টেম্বৰৰ পৰা ভূপেন দাৰ জন্মদিন সঁচা অৰ্থত পাতিব লাগিব এক দীৰ্ঘস্থায়ী কৰ্মসূচীৰে। য’ত জনগণে আগভাগ ল’ব আৰু আমাৰ কৰৰ পৰা (Tax) পুষ্ট হোৱা চৰকাৰ আৰু চৰকাৰৰ সহযোগীসকলে সৎ চিপাহীৰ দৰে সহযোগ কৰিব।
১১ চেপ্টেম্বৰ ১৮৯৩ চনত চিকাগো চহৰত বিশ্বৰ ধৰ্ম সন্মিলনত ঠাকুৰ ৰামকৃষ্ঞ পৰমহংসৰ মহৎ বাণী– সনাতন ধৰ্মৰ ভালত্বখিনি প্ৰচাৰ কৰিছিল স্বামী বিবেকানন্দই (১৮৬৩–১৯০২)। স্বামীজীৰ মতে ধৰ্ম হৈছে নিজৰ সুপ্ত দেৱত্ব (Divinity) প্ৰকাশৰ অস্ত্ৰ। স্বামী বিবেকানন্দ হৈছে ভাৰতীয় ঠাঁচৰ সমাজবাদী দাৰ্শনিক। যি মানুহৰ বিকাশ ধনেৰে হয়– জ্ঞান, সংস্কৃতি আৰু আধ্যাত্মিকতাবাদেৰেহে হ’ব বুলি স্পষ্ট হোৱা বাবে বেদান্তিক সমাজবাদৰ (Vedantic Socialism) কথা কৈ গৈছে।
আজি হত্যা– আত্মহত্যাৰ পকনীয়াত সোমাই থকা দেশৰ যুৱক–যুৱতীসকলে স্বামীজীৰ আদৰ্শ– Guide to Action– দিগদৰ্শক ৰূপে ল’ব লাগিব। অন্যথা অৱস্থা সীতাৰ দৰে হ’ব আৰু দেশ মৰিশালি।
স্বামীজীৰ মতে দৰ্শনৰ পৰা আৰম্ভ কৰি যিয়েই অধ্যয়ন কৰা নহওক কিয় আত্মসমীক্ষা– Self criticism, Analysis and realization আৰু চৰিত্ৰ গঠন Character Building অবিহনে জাতি–মাটি–ভেটি গঢ়াৰ অনুশীলনৰ ফল শূন্য।
এই চেপ্তেম্বৰ মাহতে দেশৰ আদিগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ১৪৪৯ খ্ৰীষ্টাব্দৰ আহিন মাহৰ শুক্লা দশমী তিথিত আৰু তিৰোভাৱ ১৫৫৮ খ্ৰীষ্টাব্দৰ ২১ ভাদ শুক্লা দ্বিতীয়া তিথি, বৃহস্পতিবাৰ দিনা।
আজি শংকৰগুৰুৰ মূল্যায়ন কৰিবলৈ প্ৰথমে প্ৰাক শংকৰ যুগটো অধ্যয়নৰ লগতে নামঘৰ নামৰ তৃণমূলৰ গণ– প্ৰতিষ্ঠানৰ লগতে ৰাজতন্ত্ৰৰ লগত ইয়াৰ সম্বন্ধ, শংকৰদেৱে এৰি থৈ যোৱাৰ পিচত ৰজাৰ লগত প্ৰজাৰ সম্বন্ধ, শ্ৰীশ্ৰীশংকৰদেৱৰ আদৰ্শৰ একৈশ শতিকাৰ স্থিতি– এই সকলোবোৰ বৰ্তমানৰ অসমীয়া প্ৰজাৰ অধ্যয়নৰ বিষয়বস্তু হ’ব লাগিব।
কলিকালত ৰাইজেই ৰজা আৰু একেসময়তে হৰি নামেই সাৰ। সেয়ে প্ৰজাৰ স্বাৰ্থ বিশেষকৈ নিম্নবৰ্গৰ প্ৰজাৰ ভালৰ বাবেহে নীতিবোৰ (Policies) ল’ব লাগিব।
সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ তেৰাৰ মতে কিংকৰহে এই ধাৰণা সম্প্ৰসাৰণৰ দায়িত্ব। বিশেষকৈ গণযুগৰ দিনত– অসমীয়াৰ।
তেতিয়াৰ ৰাজনৈতিক বিশৃংখলাৰ পৰা সমাজখনক মুক্ত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱে সংস্কৃতিৰ অস্ত্ৰ দি থৈ গৈছিল। জনগণৰ তৰ্ক–বিতৰ্কৰ বাবে নামঘৰ দি গৈছিল। দ্বন্দৰ সহায়ত নিজক বিকশাই তোলাৰ পদ্ধতিও দি থৈ গৈছিল। ই জ্যোতি–বিষ্ঞুৰ পৰা ভূপেনলৈ বাধাহীনভাৱে বৈ আছিল। এই চেপ্টেম্বৰৰ পৰাই অসমীয়াই নিজৰ জড়গ্ৰস্ততা চিকিৎসাত মন দিয়ক।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News