হামৰিনস্থিত পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয়ত খালী হোৱা পদ পূৰণৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে অহা ২৫ জানুৱাৰী বা তাৰ আগতে আবেদন কৰিব লাগিব।
খালী হোৱা পদৰ সবিশেষ
পদৰ নামঃ জুনিয়ৰ এছিছটেণ্ট
পদৰ সংখ্যাঃ ৩টা
বয়সৰ পৰিসীমাঃ ১৮–৪৩ বছৰ (০১–০১–২০১৮)। চৰকাৰী বিধি অনুসৰি এছ চি/ এছ টি আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীয়ে বয়সৰ সীমা ৰেহাই পোৱাৰ ব্যৱস্থা।
শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰীধাৰীৰ লগতে কম্পিউটাৰত দক্ষতা থাকিব লাগিব।
প্ৰাৰ্থীয়ে লিখিত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
আবেদন পত্ৰৰ লগত দুকপি ৰঙীণ ফটো, পাঁচ টকাৰ ডাক টিকট লগোৱা নিজৰ নাম ঠিকনা থকা ১০ x ২২ ছেণ্টিমিটাৰ জোখৰ এটা লেফাফা আবেদন সৈতে গাঠি দিব লাগিব।
আবেদন মাচুলঃ
সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৫০০ টকা
এছ চি/ এছ টি/ অবিচি প্ৰাৰ্থীৰ বাবে ২৫০ টকা
বিপিএল প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে
আবেদন মাচুল এই শিতানত জমা দিব লাগিব
Head of Account “0070–others Administrative Service”।
আবেদন পঠিওৱাৰ ঠিকনা
জিলা উপায়ুক্তৰ কাৰ্যালয়
পশ্চিম কাৰ্বি আংলং জিলা, হামৰেন