Thursday, October 24, 2024
HomeNEWSইডেন একাডেমীত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

ইডেন একাডেমীত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

প্ৰকাশিত তাৰিখঃ ৫জুলাই, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

চানডুবিৰ বিলৰ কাষৰীয়া মুদুকী–ৰাণীবাৰীস্থিত ইডেন একাডেমীয়ে ৫ দিনীয়াকৈ আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ ৪জুলাইত সামৰণি পৰে। সামৰণি উপলক্ষে বিদ্যালয়খনৰ চৌহদত বাৰেৰহণীয়া কাৰ্যসূচীৰে এক সাংস্কৃতি অনুষ্ঠানৰো আয়োজন কৰে। বিদ্যালয়খনৰ ছাত্ৰ–ছাত্ৰীসকলে পৰিৱেশন কৰা লোকসংগীত, লোকনৃত্য, আধুনিক নৃত্য-গীতে আজিৰ অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি তথা অভিভাৱক সমাজক আপ্লুত কৰি তোলে।

কামৰূপ জিলা অসমীয়া বেপ্টিষ্ট সভাৰ মিছন সম্পাদক যতীন ৰংহাঙে সন্মানীয় অতিথিৰূপে উপস্থিত থাকি ছাত্ৰ–ছাত্ৰীসকলৰ প্ৰতি উদগণিমূলক ভাষণ প্ৰদান কৰে। লগতে অভিভাৱক সকলকো বিভিন্ন ধৰণে দিহা পৰামৰ্শ আগবঢ়ায়। ছাত্ৰ–ছাত্ৰীসকলক বিকাশ কৰি তুলিবলৈ পঢ়া–শুনাৰ লগতে খেল–ধেমালি, নাচ–গান, শৰীৰ চৰ্চা আদি বিষয়তো আগ্ৰহী কৰি তুলিব লাগিব। অনুষ্ঠানত উপস্থিত থকা স্থানীয় সমাজকৰ্মী হৰিচৰণ গোৱালাই কয়– ইডেন একাডেমীয়ে আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মাশালাই শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ সম্বন্ধ নিবিড় কৰি তুলিব। এই কৰ্মশালাই ছাত্ৰ–ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশ হোৱাত সহায়ক হ’ব বুলিও তেওঁ কয়।

বিদ্যালয়খনৰ সঞ্চালক নিপন চন্দ্ৰ ৰাভাই কয় যে– প্ৰতিগৰাকী সন্তানক আগুৱাই নিবলৈ হ’লে পিতৃ–মাতৃৰ লগত সন্তানৰ নিবিৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব। তেওঁ কয়– প্ৰতিগৰাকী সন্তান এডাল গছপুলিৰ দৰে। প্ৰতিগৰাকী সন্তানক উপযুক্ত পৰিৱেশ প্ৰদান কৰিব পাৰিলে নিশ্চয় তেওঁলোকৰ পৰা ভাল ফলাফল লাভ কৰিবপৰা যাব। আজিৰ বহু পিতৃ–মাতৃয়ে সন্তানক সময় নিদিয়ে। তদুপৰি অত্যাধিক মোবাইল ব্যৱহাৰে ছাত্ৰ–ছাত্ৰীৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ কমাই অনা বুলিও আক্ষেপ প্ৰকাশ কৰে। শেষত তেওঁ প্ৰতিগৰাকী অভিভাৱকক বিদ্যালয়ৰ চৌহদত একোডাল গছপুলি ৰোপণ কৰিবৰ বাবে আহ্বান জনায়। অনাগত দিন সমূহতো এনেধৰণৰ অনুষ্ঠান আয়োজন কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward