Friday, April 26, 2024
HomeUncategorizedএশ–এবুৰি সমস্যাৰে জৰ্জৰিত লাংখাৰ গাঁওখন

এশ–এবুৰি সমস্যাৰে জৰ্জৰিত লাংখাৰ গাঁওখন

প্ৰকাশিত তাৰিখঃ ৩১ জানুৱাৰী, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট–

ছয়গাঁও সমষ্টিৰ অসম–মেঘালয় সীমান্তত অৱস্থিত লাংখাৰ নামৰ জনজাতীয় গাঁওখন|পলাশবাৰী সমষ্টিৰ নিচেই কাষৰীয়া এই গাঁওখনৰ যোগাযোগৰ ব্যৱস্থাটো অতি দূৰ্গম|ইপিনে, ছয়শ ফুট বহল কলহী নদীয়ে গাঁওখনক দুভাগ কৰিছে| কিন্তু বৃহৎ নদীখন পাৰ হ’বৰ বাবে নাই কোনো দলঙৰ ব্যৱস্থা| প্ৰতি বছৰে ৰাইজে মিলি বাঁহেৰে নিৰ্মাণ কৰে এই ছয়শ ফুট দীঘল দলংখন| কিন্তু বাৰিষাৰ পানীয়ে দলংখন উটুৱাই লৈ যায়| সেই সময়ত মানুহবোৰ নাৱেৰে অহা–যোৱা কৰিব লগা হয়

উকিয়ামৰ পৰা আহি ৰাজাপাৰা–ৰাণীখামাৰত মিলিছে গাঁওখনৰ মূলপথটো| কিন্তু ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাহাৰীয়া এইছোৱা যেন পথ নহয় এটি লুংলুঙীয়া বাটহে|

গাঁওখনৰ ছাত্ৰ–ছাত্ৰীসকলে দহ কিলোমিটাৰ দূৰৰ বিদ্যালয়ত পঢ়াশুনা কৰে|

সমষ্টিটোৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক বহু আশা কৰিছিল গাঁওবাসীয়ে| আশা কৰিছিল অ’ত বছৰে সমষ্টিটোত নিৰ্বাচিত হৈ অহা বিধায়কসকলে কৰিব নোৱাৰা কামবোৰ| বৰ্তমানৰ গৰাকীয়ে সমাধান কৰিব

কিন্তু ৰইজৰ আশাত চেঁচা পানী পৰিল| দৈনিক ছয়শ ফুট দৈৰ্ঘ্যৰ বাঁহৰ দলঙৰ ওপৰেৰে যাতায়ত কৰা| গাঁওখনৰ ৰাষ্টাই হ’ল নে দলং হ’ল| দৰাচলতে গাঁওখনত একোৱেই নহ’ল|

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward