Friday, April 26, 2024
HomeUncategorizedদক্ষিণ কামৰূপ বাছ মালিক সন্থাৰ নৱনিৰ্মিত ভৱন উদ্বোধন

দক্ষিণ কামৰূপ বাছ মালিক সন্থাৰ নৱনিৰ্মিত ভৱন উদ্বোধন

প্ৰকাশিত তাৰিখঃ ২৭ নৱেম্বৰ, ২০২১

অগ্ৰণী সংবাদ

চি এন ডেস্ক –

দক্ষিণ কামৰূপ বাছ মালিক সন্থাৰ ১৯৬৫ চনতে জন্ম হৈছিল। বিজয় নগৰত স্থায়ী কাৰ্যালয় থকা সন্থাটোৰ নৱ নিৰ্মিত ভৱন ২৭ নৱেম্বৰত উদ্বোধন কৰে। বাছ মালিক তথা সন্থাৰ জ্যেষ্ঠ বিষয়া গোবিন্দ কলিতাৰ দ্বাৰা এই ভৱন উদ্বোধন কৰোৱা হয়। মাংগলিক কাৰ্যসূচীৰে আয়োজন কৰা উদ্বোধনী অনুস্থানত সন্থাৰ সভাপতি মঃ ৰোচন আলী, সম্পাদক প্ৰদীপ গোস্বামী, নাগৰিক সমিতিৰ সম্পাদক তথা বাছ মালিক অঞ্জন গোস্বামী, লক্ষীকান্ত গোস্বামী, তাপস শৰ্মাকে আদি কৰি বহু সংখ্যক সদস্য লগতে বিশিষ্ট্য ব্যক্তি নাৰায়ণ চৌধুৰীয়ে অংশ গ্ৰহণ কৰে।

দুপৰীয়া বাছ মালিক সন্থাৰ সভাপতি মঃ ৰোচন আলিৰ পৌৰোহিত্যত এখন আলোচনা সভাৰ আয়োজন কৰা হয়। উক্ত আলোচনা সভাতে বাছ মালিক সন্থাৰ বয়োজ্যেষ্ঠ সদস্যসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সভাত বছৰেকীয়া হিচাপ–নিকাচৰ খতিয়ান দাখিল কৰাৰ পাছত বিভিন্ন সদসই আগবঢ়ায় আৰু সন্থাৰ ভৱিষ্যত উন্নতি কামনা কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward