Friday, March 29, 2024
Homeবাতৰিৰাণী সংৰক্ষিত বনাঞ্চলত মুখ্যমন্ত্ৰীৰ ‘সেউজ উদ্যান'ৰ আধাৰশিলা স্থাপন

ৰাণী সংৰক্ষিত বনাঞ্চলত মুখ্যমন্ত্ৰীৰ ‘সেউজ উদ্যান’ৰ আধাৰশিলা স্থাপন

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলত যোৱা ১০ মে’ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বন বিভাগৰ উদ্যোগত ‘মুখ্যমন্ত্ৰীৰ সেউজ উদ্যান’ৰ আধাৰশিলা স্থাপন কৰে। প্ৰদূষণ মুক্ত অসম গঢ়া লক্ষৰে স্থাপন কৰা উদ্যানখন পূৱ কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত মিকিৰপাৰা সংৰক্ষিত বনাঞ্চলত অৱস্থিত।

সেউজ উদ্যান’ৰ আধাৰশিলা মুকলি কৰি মুখ্যমন্ত্ৰী সোণোৱালে দীপৰ বিলক অধিক আকৰ্ষিত পৰ্যটন ক্ষেত্ৰ কৰি তুলিবলৈ এই উদ্যানখনে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি কয়। প্ৰদূষণ মুক্ত অসম গঢ়াৰ স্বাৰ্থত গছ ৰোপন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে বিভাগটোত নতুনকৈ নিযুক্তি লাভ কৰা ৪৪গৰাকী বন বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰে। দীপৰ বিলত নৌকা বিহাৰ কৰি নষ্টাল’জিক হৈ পৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ মন্তব্য কৰে যে, দীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ সাজু।

আধাৰশিলা স্থাপন অনুষ্ঠানটোত অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অসম চৰকাৰৰ মুখ্য সচিব ভি কে পিপাৰছেনিয়াৰ লগতে ৰাজ্যৰ বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলেও উপস্থিত থাকে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward