Saturday, April 20, 2024
Homeবাতৰিগুৱাহাটীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ভূটানৰ বাণিজ্যিক দূতাবাস

গুৱাহাটীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ভূটানৰ বাণিজ্যিক দূতাবাস

প্ৰকাশিত তাৰিখঃ ৫ ফেব্ৰুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

চুবুৰীয়া বৈদেশিক ৰাষ্ট্ৰ ভূটানে যোৱা ২ ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে বাণিজ্যিক দূতাবাসৰ কাৰ্যালয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভূটানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী লিঅনপো দামচ দৰ্জীয়ে যুটীয়াভাৱে উদ্বোধন কৰে।

উদ্বোধনী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়– বাণিজ্যিক দূতাবাস কাৰ্যালয় মুকলিৰ জৰিয়তে ভূটান আৰু উত্তৰ–পূৰ্বাঞ্চলৰ মাজত বন্ধুত্বৰ এনাজৰীডাল সুদৃঢ় হোৱাৰ সমান্তৰালকৈ অঞ্চলটোৰ  ব্যৱসায়ী, পৰ্যটক, তীৰ্থযাত্ৰী আৰু ছাত্ৰ–ছাত্ৰীসকল উপকৃত হ’ব। ভূটানৰ প্ৰধানমন্ত্ৰী চেৰিং টবগে’ক ‘এডভাণ্টেজ আসাম’ শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনত অংশ গ্ৰহণৰ বাবে ভাৰতে জনোৱা নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰি ভাৰত–ভূটানে দ্বিপাক্ষিক সম্পৰ্কত সুকীয়া স্থান দখল কৰা বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে ভাৰত–ভূটান–ছিংগাপুৰৰ মাজত পোনপোটীয়া বিমানসেৱা ঘোষণাৰ বাবে ভূটানৰ প্ৰধানমন্ত্ৰী চেৰিং টবগে, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী দামচ দৰ্জীক ধন্যবাদ জ্ঞাপন কৰি ‘ইষ্ট এক্ট পলিচি’ ৰূপায়নৰ ক্ষেত্ৰত আন্তঃমাণ্ডলিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি উল্লেখ কৰে।

ইপিনে ভূটানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী দামচ দৰ্জীয়ে উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কালত কয়– এই বাণিজ্যিক দূতাবাস মুকলি হোৱাৰ ফলত অসম আৰু ভূটানৰ মাজত আৰ্থ–সামাজিক, সাংস্কৃতিক সম্বন্ধ অধিক সুদৃঢ় হ’ব বুলি দোহাৰে। ভাৰত, ভূটান আৰু ছিংগাপুৰৰ মাজত পোনপোটীয়া বিমান সেৱা ঘোষণাই দেশ কেইখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কই অধিক মাত্ৰা প্ৰদান কৰিব বুলি প্ৰকাশ কৰে।

উক্ত উদ্বোধনী অনুষ্ঠানত বৈদেশিক ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী লেকে দৰ্জী, অসম বিধান সভাৰ উপাধ্যক্ষ দিলীপ কুমাৰ পাল, শ্ৰম বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱলোচন দাস, মুখ্য সচিব ভি, কে, পিপাৰচেনীয়া আৰু বিভাগীয় বিষয়া–কৰ্মচাৰীসকল উপস্থিত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward