Friday, April 19, 2024
Homeপ্ৰবন্ধআন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে

আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৭

 

উদিত ভাস্কৰ ৰাভা–

১ মে’ শ্ৰমিক দিৱস। যি শ্ৰমিকৰ আন্দোলনৰ পটভূমিত পালিত হয়। ১৮৯০ চনৰ ১ মে’ৰ পৰা চলি অহা এই শ্ৰমিক দিৱস বৰ্তমান ২০১৭ চনত প্ৰৱেশ কৰিছে। প্ৰতি বৰ্ষৰ ১ মে’ তাৰিখত বিশ্বৰ প্ৰায়বোৰ নগৰ–চহৰতে মেহনতী জনতাই সংঘবদ্ধ হয় আৰু অতীতক সোঁৱৰণ কৰি প্ৰতিজ্ঞাবদ্ধ হয় ভৱিষ্যতৰ জীৱন যাত্ৰাৰ মান উন্নত কৰি নতুন কৰ্মপন্থাৰে আগবাঢ়ি যোৱাৰ।

১৮৮৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত ৮ ঘণ্টা কামৰ সময় নিৰ্দ্ধাৰণ কৰাৰ দাবীত কাৰখানাৰ এদল শ্ৰমিকে আন্দোলন আৰম্ভ কৰে। ৮ ঘণ্টীয়া সময়সূচী ৰূপায়ণ কৰিবলৈ ১৮৮৬ চনৰ ১মে’ বান্ধি দিয়ে। কিন্তু কাৰখানাৰ মালিকে এই দাবীৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰিলে। সেয়ে ইয়াৰ প্ৰতিবাদত ১৮৮৬ চনৰ ৪ মে’ত শ্ৰমিকসকল পুনৰ একগোট হৈ চিকাগো চহৰৰ বাণিজ্যিক এলেকা হে–মাৰ্কেটত প্ৰতিবাদী শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায়। আগষ্ট স্পীজ নামৰ নেতা এজনে ১৮৭২ চনৰ কানাডাত অনুষ্ঠিত বিশাল শোভাযাত্ৰাৰ সাফল্যৰ বিষয়ে শ্ৰমিকসকলৰ আগত ব্যক্ত কৰি আছিল। কিন্তু তেনে সময়তে কিছু দূৰৈত টহল দি থকা আৰক্ষী দলৰ কাষত হোৱা বোমা বিস্ফোৰণত এজন পুলিচ নিহত হয়। ততালিকে পুলিচ বাহিনীয়ে শ্ৰমিকসকলৰ ওপৰত আক্ৰমণ কৰে য’ত ১১ জন শ্ৰমিক নিহত হয়। পুলিচ হত্যাৰ অপৰাধত আগষ্ট স্পীজ সহঃ ৮জনক অভিযুক্ত কৰি প্ৰহসনমূলক এক বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত কৰি ৭জনক ফাঁচী আৰু এজনক পোন্ধৰ বছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰা হয়। ১৮৮৭ চনৰ ১১ নবেম্বৰত স্পীজ সহঃ ৬জনক মুকলি স্থানত ফাঁচী প্ৰদান কৰে আৰু লুইছ লিং নামৰ অভিযুক্ত শ্ৰমিক এজনে ফাঁচীৰ আগদিনা আত্মহত্যা কৰে। ‘আজি আমাৰ এই নিঃশব্দতাই এদিন তোমালোকৰ কোলাহলতকৈ আপেক্ষিকভাৱে অধিক শক্তিশালী ৰূপ ল’– আগষ্ট স্পীজে ফাঁচী কাঠত উঠাৰ আগতে এনেদৰে কৈ গৈছিল।

১৮৮৬ চনৰ ৪ মে’ত সংঘটিত হোৱা বিস্ফোৰণৰ অজ্ঞাতসকলৰ পৰিচয় কাহানিও প্ৰকাশ নোহোৱাকৈ থাকি গ’ল। ইলিয়নৰ গভৰ্ণৰে ১৮৯৩ চনৰ ২৬ জুনত অভিযুক্তসকলৰ আঠজনকেই নিৰপৰাধী বুলি ৰায় দান কৰি দূৰ্নীতিৰ অভিযোগত অভিযুক্ত কৰে সেই হত্যাৰ হুকুম দিয়া পুলিচৰ কমাণ্ডাৰজনক।

১৪ জুলাই ১৮৮৯ চনত ফ্ৰান্সৰ ৰাজধানী পেৰিচত ফৰাচী বিপ্লৱৰ শতবাৰ্ষিকী উপলক্ষে শ্ৰমজীৱী মানুহৰ আন্তঃৰাষ্ট্ৰীয় মহাসন্মিলন অনুষ্ঠিত হয়। য’ত বিশ্বৰ বিশখন দেশৰ ৩৯০ গৰাকী প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। এই মহাসন্মিলনৰ সিদ্ধান্ত অনুযায়ী ১৮৯০ চনৰ পৰা ১ মে’ৰ দিনটো সমগ্ৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংহতি দিৱসৰূপে উদযাপিত হৈ আহিছে।

১৮৯১ চনত বৰ্তমানৰ বেলজিয়ামৰ ৰাজধানী ব্ৰুচেলছত অনুষ্ঠিত আন্তৰ্জাতিক সন্মিলনত কামৰ সময় আঠ ঘণ্টা বাহাল ৰখাৰ দাবীকে পুনৰবাৰ ঘোষণা কৰা হয় মে’ দিৱসৰ দাবী হিচাপে। ১৯১৮ চনত সমাজতান্ত্ৰিক ছোভিয়েট ইউনিয়নৰ ৰাজধানী মস্কোত বিশ্বৰ বিভিন্ন দেশৰ শ্ৰমিক প্ৰতিনিধিসকলৰ অংশগ্ৰহণেৰে আয়োজন কৰাৰ পৰাই মে’ দিৱস আন্তৰ্জাতিকভাৱে অধিক তাৎপৰ্যপূৰ্ণ আৰু শক্তিশালী ৰূপ লৈ উঠে।

কামৰ সময় নিৰ্দ্ধাৰণৰ বাবে কৰা শ্ৰমিক আন্দোলনৰ প্ৰেক্ষাপটত জন্ম লোৱা মে’ দিৱস এই মুহুৰ্তত সমগ্ৰ বিশ্বতে ইয়াৰ শক্তিশালী প্ৰভাৱ পৰিছে। ভৱিষ্যৎ প্ৰজন্মৰ নিজ অধিকাৰ সুৰক্ষাৰ বাবে শোষিত–নিষ্পেষিত সেই মহান শ্ৰমিকসকলে কৰি যোৱা আত্মত্যাগ আজি বিশ্বৰ শ্ৰমিকসকলৰ বাবে মুক্তিৰ নতুন সপোন।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward