Thursday, March 28, 2024
Homeবাতৰিভাৰত–বাংলাদেশ সীমান্ত ছীল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ দৃঢ় সংকল্পবদ্ধ

ভাৰত–বাংলাদেশ সীমান্ত ছীল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ দৃঢ় সংকল্পবদ্ধ

প্ৰকাশিত তাৰিখঃ ৫ ফেব্ৰুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

ভাৰত–বাংলাদেশ সীমান্ত ছীল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ দৃঢ় সংকল্পবদ্ধ। উক্ত সীমান্ত এলেকা ছীলৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সীমান্তত কাঁটাতাঁৰৰ বেৰ নিৰ্মাণৰ গতি পূৰ্বতকৈ দ্ৰুতভাৱে বাঢ়িছে। ২০১৮ চনৰ ডিচেম্বৰৰ পৰা ২০১৯ চনৰ প্ৰথম ভাগত এই কাম সমাধা কৰা হ’ব। এই তাৎপৰ্যপূৰ্ণ মন্তব্য কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰকাশ কৰিছে।  

উল্লেখযোগ্য যে, দেশ দুয়োখনৰ মাজত বিস্তৃত হৈ থকা ৪,০৯৬ কিলোমিটাৰ দৈৰ্ঘ সীমান্তৰ ১,৩৬৫ কিলোমিটাৰ এলেকা এই পৰ্যন্ত উন্মুক্ত হৈয়েই আছে। তাৰ ভিতৰত ৭৭০ কিলোমিটাৰ নদী এলেকা আছে য’ত কাঁটাতাঁৰৰ বেৰ দিয়া অসম্ভৱ। তদুপৰি অনুমোদিত ৫৯৫ কিলোমিটাৰ এলেকাতো এই পৰ্যন্ত কাঁটাতাঁৰৰ বেৰ দিয়া হোৱা নাই।

কেন্দ্ৰীয় চৰকাৰে সীমান্তৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ সীমান্তৰক্ষীৰ সংখ্যা বঢ়োৱাৰ সিদ্ধান্ত লৈছে। অতিসোণকালে ছয় হাজাৰ সীমান্ত নিৰাপত্তাৰক্ষী নিযুক্তি দিয়াৰ লগতে এই নৱনিযুক্ত সীমান্ত নিৰাপত্তাৰক্ষীসকলক অসম আৰু পশ্চিম বংগ সীমান্তত বিশেষভাৱে মোতায়েন কৰা হ’ব বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় মন্ত্ৰীজনে পুনৰ প্ৰকাশ কৰে যে, সীমান্তৰ কাঁটাতাঁৰৰ বেৰ দিব নোৱাৰা এলেকাসমূহ ছীল কৰিবলৈ অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগ কৰা হ’ব। নদী এলেকাত পহৰা দিয়া নিৰাপত্তাৰক্ষীসকলৰ হাতত অত্যাধুনিক প্ৰযুক্তিৰ যন্ত্ৰপাতি প্ৰদান কৰিব য’ত শত্ৰুৰ উমান সহজে ধৰা পৰিব। অসম–বাংলাদেশ সীমান্তৰ নদী এলেকাৰ পহৰা সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ ১৮খন স্পীদ ব’ট ক্ৰয় কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward