Saturday, April 20, 2024
Homeবাতৰি‘চানডুবি নিউজ’ অসমীয়া অনলাইন নিউজ মেগাজিনখনে দুটা বছৰ অতিক্ৰম কৰিলে

‘চানডুবি নিউজ’ অসমীয়া অনলাইন নিউজ মেগাজিনখনে দুটা বছৰ অতিক্ৰম কৰিলে

চাওঁতে চাওঁতে আমাৰ চানডুবি নিউজ ডট কম (www.chandubinews.com) অসমীয়া অনলাইন নিউজ মেগাজিনখনে আজি দুটা বছৰ অতিক্ৰম কৰিলে। এটি সৰু গোটৰ দ্বাৰা প্ৰকাশিত আৰু পৰিচালিত মেগাজিনখন   ২০১৬ চনৰ ১৫ জানুৱাৰী তাৰিখত পঢ়ুৱৈ সমাজলৈ উচৰ্গা কৰা হৈছিল। ইয়াত প্ৰকাশক আৰু সম্পাদকৰ বাহিৰে বাকীবোৰ সদস্য সংবাদ জগতত নতুনকৈ জড়িত হোৱা কিন্তু তেওঁলোকৰ কৰ্মস্পৃহা অধিক। সিহঁতৰ আশাশুধীয়া প্ৰচেষ্টাত মেগাজিনখনে ঠন ধৰি উঠা বুলি ক’লেও বঢ়াই কোৱা নহয়।

আমি, বিগত দিনবোৰত কৰি অহা ভুল আৰু সেই ভুলবোৰ আঙুলিয়াই দিয়া বাবে পঢ়ুৱৈ সমাজৰ ওচৰত চিৰকৃতজ্ঞ। মেগাজিনখনত প্ৰকাশিত বা–বাতৰিবোৰ অধিক প্ৰচাৰ কৰা ছ’চিয়েল মিডিয়া গ্ৰুপ/ ব্যক্তি আৰু সমূহ পঢ়ুৱৈ সমাজ, শুভাকাংশীক ধন্যবাদ জ্ঞাপন কৰিছো। আমি আশা ৰাখিছো অনাগত দিনবোৰতো আপোনালোকৰ পৰা সঁহাৰি পাম।  

সমাজৰ বিজ্ঞ লোকসকলে এষাৰ কোৱা কথা মনত ৰাখিছো ‘কষ্টৰ ফল সদায় মিঠা’। এই নিউজ মেগাজিনখন আমাৰ বহু কষ্টৰ ফল। পাৰ হৈ যোৱা দিনবোৰৰ দৰে আহি থকা দিনবোৰতো যাতে মেগাজিনখন প্ৰকাশৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰো, আশীৰ্বাদ কামনা কৰিছো আপোনালোকৰ পৰা। এই ছেগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোলৈকে।

 

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

প্ৰতিষ্ঠাপক/ প্ৰকাশক

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward