Friday, March 29, 2024
Homeবাতৰিচুবুৰীয়া ৰাষ্ট্ৰ চীনে আমদানি কৰিব অসমত উৎপাদিত তামোল

চুবুৰীয়া ৰাষ্ট্ৰ চীনে আমদানি কৰিব অসমত উৎপাদিত তামোল

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

ভাৰতবৰ্ষৰ বৃহৎ তামোল উৎপাদনকাৰী ৰাজ্যকেইখন ক্ৰমে কৰ্ণাটক, কেৰালা আৰু অসম। অৰ্থাৎ দেশৰ ভিতৰত অসম তৃতীয় বৃহৎ তামোল উৎপাদনকাৰী ৰাজ্য। সম্প্ৰতি অসমৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ চীনে তামোল আমদানি কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে।

প্ৰকাশিত এক তথ্য অনুসৰি চীনৰ প্ৰতিষ্ঠানে অসমত উৎপাদিত তামোল আমদানিৰ বাবে এটা ভাৰতীয় কোম্পানীক দায়িত্ব অৰ্পণ কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে চীনে ভাৰতৰ তামোল উৎপাদনকাৰী কৃষকসকলৰ সংস্থা কেম্পক’ লিমিটেডক আমদানি পৰিচালনাৰ সমস্ত দায়িত্বভাৰ প্ৰদান কৰিছে।

উল্লেখ্য যে চীনত তামোল পৰা বিভিন্ন মুখৰোচক সামগ্ৰী তৈয়াৰ কৰা প্ৰতিষ্ঠানৰ সংখ্যা ২০ টাতকৈও অধিক। তদুপৰি শেহতীয়াকৈ চীনৰ চুপাৰি বজাৰখনৰ পৰিসৰ বৃদ্ধি পাইছে। তেনে পৰিপ্ৰেক্ষিততে চীনৰ প্ৰতিষ্ঠানসমূহে অসমত উৎপাদিত তামোলৰ ওপৰত এই পদক্ষেপ গ্ৰহণ কৰিছে।

কেম্পক’ লিমিটেডৰ পৰিচালন সঞ্চালক এম, সুৰেশ ভাণ্ডাৰীয়ে কয় যে– শেহতীয়াভাৱে চীনৰ বজাৰ সমূহত কৰ্ণাটকত উৎপাদিত তামোলৰ তুলনাত অসমত উৎপাদিত তামোলৰ চাহিদা বৃদ্ধি পাইছে। তদুপৰি কৰ্ণাটকৰ তুলনাত অসমৰ তামোলৰ দাম যথেষ্ঠ কম হোৱাৰ বাবে অসমৰ তামোল আমদানি কৰাৰ সিদ্ধান্ত লৈছে বিদেশী ৰাষ্ট্ৰখনে।

কেম্পক’ লিমিটেডৰ পৰিচালন সঞ্চালক গৰাকীয়ে আৰু কয় যে– অসমত উৎপাদিত তামোলৰ কিলোই প্ৰতি ২০০ টকাকৈ প্ৰদান কৰিব চীনৰ প্ৰতিষ্ঠানসমূহে। উল্লেখ্য যে ভাৰতৰ কেম্পক’ লিমিটেডে চীনৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ক’ ৱে ৱাং’ক অসমৰ তামোল যোগান ধৰিব। সেই সূত্ৰে বিদেশী প্ৰতিষ্ঠানটোৰ শীৰ্ষ বিষয়াই কৰ্ণাটক, কেৰেলা আৰু অসমৰ তামোলৰ নমুনা পৰীক্ষাৰ অৰ্থে ভাৰত ভ্ৰমণ কৰি যায়।

ইফালে বিগত বৰ্ষটোত প্ৰায় ৮০,০০০ টনলৈ বৃদ্ধি পাইছে অসমত তামোল উৎপাদনৰ পৰিমাণ। চুবুৰীয়া ৰাজ্য মেঘালয় আৰু মিজোৰামতো বৃদ্ধি পাইছে তামোল উৎপাদনৰ পৰিমাণ। প্ৰকাশিত তথ্য অনুসৰি অসমত ২০১১–১২ চনত ৬৮,৭০০ হেক্টৰ মাটিকালিত তামোলৰ উৎপাদন কৰা হৈছিল যদিও ইয়াৰ পৰিমাণ ২০১৪–১৫ চনত ৭৪,০০০ হেক্টৰলৈ বৃদ্ধি পোৱা দেখা যায়। সেয়ে কেম্পক’ লিমিটেডে চীনৰ প্ৰতিষ্ঠানসমূহৰ পদক্ষেপত তামোল উৎপাদনকাৰীসকলক সকাহ পাব বুলি আশা কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward