Thursday, June 13, 2024
HomeARTICLEগণতন্ত্ৰৰ ভেটি

গণতন্ত্ৰৰ ভেটি

প্ৰকাশিত তাৰিখঃ ২৭ নৱেম্বৰ, ২০২৩

কল্প ৰঞ্জন গগৈ –

উত্তৰ উত্তৰ আধুনিক যুগত ব্ৰিটিছ ঔপনিবেশবাদে এৰি থৈ যোৱা চাৰে সাতটা দশকৰ পিছত ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ স্বৰূপ স্পষ্ট হৈ পৰিছে। আমাৰেই এজনী ভনী মণিপুৰৰ চিত্ৰাংগদা বব্ৰুবাহনৰ দেশত য’ত কৌৰৱৰ ঠাল পাণ্ডৱৰ যজ্ঞৰ ঘোঁৰা ধৰি বান্ধি থোৱা হৈছিল। এসময়ৰ তথাকথিত সন্ত্ৰাসবাদীৰ ভূমিত আজি গণতন্ত্ৰবাদী সকলৰ তীব্ৰ অন্তৰ্দ্বন্দ। খণ্ডিত খণ্ডিত মানুহৰ মাজত যুঁজ।

খেনোৱে কয়– চিভিল ৱাৰ, অসামৰিক যুদ্ধ, কিন্তু সি প্ৰকৃততে সংকীৰ্ণ ৰাজনৈতিক আদৰ্শৰ মাজত সংঘাত যাৰ অন্তিম পৰিণতি (End Result) মহাভাৰতৰ মহাযুদ্ধৰ দৰে মহাশূন্য। শ্ৰীকৃষ্ঞৰ নিৰ্দেশত অৰ্জুনে শ্ৰীকৃষ্ঞই মৰাশ কৰি ৰখা তেওঁলোকৰ পিতামহৰ বাহিনীৰ বিৰুদ্ধে এক অৰ্থবিহীন বিফল যুদ্ধ। সেয়ে হয়তো ভাৰতবৰ্ষৰ শাসককূল আজি নিমাত। ব্ৰিটিছে দি যোৱা স্বাধীনতাৰ অন্তিম পৰিণতি যাক প্ৰশ্ন কৰিছিল ধীমানসকলে, বিভিন্ন সময়ত, ভিন্ন ৰূপত। মৃত্যুঞ্জয়ত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে, কলাগুৰু বিষ্ঞু ৰাভা সকলে। সেই দুখতে মহাত্মাই প্ৰথম স্বাধীনতা দিৱসত উপস্থিত নাছিল। সেই বাবেই দেশৰ সংবিধানখন সম্পূৰ্ণ হোৱাৰ আগেয়ে জাতিৰ পিতাজনক চিৰবিদায় দিয়া হ’ল।

বুৰঞ্জী মচিবলৈ যিমানে চেষ্টা নকৰক কিয় দেশৰ নতুন প্ৰজন্মই প্ৰশ্ন কৰিছে, ১৯৩৪ চনতে স্বাধীন ভাৰতৰ সংবিধান ৰচনা কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা মানৱেন্দ্ৰনাথ ৰায়ৰ কথা। ১৯৩৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত জৱাহৰলাল নেহেৰুৰ পৌৰহিত্যত গৃহীত এই প্ৰস্তাৱৰ ফলশ্ৰুতি সংবিধানখন ক’লৈ গ’ল। এই নতুন প্ৰজন্মৰ বুদ্ধিজীৱিসকলেই দেশৰ ভৱিষ্যতক নতুন ৰূপ দিব, গণতন্ত্ৰৰ ভেটি সৱল কৰি।

আমাৰ বৰ্তমানৰ সংবিধানখনৰ লগতে স্বাধীনতাৰ পিছতো থাকি যোৱা ঔপনিৱেশিক যুগৰ আইনবোৰৰ নৱীকৰণ আৰু সংশোধন নকৰালৈকে এই দুখলগা সংঘাতবোৰৰ অন্ত নপৰে।

১৭৫৭ চনৰ পলাশীৰ পিছৰপৰা ১৮৫৭ চনৰ মহাবিদ্ৰোহ, মহাজাগৰণলৈকে এটা স্তৰ আৰু তাৰ পৰা ১৯৪৭ চনলৈকে আন এটা স্তৰ আৰু তাৰ পৰা আজি ২০২৩লৈকে এই স্তৰবোৰৰ বিজ্ঞানসন্মত বস্তুনিষ্ঠ বিশ্লেষণ জৰুৰী। কুৰি শতিকাৰ সত্তৰ দশকৰ পিছত দেশৰ মুক্তি সংগ্ৰামত অংশ লোৱা নেতা নাই। মুক্তি যোদ্ধাসকল হয় মৃত নহয় শয্যাগত। উত্তৰসুৰীৰ লগতে পৰিয়ালবোৰ ছেদেলি–ভেদেলি।

মোৰ ককাদেউতা ৰতিৰাম গগৈ বৰ্তমানৰ কলিয়াবৰৰ হাটবোৰ বৰিগাঁৱৰ কংগ্ৰেছৰ সভাপতি আছিল। দেউতাৰ জন্ম ১৯২৪ চনত। ২০১৮ চনৰ জানুৱাৰী মাহত আমাক এৰি থৈ গ’ল। তেওঁ শান্তিসেনা আৰু মৃত্যু বাহিনীৰ সদস্য আছিল। আজি আমাৰ কোনো স্থাৱৰ সম্পদ নাই। ককাদেউতাৰ ভেটি নাই, সেয়ে নাতি সকলৰো অৱস্থা একেই। এয়া এক উদাহৰণ, দেশৰ স্বাধীনতা সংগ্ৰামত সৰ্বচ্চ হেৰুৱা মুক্তিযোদ্ধা সকলৰ। স্বাধীন ভাৰতত এইসকলৰ অৱস্থা কেনেধৰণৰ তাক বুজিবলৈ হ’লে দেশে জ্যোতি–বিষ্ঞুৰ আদৰ্শেৰে আগবাঢ়িব লাগিব। বৰ্তমানৰ হত্যা–আত্মহত্যাৰ চক্ৰবেহুত সোমাই থকা দেশখনৰ ৰাজনীতি–অৰ্থনীতি–সংস্কৃতিক মুক্ত কৰিবলৈ এয়েই উপায়।

গণতন্ত্ৰৰ ভেটি সৱল কৰিবলৈ বিষ্ঞু ৰাভাই কৈ যোৱা কৃষক–শ্ৰমিকৰ আৰ্থ–ৰাজনৈতিক ভেটি সৱল কৰাৰ বাদে উপায় নাই।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward