Friday, April 19, 2024
Homeবাতৰিমাজুলীত চাইকেল ভ্ৰমণ জনপ্ৰিয় কৰি তোলাৰ পদক্ষেপ

মাজুলীত চাইকেল ভ্ৰমণ জনপ্ৰিয় কৰি তোলাৰ পদক্ষেপ

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

পৃথিবীৰ উত্তম বাহন চাইকেল বুলি অভিহিত কৰা হয়। ই পৰিবেশ অনুকুল। এই চাইকেল ভ্ৰমণক জনপ্ৰিয় কৰি তোলা অৰ্থে অসমৰ মাজুলীত গ্ৰহণ কৰিলে এক অনন্য পদক্ষেপ। অসম পৰ্যটন উন্নয়ন নিগম (এ টি ডি চি), ক্ষুদ্র বেংক ইএছএএফ আৰু ৰুট ব্রীজ’এ ইয়াৰ নেতৃত্বত বহন কৰে।

যোৱা ৰঙালী বিহু অৰ্থাৎ গৰু বিহুৰ দিনটোত সংগঠনকেইটাই মাজুলীৰ কলা–কৃষ্টিৰ স’তে চিনাকী কৰি দিয়াৰ বাবে দেশী–বিদেশী ২৫জনীয়া পৰ্যটকৰ দল এটাক চাইকেলেৰে দ্বীপটোৰ বিভিন্ন স্থান ভ্ৰমণ কৰোৱায়।

পৰ্যটকৰ দলটোই সেউজীয়া ধাননি পথাৰৰ মাজৰ আলিবাটেৰে চাইকেল চলাই বিভিন্ন নৈ–জান–জুৰি অতিক্ৰমি মিছিং গাঁও এখনত উপস্থিত হয়। পৰ্যটকসকলে গাঁওখনৰ স্থানীয় লোকসকলৰ লগত গৰুক গা–ধোৱাৰ লগতে সমূহীয়া মাছ ধৰাতো অংশগ্ৰহণ কৰি পৰম্পাগত মিছিং খাদ্যৰ জুতি লয়। পিছত কৃষি পাম এখন ভ্ৰমণ কালত গাঁওখনৰ স্থানীয় বাসিন্দাসকলে পৰ্যটকসকলক মিছিং বিহুনাম–ঢোল বাদনেৰে আদৰণি জনায়। পৰ্যটকসকলে শালমৰা গাঁৱৰ প্ৰাচীন মৃৎশিল্প নিৰ্মাণস্থলী আৰু চামগুৰি সত্ৰৰ মুখা নিৰ্মাণ কলা দৰ্শন কৰে। কমাৰগাঁৱত উপস্থিত হোৱা পৰ্যটকৰ দলটোক স্থানীয় শিল্পীসকলে ঢোল–পেঁপা, গগণা, বিহু গীতেৰে আদৰণি জনোৱাৰ পৰত যুগলবন্দী বিহু নৃত্যৰ মাদকতাত বুৰ যায়। পৰ্যটকসকলে নদীদ্বীপটোৰ বাসিন্দাসকলৰ জীৱনশৈলী, কলা–কৃষ্টিৰ অভিজ্ঞতা লোৱাৰ লগতে সূৰ্যাস্তৰ মনোমোহা দৃশ্য ব্ৰহ্মপুত্ৰৰ বুকুত উপভোগ কৰে।

মাজুলীৰ গড়মূৰত পৰ্যটকৰ চাইকেল যাত্ৰা শুভাৰম্ভ কৰে জিলাখনৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰে (আই পি এছ)। যাত্ৰা শুভাৰম্ভ কৰি তেখেতে কয় যে– মাজুলীৰ মনোমোহা ৰূপ যদি উপভোগ কৰে তেনেহ’লে চাইকেলেই উত্তম বাহন। আয়োজক ৰুটব্ৰীজৰ প্ৰশংসনীয় পদক্ষেপে মাজুলীক পৰ্যটকসকলে অন্যধৰণে জনাৰ সুযোগ প্ৰদান কৰিব। প্ৰদূষণমুক্ত এই বাহন বিধ ভ্ৰমণত ব্যৱহাৰৰ ক্ষেত্ৰত জনপ্ৰিয় হৈ উঠক আৰু পৰ্যটকসকলে বিশ্বত মাজুলীক অন্য ৰূপে জানক তাৰেই কামনা কৰো।

সংগঠক ৰুট ব্রীজ’য়ে কলা–সংস্কৃতিত অৱদান আগবঢ়াইয়ো প্ৰচাৰ–সন্মানৰ পৰা বঞ্চিত প্ৰতিভাধৰ সকলক প্ৰদানৰ অৰ্থে সম্প্ৰতি এলানি ‘ৰুট ব্ৰীজ’ বঁটা ঘোষণা কৰিছে। জিলাখনৰ প্ৰখ্যাত ঢোলবাদক বগাই বৰাক প্ৰদান কৰে ৰুট ব্ৰীজ ২০১৭ বঁটা। এই বঁটাত আছে এটা ট্ৰ’ফী আৰু নগদ দহ হাজাৰ টকা। বঁটা প্ৰদান কৰে মাজুলী জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই (আই এ এছ)। বঁটা প্ৰদান কালত তেখেতে উল্লেখ কৰে যে– মাজুলীত চাইকেল লৈ অহা কাৰ্য এক বৃহৎ পদক্ষেপ আৰু প্ৰশংসনীয়। জিলা প্ৰশাসনে সকলো সময়তে এই কাৰ্যৰ প্ৰতি সহায় সহযোগ আগবঢ়াই যাব। এই সুযোগ লাভ কৰাৰ বাবে আমি অতিকৈ সুখী অনুভৱ কৰিছো। অতি সুখৰ সংবাদ যে– দেশৰ ভিতৰতে ইতিমধ্যে আমাৰ মাজুলী জিলাখন কাৰ্বন শুন্য জিলা হোৱাৰ পথত। ৰুট ব্ৰীজ’ৰ এই যোগাত্মক পদক্ষেপে আৰু এখোজ আগুৱাই নিব।

ইপিনে ৰুট ব্ৰীজ বঁটা গ্ৰহণ কৰি ৮০টা বসন্ত গৰকা বগাই ওজাই কয়– দহ বছৰ বয়সতে মই ঢোল বজাইছো। ঢোল বাদন মোৰ এক নিচা এই বয়সতো মই ঢোল বজাইছো। মই কোনো বঁটাৰ বাবে ঢোল বজোৱা নাছিলো। মোৰ বহু শিষ্য আছে। তেওঁলোকেও বিভিন্ন অনুষ্ঠানত ঢোল বাদনেৰে শ্ৰোতা–দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছে। সেয়াই মোৰ সন্তুতি। যদিও এই বঁটা মোৰ একান্ত সাধনাৰ ফল যিয়ে মোৰ লগতে মোৰ শিষ্যবৰ্গকো অনুপ্ৰেৰণা যোগাৱাত সহায় কৰিব।

সংগঠক ৰুটি ব্ৰীজ’য়ে প্ৰকাশ কৰে যে– আমি গণ পৰ্যটনৰ বিৰোধী। চাইকেলেৰে মাজুলী ভ্ৰমণৰ ক্ষেত্ৰত আমি এক অৰ্থপূৰ্ণ আদৰ্শ সৃষ্টি কৰিব বিচাৰিছো। মাজুলীত সকলো আছে সেয়ে আমি ইয়াক অক্ষুন্ন ৰাখিবলৈ চেষ্টা কৰিম। দৈনিক ভিত্তিত চাইকেল ভ্ৰমণৰ ব্যৱস্থা কৰিব পাৰিলে স্থানীয় আৰু ভ্ৰমণকাৰী দুয়োপক্ষই অৰ্থনৈতিকভাৱে উপকৃত হোৱাৰ থল আছে। আমাৰ পদক্ষেপত চৰকাৰে যি সঁহাৰি আগবঢ়ালে তাৰ প্ৰতি আমি নথৈ সুখী।

চাইকেল যাত্ৰাত অংশগ্রহণকাৰী জাৰ্মানীৰ এগৰাকী পৰ্যটক ডমিনিকে কয় যে– চাইকেল চলোৱাৰ প্ৰতিটো মুহুৰ্ত আমি উপভোগ কৰাত যি পদক্ষেপে সুবিধা প্ৰদান কৰিছে, এয়া সঁচাকৈ এক অভিনৱ পদক্ষেপ। যাৰ জৰিয়তে আমি মাজুলীৰ জীৱন শৈলী, কলা–সংস্কৃতিৰ বিষয়ে অধিক জানিবলৈ সুযোগ পালো। ৰুট ব্ৰীজ’ৰ অনুষ্ঠানটোত দেশ–বিদেশৰ পৰ্যটক আৰু বহু সংখ্য স্থানীয়লোকে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকি বক্তব্য ৰাখে ৰুট ব্ৰীজ’ৰ জ্যেষ্ঠ প্ৰবন্ধক অজন্তা হাজৰিকা আৰু মাজুলীৰ জ্যেষ্ঠ সাংবাদিক মিতু খাটনিয়াৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward