Sunday, April 28, 2024
HomeNEWSচানডুবি উৎসৱৰ লাইখুঁটা স্থাপন

চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন

প্ৰকাশিত তাৰিখঃ ২০ নৱেম্বৰ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

বিভিন্ন জাতি, জনগোষ্ঠীৰ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে প্ৰতিটো বৰ্ষৰ পহিলা জানুৱাৰীৰপৰা পাঁচ দিনীয়াকৈ আৰম্ভ হোৱা চানডুবি উৎসৱ এই বৰ্ষতো উদ্‌যাপন কৰিব। অহা ২০২৪বৰ্ষৰ পহিলা জানুৱাৰীৰপৰা পাঁচদিনীয়া কাৰ্যসূচীৰে বিলৰ বাকৰিত উদ্‌যাপন কৰিব চতুৰ্দশ বাৰ্ষিক চানডুবি উৎসৱ।  আগন্তুক ২০২৪ বৰ্ষৰ চানডুবি উৎসৱৰ লাইখুঁটা ১৯ নৱেম্বৰত বিলৰ বাকৰিত স্থাপন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া তথা চানডুবি উদ্‌যাপন সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি দেৱজিৎ নাফাই। এই উপলক্ষে চানডুবি উৎসৱ উদ্‌যাপন সমিতিয়ে বিলৰ বাকৰিত এক মাংগলিক অনুষ্ঠানৰ আয়োজন কৰে। বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা তথা উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি ৰাভাই আঁত ধৰা শুভ অনুষ্ঠানটোত নিমন্ত্ৰিত ব্যক্তি সকলক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে ৰাভাসকলৰ মুখ্য দেৱতা লাঙা বুঢ়ালৈ জনজাতীয় প্ৰথাৰে নৈবদ্য আগবঢ়োৱাৰ পিছত মাংগলিক পৰ্বৰে উপস্থিতি ৰাইজৰ হৰিধ্বনিৰে চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কৰে। ইয়াৰ পিছত ৰাজাপাৰা বিষ্ঞু–জ্যোতি যুৱ সংঘৰ শিল্পীসকলে বগেজাৰী নৃত্যৰে বিলৰ বাকৰি উৎসৱ মুখৰ কৰি তোলে।

লাইখুঁটা স্থাপন কৰি দিয়া ভাষণ প্ৰসংগত দেৱজিৎ নাফাই কয় যে– ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ ঐতিহাসিক চানডুবি বিলৰ জৈৱ–বৈচিত্ৰ সংৰক্ষণ কামনাৰে বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰৰ উদ্যোগত বিগত ২০১০ বৰ্ষৰপৰা চানডুবি উৎসৱ উদ্‌যাপন কৰি আহিছে। অতি তাৎপৰ্যপূৰ্ণ কথা যে, বিশ্বত প্ৰকৃতি বিষয়ক সংৰক্ষণ কামনাৰে কেৱল নৃগোষ্ঠীয় লোকসকলৰ মাজতহে এনেধৰণৰ উৎসৱ

উদ্‌যাপন কৰা দেখা যায়। চানডুবি উৎসৱ এটা অঞ্চলৰ নৃগোষ্ঠীয় লোকসকলে উদ্‌যাপন কৰি আহিছে, যদিও ই এটা বিশ্বমানৰ উৎসৱ। আহি থকা দিনবোৰত চানডুবি উৎসৱেও বিশ্বমানৰ স্বীকৃতি আৰু সমাদৰ লাভ কৰক। আগন্তুক চানডুবি উৎসৱত সকলোৰে সহায়–সহযোগিতা কামনা কৰে তেওঁ।

অনুষ্ঠানটোত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰশ্মিবালা ৰাভা, সাধাৰণ সদস্য দিলীপ কুমাৰ ৰাভা, ছয়ানী–বৰদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা তনুজা ৰাভা লগতে বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা সাহিত্য সভা, ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা মহিলা পৰিষদ, সদৌ ৰাভা কৃষ্টি সন্মিলনৰ বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক সমিতি লগতে জাতীয় সংগঠনৰ বিভিন্ন বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।

ফটোঃ প্ৰভাত ৰাভা
Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward