Wednesday, April 24, 2024
Homeবাতৰিড০ বীৰুবালা ৰাভালৈ সতী সাধনী বঁটা

ড০ বীৰুবালা ৰাভালৈ সতী সাধনী বঁটা

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

যোৱা ২১ এপ্ৰিলত গোলাঘাটৰ সমন্বয় পথাৰত ‘বীৰাংগনা সাধনী দিৱস’ অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে গোলাঘাট জিলা প্রশাসন, সদৌ চুতীয়া জাতি সন্মিলন, অসম আৰু ভাতৃ–ভগ্নী সংগঠনসমূহৰ যৌথ সহযোগত আয়োজন কৰে এই দিৱস।

অসম চৰকাৰে এই বীৰাংগনা নাৰীগৰাকীৰ নামত উচৰ্গিত কৰিছে ‘সতী সাধনী বঁটা’। ২০১৭ বৰ্ষৰ সতী সাধনী বঁটা প্ৰদান কৰে সমাজ সংস্কাৰ আন্দোলনৰ নেত্রী ড০ বীৰুৱালা ৰাভাক। এই বঁটা প্ৰদান অনুষ্ঠানত অতিথিৰূপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে– অসমৰ ব্রহ্মপুত্র–বৰাক উপত্যকাৰ পাহাৰে–ভৈয়ামে বসবাস কৰা ৰাইজে আন্তৰিকতাৰে আগবাঢ়ি গ’লেহে অসমখন অধিক শক্তিশালীৰূপে প্ৰতিষ্ঠা হ’ব। চাওলুং চুকাফাৰ একতাৰ নীতিক অনুৰসণ কৰি আগবাঢ়িবলৈ সকলোকে আহ্বান জনায়। আমাৰ ভৱিষ্যত প্ৰজন্মৰ খিলঞ্জীয়াসকলক অধিক শক্তিশালীৰূপে প্ৰতিষ্ঠা কৰিবলৈ অসমৰ ইতিহাসৰ পৃষ্ঠাত থকা বীৰ–বীৰাংগনাৰ বীৰত্বৰ কাহিনী মনত ৰাখিব লাগিব। অসমৰ সকলো বীৰ–বীৰাংগনাক শ্ৰদ্ধা নিবেদন কৰিবলৈ ৰাজ্য চৰকাৰে এই দিৱসসমূহ উদ্‌যাপন কৰাৰ লগতে তেওঁলোকৰ নামত বঁটা প্ৰৱৰ্তন কৰি আহিছে। এইগৰাকী বীৰাংগনাৰ নামত ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ‘সতী সাধনী বঁটা’ বীৰুবালা ৰাভাক প্ৰদান কৰি সমাজ সংস্কাৰ আন্দোলনৰ নেত্রীগৰাকীক তেখেতৰ ত্যাগৰ মান্যতা আৰু স্বীকৃতি প্রদান কৰা হৈছে। বীৰুবালা ৰাভাই সমাজ সংস্কাৰৰ বাবে এক দীঘলীয়া সংগ্ৰাম অব্যাহত ৰাখিছে। চৰকাৰে তাৰবাবে প্ৰয়োজনীয় সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই যাব। বীৰুবালাৰ এই আন্দোলনত সমাজৰ সকলো শ্ৰেণীৰ লোককে সহযোগ কৰিবলৈ আহ্বান জনায়। কাৰণ ভাল মানুহে সুস্থ সমাজ এখনৰ সৃষ্টি কৰিব পাৰে।

ইফালে ৰাজ্য চৰকাৰৰ সাধনী বঁটা গ্ৰহণ কৰি বীৰুবালা ৰাভাই কয় যে– আমাৰ সমাজত প্ৰচলিত ডাইনী বিশ্বাস আৰু কু–প্ৰথাৰ বিৰুদ্ধে যি সংগ্ৰাম আৰম্ভ কৰিছো তাৰ ধাৰাবাহিকতা ৰক্ষা কৰি যাম। সমাজত চলি থকা কু–প্ৰথাসমূহ নিৰ্মূল কৰিবলৈ নিৰৱচ্ছিন্ন সংগ্ৰামৰ প্ৰয়োজন। অন্ধবিশ্বাসৰ পৰিবৰ্তে বিজ্ঞান বিশ্বাস কৰিবই লাগিব। এই সংগ্ৰামখনত ৰাইজে সহায় সহযোগিতা আগবঢ়াই শক্তিশালী ৰূপ দিব লাগিব। মোক সতী সাধনী বঁটা প্ৰদান কৰি এই কামত অধিক সাহস আৰু প্ৰেৰণা যোগালে। তাৰবাবে ৰাজ্য চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছো।

বঁটা প্ৰদান অনুষ্ঠানত অসম আৰক্ষীৰ অৱসৰপ্রাপ্ত অতিৰিক্ত সঞ্চালক প্রধান দিলীপ কুমাৰ বৰাই নিৰ্দিষ্ট বক্তাৰূপে উপস্থি থাকে। গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সতী সাধনীৰ নামত এটা ফেল’শ্বিপ প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনায় তেখেতৰ ভাষণকালত।

অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ সভাপতি অমিয় কুমাৰ বৰাই। এই অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকি কৃষি মন্ত্ৰী অতুল বৰায়ো এক ভাষণ আগবঢ়ায়। সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱকুমাৰ দলেয়ে ‘বীৰাংগনা সাধনী’ স্মৃতিগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়কদ্বয় বিমল বৰা, ভৱেন্দ্রনাথ ভঁৰালী, প্রাক্তন বিধায়ক শৰৎ শইকীয়া, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, সঞ্চালক দেৱপ্রসাদ মিশ্র, সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল, জিতেন শইকীয়া– অধ্যক্ষ, চুতীয়া জাতি উন্নয়ন পৰিষদ, অলি চুতীয়া– সভানেত্রী, চুতীয়া জাতি মহিলা সন্মিলন, বিতোপন শইকীয়া– সভাপতি, সদৌ চুতীয়া জাতি যুৱ সন্মিলন, জ্যোতি প্রসাদ চুতীয়া– সভাপতি, সদৌ চুতীয়া জাতি ছাত্র সন্থাৰ লগতে চুতীয়া জাতিৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়া আৰু সদস্যসকল।

আনহাতে কৃষিমন্ত্রী অতুল বৰাই স্মৃতি দিৱস উপলক্ষে পুৱা বাহিৰ কৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা মুকলি কৰাৰ লগতে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্রাপ্ত সচিব বোপাৰাম ভাজনীয়ে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে। গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বোথ্রাই অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়ায়।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward