Saturday, April 20, 2024
Homeবাতৰিঅসম চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই

অসম চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

বিগত তিনিটা দশকত অসমত হত্যাৰ বলি হোৱা অথবা নিৰুদ্দেশ হোৱা সাংবাদিকসকলৰ ৩২ টা গোচৰৰ তদন্ত প্ৰক্ৰিয়া পলম হোৱা বুলি অভিযোগ উত্থাপ কৰিছে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই (পি চি আই)। উক্ত অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা এক প্ৰতিবেদন বিচাৰিছে প্ৰেছ কাউন্সিলে।

অলপতে অসম চৰকাৰে হত্যাৰ বলি হোৱা অথবা নিৰুদ্দেশ হোৱা সাংবাদিক পৰিয়ালসকলক ৫লাখকৈ টকা এককালীন সাহায্য আগবঢ়াইছিল। এই সাহায্য প্ৰদানৰ পিচতেই প্ৰেছ কাউন্সিলে এনে পদক্ষেপ লোৱা পৰিলক্ষিত হয়।

ৰাজ্য চৰকাৰৰ তদন্ত প্ৰক্ৰিয়া অতি লেহেমীয়া হোৱা বাতৰিয়ে প্ৰেছ কাউন্সিলক উদ্বিগ্ন কৰি তুলিছে। সেয়ে কাউন্সিলৰ অধ্যক্ষ চন্দ্ৰমৌলি কুমাৰ প্ৰসাদে বিষয়টো নিজাববীয়াকৈ গ্ৰহণ কৰা বুলি প্ৰকাশ। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবৰ পৰা উক্ত গোচৰবোৰৰ সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে। লগতে ২০১৫ চনত কাউন্সিলে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা সাংবাদিকসকলৰ সুৰক্ষা সম্পৰ্কীয় সমিতিখনৰ পৰামৰ্শাৱলীৰ ভিত্তিত কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয় সন্দৰ্ভতো এখন প্ৰতিবেদন দাখিল কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবৰ প্ৰতি নিৰ্দেশ দিছে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward