Wednesday, April 24, 2024
Homeবাতৰিতিনি দশকত অসমৰ ৩১০০ বৰ্গকিলোমিটাৰ বনাঞ্চল ধ্বংস

তিনি দশকত অসমৰ ৩১০০ বৰ্গকিলোমিটাৰ বনাঞ্চল ধ্বংস

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

বৰ্তমান অসমত এচাম অসাধু লোকে বনাঞ্চল ধ্বংসৰ এক অঘোষিত প্ৰতিযোগিতা পাতিছে। এই অসাধু চামৰ হাতত বিগত তিনিটা দশকৰ ভিতৰত ৰাজ্যখনৰ ৩১০০ বৰ্গকিলোমিটাৰ বনাঞ্চল ধ্বংস হ’ল।

ৰাজ্যখনত যি হাৰত বনাঞ্চল ধ্বংস কাৰ্য চলি আছে প্ৰায় সমহাৰত বেদখলো চলি আছে। গছ–গছনি কাটি উদং কৰাৰ পিচত সেইবোৰ অঞ্চলত বেদখলল চলে। এই বেদখলকাৰীৰ কবলত ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে বনাঞ্চল এলেকা। ৰাজ্যবাসীৰ বাবে এয়া শুভ লক্ষণ নহয়।

এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰেৰ এক প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদনৰ মতে, ৰাজ্যৰ মুঠ মাটিকালি ৭৮৪৩৮ বৰ্গ কিলোমিটাৰ কিন্তু হ্ৰাস পাই ইয়াৰ পৰিমাণ হ’লগৈ ২৭৬১০ বৰ্গকিলোমিটাৰ। ১৯৮৭ চনত ৰাজ্যৰ মুঠ মাটিকালিৰ ভিতৰত ৪০শতাংশ বনাঞ্চল এলেকা আছিল যদিও এতিয়া ৩৫শতাংশলৈ হ্ৰাস পাইছে। ২০০৯ চনত ৰাজ্যত ১৪৬১ বৰ্গকিলোমিটাৰ ঘন জংঘলৰ বিপৰীতে বৰ্তমান এই পৰিমাণ ১৪৪০ বৰ্গকিলোমিটাৰলৈ অৱনমিত হ’ল।

বন ধ্বংসৰ অবাধ গতিৰ ৰূপ দেখি দেশৰ প্ৰকৃতি সংক্ষণৰ হকে কামকৰা সংগঠনবোৰে দুই দশকৰ ভিতৰত অসম এখন মৰুভূমি সদৃশ ৰাজ্য হৈ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে। এতিয়া ৰাজ্যৰ তাপমাত্ৰা ৪০ ডিগ্ৰীৰ পৰা ৬ ডিগ্ৰীলৈ প্ৰসাৰিত হৈছে। এয়া পৰিবেশ পৰিৱৰ্তনৰে ইংগিত।

সম্প্ৰতি এচাম অসাধুই বন ধ্বংস আৰু বেদখল এক বাণিজ্যিক পেছাত পৰিণত কৰি লৈছে। সিহঁতৰ বিৰুদ্ধে পদক্ষেপ ল’লেই ষড়যন্ত্ৰৰে সকলোবোৰ ব্যৰ্থ কৰি দিয়ে। তেওঁলোকৰ ষড়যন্ত্ৰক প্ৰতিহত কৰি বনাঞ্চল ধ্বংস আৰু বেদখল ৰোধ কৰিব পৰা নগ’লে ভৱিষ্যতৰ প্ৰাকৃতিক পৰিবেশ বসবাসৰ উপযোগী হৈ নাথাকিব। কিয়নো এতিয়া ৰাজ্যত সুৰক্ষিত বনাঞ্চলৰ পৰিমাণ ১৭ শতাংশৰো তলত।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward