Friday, March 29, 2024
HomeNEWSসাদিনীয়া কাৰ্যসূচীৰে ২৩সংখ্যক পামহী আঞ্চলিক ৰাস উৎসৱৰ আয়োজন

সাদিনীয়া কাৰ্যসূচীৰে ২৩সংখ্যক পামহী আঞ্চলিক ৰাস উৎসৱৰ আয়োজন

প্ৰকাশিত তাৰিখঃ ৮ নৱেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটীৰ দক্ষিণ প্ৰান্তৰ পামহীৰ শ্ৰীশ্ৰীকৃষ্ঞ গীতা মন্দিৰ প্ৰাংগনত ৭ৰ পৰা ১৩ নৱেম্বৰলৈ সাদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ২৩সংখ্যক পামহী আঞ্চলিক ৰাস উৎসৱ। ৰাস উৎসৱত উপলক্ষে স্থাপন কৰা মৃণ্ময় মূৰ্তি সমূহ বিজুলি আলোকেৰে সজাই–পৰাই তুলিছে। লগতে উৎসৱস্থলীৰ চৌহদত থকা পৰম্পৰাগত খাদ্য আৰু অন্যান্য সা–সামগ্ৰীৰ বিপণীৰ গৰাকীয়ে গ্ৰাহকক আকৰ্ষিত কৰিবপৰাকৈ সজাই তোলা দেখা গৈছে।

ৰাস উৎসৱৰ প্ৰথম দিনটোৰ ৰাতিপুৱা শ্ৰীশ্ৰীবংশী গোপাল মন্দিৰৰ পৰা ৰাসস্থলীলৈ আয়োজন কৰা শোভাযাত্ৰাত বৃহত্তৰ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰে। দিনৰ ১১ বজাত ৰাস উৎসৱৰ দ্বাৰ মুকলি কৰে সমাজসেৱক উৎপল কুমাৰ দাসে। ইয়াৰ পিছত স্মৃতি তৰ্পন কৰে দয়াৰাম কাথাৰ আৰু গোবিন্দ বড়োই। বিয়লি ৰাস মণ্ডপ উদ্বোধন কৰে সমাজসেৱক বলেশ্বৰ ৰংপিয়ে। ৰাস মণ্ডপ উদ্বোধনৰ পিছতে গীতা পাঠ আৰু আয়তীসকলৰ নাম প্ৰসংগ আৰম্ভ হয়।  

উল্লেখনীয় যে, ৰাস উৎসৱত জনজাতীয় সমাজত দৈনন্দিন ব্যৱহাৰ হৈ অহা পৰম্পৰাগত সা–সামগ্ৰীসমূহৰো এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে।

ৰাস উৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি দীপক বড়ো, সম্পাদকদ্বয় ক্ৰমে– জয়ন্ত টুমুং, পুনাল বড়োৱে জনোৱা মতে– বাকী দিনকেইটাৰ দৈনিক কাৰ্যসূচীত ৰাতিপুৱা পুজা পাঠৰ পিছত দুপৰীয়া গীতা পাঠ আৰু নামতীৰ নাম প্ৰসংগ পৰিবেশন কৰা হ’ব।

ৰাস উৎসৱৰ বিভিন্ন কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া, গড়চুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ সিং হাজাৰী, যান–বাহন শাখাৰ দায়িত্বপ্ৰাপ্ত বিষয়া মুকুট বৈশ্য, ৩৩নং আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে উপস্থিত থাকিব বুলি উদ্‌যাপন সমিতিয়ে জনাইছে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward