Thursday, April 25, 2024
HomeNEWSপামহী আঞ্চলিক ৰাস উৎসৱত গ্ৰন্থ উন্মোচনী সভা

পামহী আঞ্চলিক ৰাস উৎসৱত গ্ৰন্থ উন্মোচনী সভা

  • প্ৰকাশিত তাৰিখঃ ৯ নৱেম্বৰ,২০২২

 চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটীৰ মইনাখোৰোঙত অৱস্থিত স্বৰ্গীয় পদ্মৰাম ভৰাঁলী খেলপথাৰত অনুস্থিত হৈ থকা ২৩সংখ্যক পামহী আঞ্চলিক ৰাস উৎসৱৰ ৮নৱেশ্বৰৰ নিশা এক গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। গোবিন্দ চন্দ্ৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট লেখক দয়াৰাম কাথাৰ প্ৰণীত দুখনকৈ গ্ৰন্থ ‘শ্ৰীমদ্ভাগৱতৰ নিৰ্বাচিত উপাখ্যান’ উন্মোচন কৰে চকৰ্দো প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক সুগ্ৰীৱ বে’ আৰু অন্য এখন গ্ৰন্থ কাৰ্বি লামথে আজিৰ আফান্দাৰ (কাৰ্বি শব্দ অৰ্থৰ ভৰাঁল) উন্মোচন কৰে বৃহত্তৰ গুৱাহাটী কাৰ্বি মহিলা সমাজৰ সচিব প্ৰধান ববিতা ৰাণী টেৰনপীয়ে।

গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট লেখিকা তথা বৃহত্তৰ গুৱাহাটী কাৰ্বি মহিলা সমাজৰ সভানেত্ৰী সৰলা বৰদলৈ কাথাৰ আৰু সমাজ সেৱক বলেশ্বৰ ৰংপীয়ে উপস্থিত থাকে।

উক্ত সভাৰ সভাপতি সমন্বিতে মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ক্ৰমে– চুইটী বড়ো, পাৰবিনা বড়ো আৰু ইৰাণী চিৰিং কাথাৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward