Friday, March 29, 2024
Homeবাতৰিমুখ্যমন্ত্ৰীৰ ৬ প্ৰকল্পৰ আধাৰশিলা স্থাপন পাহাৰীয়া জিলাত

মুখ্যমন্ত্ৰীৰ ৬ প্ৰকল্পৰ আধাৰশিলা স্থাপন পাহাৰীয়া জিলাত

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ স্বায়ত্ব শাসিত পৰিষদ কেইখনৰ সন্মুখত নিৰ্বাচন। নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰা নাই। যদিও নিৰ্বাচনৰ প্ৰচাৰ অভিযান উপলক্ষে পাহাৰীয়া জিলাকেইখনত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। আৰু পৰিষদীয় এলেকাৰ নিৰ্বাচনৰ পূৰ্বে যোৱা ৭ এপ্ৰিলত পাহাৰীয়া জিলা তিনিখনৰ বিভিন্ন ঠাইত ৬টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে ২৪টা সংগঠনে কৰা প্ৰতিবাদ অতিক্ৰম কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা ৰাজ্যিক বিজেপিৰ অন্যান্যাসকলে কাৰ্বি আংলঙত উপস্থিত হ’বলগীয়া হয়। পূব কাৰ্বি আংলং জিলাৰ বকলীয়া আৰু সৰিয়হজান আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ ছেৰডিহুন আক্লামত কাৰ্বি আংলং জিলা বিজেপিয়ে আয়োজন কৰে বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। জিলা সভাপতি পৱন কুমাৰে আঁতধৰা সভাত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে। কাৰ্বি জাতিৰ পিতৃপুৰুষ স্বৰূপ ছেমছন ছিং ইংতি আৰু খৰছিং টেৰণৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ভাষণ আৰম্ভ কৰে– কাৰ্বি আংলং জিলাখনত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে সমন্বয়ৰ এক মিলনভূমিলৈ পৰিণত কৰিছে। সমন্বয়ৰ এই ধাৰা অব্যাহত থাকিলে কাৰ্বি আংলংখনে সকলোতকৈ সুন্দৰ তথা উন্নয়নশীল জিলালৈ পৰিণত হ’ব। পাহাৰীয়া এই জিলা তিনিখনে যথেষ্ঠ পিচ পৰি গৈছে। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এলেকাধীন সকলো জাতি–জনগোষ্ঠী, ভাষা–ভাষী, ধৰ্মাৱলম্বী লোকৰ নিৰাপত্তা সুনিশ্চিত কৰি কাৰ্বি জাতিৰ স্বাভিমান সুৰক্ষিত কৰা হ’ব। ৰাজ্যখনৰ সম–উন্নয়ন সাধনৰ বাবে ৰাজ্য চৰকাৰে কাৰ্যপন্থা হাতত লৈছে। চৰকাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত এলেকাত উন্নয়নমূলক বিভিন্ন কামৰ বিপৰীতে ৫০ কোটি টকা এককালীন বিশেষ অনুদান আৱণ্টন দিয়াৰ প্ৰস্তাৱ বাজেটত ৰাখিছে। প্ৰতিখন স্বায়ত্বশাসিত পৰিষদক পূৰ্বৰ তুলনাত ২০ শতাংশ ধনৰ আৱণ্টন বৃদ্ধি কৰা হৈছে।

মুখ্যমন্ত্ৰী আৰু কয় যে– ৰাজ্য চৰকাৰে শিক্ষা, স্বাস্থ্য, যাতায়ত, সাংস্কৃতিক, পৰ্যটন আদি বিষয়ত বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে। সেই মৰ্মে হামৰেনত ২০০খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়, উচ্চ শিক্ষাৰ বাবে এখন বি এড কলেজ, পলিটেকনিক প্ৰতিষ্ঠান, জিলা শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ, ডংকামোকামত এখন বিজ্ঞান মহাবিদ্যালয় আৰু ছেৰডিহুন আক্লামত এটা ৰাজহুৱা প্ৰেক্ষাগৃহ প্ৰতিষ্ঠা কৰিব বুলি ঘোষণা কৰে। অটল অমৃত যোজনা, মুখ্যমন্ত্ৰীৰ সমগ্ৰ গাঁও উন্নয়ণ আঁচনিৰ কথা উল্লেখ কৰি নিৱনুৱা যুৱক–যুৱতীসকলে আত্মসংস্থাপনৰ বাবে বিভিন্ন ঋণ প্ৰদান আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে।

সভাত উপস্থিত থাকি কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলি ৰাম ৰংহাঙে কয়– কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া আৰু এ এছ ডি চিৰ দহ বছৰীয়া ৰাজত্বত যি উন্নয়ন হ’ল তাৰ তুলনাত বিজেপিয়ে এঘাৰ মাহতেই বহু উন্নয়ন কৰিলে। কাৰ্বি আংলঙ জিলা দুখনত সম্প্ৰতি অনা–কাৰ্বি ভোটাধিকাৰ কৰ্তনৰ যি দাবী উত্থাপন কৰিছে তাক বিৰোধিতা কৰি তেখেতে কয় যে– আমি সকলোৱে একেলগে থাকিয়েই শক্তিশালী অসম গঢ়িব বিচাৰো।

নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বৈঠালাংছ’ বিধানসভা সমষ্টিৰ বিধায়ক ডা০ মানছিং ৰংপি, বোকাজান সমষ্টিৰ বিধায়ক ডা০ নোমল মমিন, স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে জীৱন পাঠক, কাদম তেৰাংপি, জগতিছিং ইংতি, ৰামছিং টকবী, সুয্য ৰংফাৰ, ছেমছন টিছ’ জগতছিং ইংতি আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward