Friday, March 29, 2024
HomeUncategorizedপ্ৰেছ বিবৃতি

প্ৰেছ বিবৃতি

প্ৰকাশিত তাৰিখঃ ২২ নৱেম্বৰ, ২০২১

প্ৰগতিশীল লেখক শ্ৰীযুত অনন্ত কলিতাদেৱলৈ এইবছৰৰ  ‘ইছমাইল হোছেইন (জেষ্ঠ্য) সোৱৰণী সম্প্ৰীতি সন্মান’ আৰু সুলেখক কেৰামত আলী শ্বেখলৈওমৰ আলী সোৱৰণী ভাষা সন্মান

চৰ–চাপৰি সাহিত্য পৰিষদ, অসমে সু–সাহিত্যিক, অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সাঁকোৰূপে কাম কৰা ইছমাইল হোছেইন (জেষ্ঠ্য) দেৱৰ সোঁৱৰণত প্ৰতিবছৰে ‘ইছমাইল হোছেইন (জেষ্ঠ্য)সম্প্ৰীতি সন্মান’ একোগৰাকী প্ৰথিতযশা সাহিত্যিক–চিন্তাবিদলৈ আগবঢ়াই আহিছে। ইতিমধ্যে এই সন্মান মধ্যপ্ৰদেশৰ প্ৰখ্যাত লেখক, সাংবাদিক শ্ৰীলজ্জাশৰণ হাৰ্ডেনিয়া অসমৰ বিশিষ্ট চিন্তাবিদ ডহীৰেণ গোহাঁই, সুলেখক হোমেন বৰগোহাঞি, সাংবাদিক শ্ৰীঅজিত কুমাৰ ভূঞা, উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰখ্যাত সমাজতত্ত্ববিদ ড মুণিৰুল হোছেইন আৰু সমাজ সচেতন লেখক অধ্যাপক আব্দুল মান্নান চাহাবলৈ এই সন্মান আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে এই সন্মানৰ লগতে নগদ কুৰি হেজাৰ টকা, অংগবস্ৰ আদি আগবঢ়োৱা হয়। বিগত বছৰটোত কোভিড মহামাৰীজনিত পৰিস্থিতিৰ বাবে এই সন্মান প্ৰদান কৰাটো সম্ভৱ হোৱা নাছিল যদিও এইবাৰ পৰিষদে এই সন্মান প্ৰগতিশীল লেখক শ্ৰীযুত অনন্ত কলিতাদেৱলৈ আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অন্যহাতে ১৯৭২ চনৰ ৬ অক্টোবৰ তাৰিখে ভাষা জননীৰ মান ৰক্ষা কৰিবলৈ গৈ খাৰুপেটীয়াত দুৰ্বৃত্তৰ হাতত প্ৰাণ দিয়া ছহিদ ওমৰ আলীৰ সোঁৱৰণত পৰিষদে প্ৰতিবছৰে ‘ছহিদ ওমৰ আলী সোৱৰণী ভাষা সন্মান’ অসমীয়া ভাষা–সাহিত্যলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা একোগৰাকী লেখক, ভাষাতত্ত্ববিদলৈ আগবঢ়াই আহিছে। ইতিপূৰ্বে এই সন্মান সুলেখক ড দীনেশ বৈশ্য, ঔপন্যাসিক তথা ভাষাতত্ত্ববিদ অধ্যাপক অনুৰাধা শৰ্মা আৰু গোৱালপৰীয়া সংস্কৃতিৰ গৱেষক–লেখিকা কাছেমা খাতুনলৈ এই সন্মান প্ৰদান কৰা হৈছে। এইবছৰ এই সন্মান চৰ–চাপৰিৰ এগৰাকী সুলেখক কেৰামত আলী শ্বেখলৈ আগবঢ়োৱা হ’ব।

অহা ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত এই দুয়োগৰাকী মহান লেখক–চিন্তাবিদক এই সন্মান প্ৰদান কৰা হ’ব বুলি পৰিষদৰ সাধাৰণ সম্পাদক হালিম খান চৌধুৰীয়ে জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward