Thursday, May 2, 2024
HomeNEWSৰাণীত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন  

ৰাণীত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন  

প্ৰকাশিত তাৰিখঃ ৪ চেপ্টেম্বৰ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

৩ চেপ্টেম্বৰ ‘অৰ্জুন’ খিতাপ অৰ্জনকাৰী ক্ৰীড়াবিদ, অসম গৌৰৱ ভোগেশ্বৰ বৰুৱাৰ আজি জন্ম দিন। ৰাজ্যত এই দিনটোক অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয়। এই বৰ্ষৰ ৪০তম অভিৰুচি ক্ৰীড়া দিৱস ৰাজ্যজুৰি উদযাপন কৰা হৈছে।

গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীত ‘ৰাণী ক’চিং চেণ্টাৰ’ৰ উদ্যোগত আৰু অঞ্চলটোৰ প্ৰতিভা সন্ধানী গোট ‘স্বাক্ষৰ’ৰ সহযোগত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আজি ৰাতিপুৱা ৬বজাত অঞ্চলটোৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয় সমুহৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, শিক্ষক-শিক্ষয়িত্ৰী, বিশিষ্ট ব্যক্তিসকল ৰাণী হাইস্কুল খেলপথাৰত উপস্থিত হয়। ইয়াৰ পিছত ৩কিলোমিটাৰ পথ সমূহীয়া ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

উল্লেখ্য যে, সমূহীয়া ৰেলী কাৰ্যসূচী শুভ উদ্ধোধন কৰে কামৰূপ জিলাৰ ক্ৰীড়া বিষয়া খনীন্দ্ৰ মুদৈয়ে। এই কাৰ্যসূচীৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুশাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। এই প্ৰতিযোগিতাত ৰাণী হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম, কলাগুৰু জাতীয় বিদ্যালয়ে দ্বিতীয় আৰু কাৰ্মেল স্কুলে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।

এই দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপ অৰ্জন কৰা অঞ্চলটোৰ ৫গৰাকীকৈ কৃতী খেলুৱৈক গামোচা, মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward