Wednesday, April 24, 2024
Homeবাতৰিশিৱসাগৰ জিলালৈ প্রধানমন্ত্রীৰ সৰ্বশ্রেষ্ঠ লোক প্রশাসন বঁটা

শিৱসাগৰ জিলালৈ প্রধানমন্ত্রীৰ সৰ্বশ্রেষ্ঠ লোক প্রশাসন বঁটা

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

এটি সুখবৰে অসমীয়া নৱবৰ্ষৰ প্রথম সপ্তাহটোতে অসমলৈ আনন্দৰ জোৱাৰ আনিছে। প্রধানমন্ত্রীৰ সৰ্বশ্রেষ্ঠ লোক প্রশাসন বঁটা লাভ কৰিছে শিৱসাগৰ জিলাখনে। ঐতিহাসিক শিৱসাগৰ যি অসমৰ পৰ্যটনস্থলীসমূহৰ ভিতৰত অন্যনাম। আহোম যুগৰ কীৰ্তিচিহ্নই অমৰ কৰি যোৱা শিৱসাগৰকলৈ গৌৰৱৰ অধিকাৰী অসমবাসী।

দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে এই বঁটা শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰক প্ৰদান কৰে। এই বঁটাৰ লগত আছে নগদ দহ লাখ টকা। জিলা উপায়ুক্তগৰাকী এগৰাকী দক্ষ প্ৰশাসক। যাৰ বাবে প্ৰধানন্ত্ৰীৰ দক্ষ প্ৰশাসনৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

সম্প্ৰতি জিলাখনত থকা ঐতিহ্যহাসিক ক্ষেত্ৰসমূক সুৰক্ষা দিয়াত সফল হৈছেনে ? যাৰ বাবে প্ৰশাসনৰ প্ৰতি ৰাইজৰ সন্দেহ উপজিছে। শিৱসাগৰক বিশ্বৰ দৰবাৰত চিনাকী কৰাই দিয়া আহোম যুগত নিৰ্মিত শিৱদৌলটি এঢলীয়া হৈ পৰিছিল। দৌলৰ শীৰ্ষত থকা মুকুটৰ পৰা গাঁথনিও ভাঙি পৰিছিল। যিটো অসমবাসীৰ বাবে অতি বেদনাদায়ক। আহোম যুগৰ ছশবছৰীয়া শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ হকে আহোম জাতীয় গণ মঞ্চ’ই এশ ঘন্টীয়া অনশন পালন কৰিছিল। তদুপৰি সময়ে সময়ে এই কীৰ্তিচিহ্ন সমূহ সংৰক্ষণৰ দাবীত বিভিন্ন দল সংগঠনে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাও পৰিলক্ষিত হৈছে।

ইপিনে বিভিন্ন দল সংগঠনৰ আন্দোলনৰ পিচতো কোনো গুৰুত্ব আৰোপ কৰা নাই জিলা প্ৰশাসনে। অসমৰ ঐতিহাসিক ক্ষেত্ৰসমূহৰ ৰক্ষাৰ বাবে কেতিয়াবা তৎপৰ হ’বনে? ৰাজ্য তথা কেন্দ্ৰ চৰকাৰ! তালৈ বাট চাইছে ৰাজ্যবাসীয়ে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward